ETV Bharat / bharat

Tripura Bye election preparation : ত্ৰিপুৰাত স্থাপন কৰা হ'ব মহিলাৰ দ্বাৰা পৰিচালিত দুটা ভোটকেন্দ্ৰ

author img

By

Published : Jun 12, 2022, 4:35 PM IST

নিৰ্বাচন আয়োগে ত্ৰিপুৰা উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি তুংগত কৰি তুলিছে । কেৱল মহিলাৰ দ্বাৰা পৰিচালিত দুটা বিশেষ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব (Polling stations controlled by women will be set up)। সম্পূৰ্ণ নিৰীক্ষণত থাকিব প্ৰতিটো ভোটকেন্দ্ৰ ।

Tripura Bye election preparation
ত্ৰিপুৰাত মহিলাৰ দ্বাৰা পৰিচালিত দুটা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব

আগৰতলা,১২ জুন : অহা ২৩ জুনত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ উপ-নিৰ্বাচন (Tripura bye election 2022)। নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ ব্যস্ততা বাঢ়িছে । সমান্তৰালকৈ নিৰ্বাচন আয়োগেও ভোটগ্ৰহণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে (Bye election preparation of EC in Tripura)। জানিব পৰা মতে এইবাৰ দুটাকৈ বিশেষ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব । যি দুটা কেৱল মহিলাৰে পৰিচালিত হ'ব । অৰ্থাৎ ভোটকেন্দ্ৰ দুটাত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীয়েই কেৱল মহিলা হ'ব (Polling stations controlled by women will be set up)।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া কিৰণ গিটে জনোৱা মতে, আগৰতলাৰ ৰামনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হ'ব ভোটকেন্দ্ৰ দুটা । ইতিমধ্যে ভোটকেন্দ্ৰ স্থাপনৰ বাবে যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে প্ৰশাসন তথা নিৰ্বাচন আয়োগে । ইয়াৰ উপৰিও শনিবাৰে মুখ্য নিৰ্বাচনী বিষয়াই আন আন শীৰ্ষ বিষয়াসকলৰ সৈতে বিদ্যালয়খন পৰিদৰ্শন কৰে ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ নেতৃত্বত সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে । ক'ত, কেনেকৈ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব তাক লৈও পৰ্যালোচনা কৰিছে নিৰ্বাচন আয়োগে ।

মহিলা বিশেষ ভোটকেন্দ্ৰ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে, ৰামনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ভোটকেন্দ্ৰ দুটা স্থাপন কৰা হ'ব । য'ত প'লিং বিষয়াৰ পৰা আৰম্ভ কৰি সকলো দিশ মহিলাসকলে পৰিচালনা কৰিব । তেওঁ লগতে কয় যে ভোটগ্ৰহণৰ সময়ত চিচিটিভিৰ জৰিয়তে সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়া ভিডিঅ'গ্ৰাফী কৰা হ'ব । অৱশ্যে ভোট প্ৰদানৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰখা হ'ব । প্ৰতিটো ভোটকেন্দ্ৰতে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পৃথক দুৱাৰৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক :Tripura by election 2022: ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.