ETV Bharat / bharat

Banned on buffalo import: অসমৰ মাইকী ম’হ ছত্তিশগড়লৈ আমদানি কৰাত নিষেধাজ্ঞা ছত্তিশগড় উচ্চ ন্য়ায়ালয়ৰ

author img

By

Published : Mar 22, 2023, 10:48 PM IST

অসমৰ মাইকী ম’হ ছত্তিশগড়লৈ আমদানি কৰা নিষেধাজ্ঞা জাৰি ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ ৷ অসমৰ ম’হে ছত্তিশগড়ৰ ম’হৰ জিন প্ৰদূষিত কৰাৰ আশংকা প্ৰকাশ কৰি এই ৰায়দান দিছে ন্যায়ালয়ে ৷ অসমৰ পৰা মাইকী ম’হ আমদানি কৰি প্ৰজননৰ জৰিয়তে ৰাজ্যখনত বনৰীয়া ম’হৰ সংখ্যা বৃদ্ধি কৰা বাবে পদক্ষেপ গ্ৰহণ কৰি আছে ছত্তিশগড়ৰ বন বিভাগে (Chhattisgarh import buffalo from Assam) ৷

Banned on buffalo import
অসমৰ মাইকী ম’হ ছত্তিশগড়লৈ আমদানি কৰাত নিষেধাজ্ঞা ছত্তিশগড় উচ্চ ন্য়ায়ালয়ৰ

নেশ্যনেল ডেস্ক, 22 মাৰ্চ: ছত্তিশগড়লৈ অসমৰ পৰা বনৰীয়া মাইকী ম’হ আমদানিত নিষেধাজ্ঞা ৷ ছত্তিছগড় উচ্চ ন্যায়ালয়ে এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰদান কৰিছে এই ৰায়দান ৷ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অসমৰ পৰা বনৰীয়া মাইকী ম’হ আমদানি কৰিব নোৱাৰিব ছত্তিছগড়ে ৷

উল্লেখ্য যে, ছত্তিশগড়ৰ বন বিভাগে অসমৰ পৰা বনৰীয়া মাইকী ম’হ আমদানি কৰি ৰাজ্যখনত ম’হৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে ৷ অসমৰ পৰা মাইকী ম’হ আমদানি কৰি প্ৰজনন কৰোৱাইছে ছত্তিশগড়ৰ বন বিভাগে ৷ কিন্তু অসমৰ পৰা ছত্তিশগড়ে আমদানি কৰা মাইকী ম’হে ছত্তিশগড়ৰ স্থানীয় ম’হৰ বিশুদ্ধ জিন প্ৰদূষিত কৰাৰ আশংকা প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন আবেদন ৷ ছত্তিশগড়লৈ অসমৰ ম’হ আমদানী কৰা আঁচনিখনক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ত দাখিল কৰা হৈছিল এই আবেদন (Chhattisgarh import buffalo from Assam) ৷

সোমবাৰে ছত্তিশগড়ৰ বন বিভাগে অসমৰ পৰা চাৰিজনী মাইকী ম’হ আমদানি কৰিবলৈ লোৱা আবেদনক খাৰিজ কৰে ৷ ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ গৌতম ভাদুৰী আৰু ন্যায়াধীশ নৰেশ কুমাৰ চন্দ্ৰবংশীৰ দ্বৈত বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান ৷ উল্লেখ্য যে, বন বিভাগে অসমৰ পৰা শেহতীয়াকৈ চাৰিজনী বনৰীয়া মাইকী ম’হ আমদানি কৰিবলৈ অনুমতি বিচাৰিছিল ন্যায়ালয়ৰ (female wild buffalo from Assam) ৷

ন্যায়ালয়ৰ ৰায়দানক কোৱা হয় যে অসম আৰু ছত্তিশগড়ৰ ম’হৰ জিন মিহলি হ’লে বিকৃত প্ৰজাতিৰ পোৱালী জন্ম হোৱাৰ আশংকা আছে ৷ লগতে ছত্তিশগড়ৰ স্থানীয় ম’হৰ বিশুদ্ধ জিন প্ৰদূষিত হোৱাৰ আশংকা আছে ৷ সেয়েহে ন্যায়ালয়ে অসমৰ পৰা বনৰীয়া মাইকী ম’হ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এপ্ৰিল মাহত পুনৰ এই সন্দৰ্ভত ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি ৷

ছত্তিশগড়ত বন ম’হৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে ৰাজ্যখনৰ বন বিভাগে কেইবাখনো আঁচনি গ্ৰহণ কৰি বিভিন্ন ৰাজ্যৰ পৰা বনৰীয়া মাইকী ম’হ আমদানি কৰি আহিছে ৷ ইতিমধ্যেই ছত্তিশগড়ৰ বন বিভাগে অসমৰ পৰা বনৰীয়া মাইকী ম’হ আমদানি কৰি আৰম্ভ কৰিছিল প্ৰজনন প্ৰক্ৰিয়া ৷ কিন্তু ন্যায়ালয়ৰ ৰায়দানৰ পাচতে সাময়িকভাৱে স্থগিত ৰখা হৈছে অসমৰ ম’হৰ প্ৰজনন প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: Juvenile prisoners escaped: বিহাৰৰ শিশু পুনৰ্বাসন কেন্দ্ৰৰ পৰা 9 নাবালক কয়দীৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.