ETV Bharat / bharat

CAPF units to Manipur: মণিপুৰত মোতায়েন কৰা হ’ব 20-22 টাকৈ CAPF ৰ গোট

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:15 PM IST

CAPF units to Manipur
মণিপুৰত মোতায়েন কৰা হ’ব 20-22 টাকৈ CAPF ৰ গোট

অমৰনাথ যাত্ৰা শেষ হোৱা পিচতেই এই যাত্ৰাত নিয়োজিত কৰা গোটসমূহক মণিপুৰলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে ৷ মণিপুৰৰ হিংসাপীড়িত অঞ্চলসমূহত প্ৰায় 20-22 টাকৈ নতুন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোট মোতায়েন কৰিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ৷

তেজপুৰ, 22 আগষ্ট: মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অচিৰেই কেন্দ্ৰই মণিপুৰৰ হিংসাপীড়িত অঞ্চলসমূহত প্ৰায় 20-22 টাকৈ নতুন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোট মোতায়েন কৰিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ৷ অমৰনাথ যাত্ৰা শেষ হোৱাৰ পিচতেই এই যাত্ৰাত নিয়োজিত কৰা গোটসমূহক মণিপুৰলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে ৷ মণিপুৰত মে’ মাহৰ আৰম্ভণিতে উদ্ভৱ হোৱা জাতিগত হিংসাৰ ঘটনা নিয়ন্ত্ৰিত কৰিবলৈ মোতায়েন কৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) প্ৰায় 125 টা গোটৰ উপৰিও অনাগত সময়ত অতিৰিক্তভাৱে নতুনকৈ কেইবাটাও গোটক নিয়োজিত কৰা হ’ব বুলি মঙলবাৰে এক সূত্ৰই সদৰী কৰে ৷

কেন্দ্ৰৰ পৰিকল্পনা অনুসৰি ৰাজ্যখনৰ নিৰাপত্তা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত মণিপুৰত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু সশস্ত্ৰ সীমা বল (এছএছবি) অন্তৰ্ভুক্ত থকা CAPF ৰ প্ৰায় 20-22 টা গোট মোতায়েন কৰা হ'ব ৷

জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনে যোৱা 20 আগষ্টত ঘোষণা কৰিছিল যে পদযাত্ৰা কৰা তীৰ্থযাত্ৰী হ্ৰাস পাইছে ৷ ইয়াৰোপৰি দক্ষিণ কাশ্মীৰ হিমালয়ৰ শিৱ গুহা তীৰ্থস্থানলৈ যোৱা পথটোৰ ট্ৰেক পুনৰ মেৰামতিত কৰিবৰ বাবে অহা 23 আগষ্টৰ পৰা অমৰনাথ যাত্ৰা অস্থায়ীভাৱে স্থগিত ৰখা হ'ব ৷ অৱশ্যে, 31 আগষ্টৰ পৰা 'চাৰি মুবাৰক' (ভগৱান শিৱৰ পবিত্ৰ গদা) লৈ তীৰ্থযাত্ৰীসকলে পেহেলগাম পথৰ জৰিয়তে যাবলৈ পাৰিব ৷

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিশগড়, তেলেংগানা আৰু মিজোৰামকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে অহা কেইমাহৰ ভিতৰত চিএপিএফৰ এক কঠোৰ সময়সূচী পালন কৰিব লাগিব ৷ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি প্ৰায় 300 টা CAPF গোট মোতায়েন কৰিব লাগিব বুলি অনুমান কৰা হৈছে ৷

অৱশ্যে, বিধানসভা নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় চিএপিএফ গোটৰ চূড়ান্ত সংখ্যা ভাৰতৰ নিৰ্বাচন আয়োগে কৰা দাবী অনুসৰি গৃহ মন্ত্ৰালয়ে নিৰ্ণয় কৰিব ৷

লগতে পঢ়ক: ISRO Chandrayaan3 Mission : ২৩ তাৰিখে অৱতৰণ কৰিব নোৱাৰিলে বিকল্প কি ? চন্দ্ৰযান-৩ অৱতৰণৰ ইছৰোৰ অন্য পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.