ETV Bharat / bharat

ৰেমডেচিভিৰ ল’বলৈ চেন্নাইৰ ষ্টেডিয়ামত ৰাইজৰ ভিৰ

author img

By

Published : May 16, 2021, 3:16 PM IST

চেন্নাইৰ কিলপাউক চিকিৎসা মহাবিদ্যালয়ত যোগান ধৰা হৈছিল জীৱন ৰক্ষাকাৰী ঔষধ ৰেমডেচিভিৰ । ইয়াৰ বাবে অজস্ৰ লোকে ভিৰ কৰিছিল । যাৰবাবে পৰৱৰ্তী সময়ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কিলপাউক চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামলৈ ৰেমডেচিভিৰ বিতৰণ স্থানান্তৰ কৰে ।

Remdecivir
ৰেমডেচিবিৰৰ বাবে চেন্নাইৰ ষ্টেডিয়ামত লোকে লোকাৰণ্য

নেশ্যনেল ডেস্ক, ১৬ মে': দেশত দ্ৰুত গতিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শনিবাৰে ৰেমডেচিভিৰ ঔষধৰ বাবে শাৰী পাতিছে বহু লোকে । ইয়াৰ পূৰ্বে কিলপাউক চিকিৎসা মহাবিদ্যালয়ত যোগান ধৰা হৈছিল জীৱন ৰক্ষাকাৰী ঔষধ ৰেমডেচিভিৰ ।

ইয়াৰ বাবে অজস্ৰ লোকে চিকিৎসালয়ত ভিৰ কৰিছিল । যাৰবাবে পৰৱৰ্তী সময়ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কিলপাউক চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামলৈ ৰেমডেচিভিৰ বিতৰণ স্থানান্তৰ কৰে ।

চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম কোনো লোকেই নমনাৰ ফলত ষ্টেডিয়ামত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । কোনো কোনো লোকে আত্মীয়জনৰ বাবে মাজ নিশাৰে পৰা শাৰী পাতি আছিল ঔষধ ল’বলৈ । ষ্টেডিয়ামত ইমানেই ভিৰ হৈছিল যে শাৰী পাতি থকা এগৰাকী মহিলাই চিঞৰি উঠিছিল ।

ৰেমডেচিভিৰ ঔষধ এদিনত মাত্ৰ ৩০০ জন হিতাধীকাৰিকহে প্ৰদান কৰা হয় । কিন্তু শনিবাৰে ১০০০ তকৈও অধিক হিতাধিকাৰী ষ্টেডিয়ামত শাৰি পাতি আছিল । দেশত মহমাৰী কৰ'ণাৰ দ্বিতীয়টো ঢৌত জীৱন ৰক্ষাকাৰী ঔষধ ৰেমডেচিভিৰৰ যথেষ্ঠ চাহিদা বৃদ্ধি পাইছে । কিয়নো কৰ'ণা চিকিৎসাৰ বাবে এই ঔষধ ব্যৱহাৰ কৰিবলৈ অনুমোদন লাভ কৰিছিল । এই ঔষধৰ চাহিদা বৃদ্ধি পোৱাত ঔষধ বিধৰ কলা ব্যৱসায়ো বৃদ্ধি পাইছে ।

লগতে পঢ়ক: হাস্পতালৰ মজিয়া মচিলে মিজোৰামৰ ক’ভিডত আক্ৰান্ত এগৰাকী মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.