ETV Bharat / bharat

BSF fires at Pak drone : ড্ৰোণৰ জৰিয়তে পাকিস্তানে ভাৰতলৈ সৰবৰাহ কৰিছে ড্ৰাগছ

author img

By

Published : Mar 11, 2023, 10:09 PM IST

BSF fires at Pak drone
ড্ৰোণৰ জৰিয়তে পাকিস্তানে ভাৰতলৈ সৰবৰাহ কৰিছে ড্ৰাগছ

শনিবাৰে পাকিস্তানৰ ড্ৰোণক লক্ষ্য কৰি বিএছএফৰ গুলীচালনা (BSF fires at Pak drone)। ড্ৰোণখনে সীমান্ত অঞ্চলত পেলাই থৈ গ'ল প্ৰায় ৩ কেজি ওজনৰ ড্ৰাগছ । আৰক্ষী তথা বিএছএফ বাহিনীয়ে ঘটনাক লৈ অনুসন্ধান আৰম্ভ কৰিছে ।

নেশ্যনেল ডেস্ক, ১১ মাৰ্চ : সীমান্ত অঞ্চলত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত আছে (Activities of Pakistani drones)। এইবাৰ পুনৰ পাকিস্তানী ড্ৰোণে প্ৰৱেশ কৰিলে ভাৰতীয় ভূখণ্ডত । অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে শনিবাৰে অমৃতসৰ জিলাত সেই পাকিস্তানী ড্ৰোণখনক লক্ষ্য কৰি গুলীচালনা কৰে । ড্ৰোণখনে কঢ়িয়াই অনা তিনি কিলোগ্ৰাম হেৰ'ইনো উদ্ধাৰ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । অৱশ্যে ড্ৰোণখন ভূমিষ্ঠ নহয় আৰু ড্ৰাগছখিনি পেলাই পাকিস্তানৰ ফালে উভতি যায় । ড্ৰোণখন পুৱতি নিশা সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল (Pakistani drones carries drugs)।

টুইটযোগে সীমান্ত সুৰক্ষা বাহিনীয়ে লিখিছে যে শনিবাৰে পুৱতি নিশা বিএছএফ জোৱানসকলে অমৃতসৰ খণ্ডত প্ৰৱেশ কৰা এখন ড্ৰোণক লক্ষ্য কৰি গুলীচালনা কৰে (BSF fired at Pakistani drone)। অৱশ্যে অনুসন্ধান চলাই বিএছএফয়ে সন্দেহজনক হেৰ'ইনখিনি উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ ওজন ৩.০৫৫ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে ।

যোৱা কেইমাহমানত পাকিস্তানৰ পৰা ভাৰতীয় ভূখণ্ডত ড্ৰোণ প্ৰৱেশ কৰাৰ ঘটনা বৃদ্ধি পাইছে (Pakistani drone in India)। এদিন পূৰ্বে, বিএছএফৰ জোৱানসকলে গুৰদাসপুৰ খণ্ডত পাকিস্তানৰ পৰা আগ্নেয়াস্ত্ৰ কঢ়িয়াই অনা এখন ড্ৰোণক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল । বিএছএফৰ জোৱানসকলে ড্ৰোণৰ পৰা এ.কে চিৰিজ ৰাইফল, ৪০ ৰাউণ্ড গুলী আৰু দুটা মেগজিন জব্দ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে সীমান্তৱৰ্তী ৰাজ্য পাঞ্জাৱত আগ্নেয়াস্ত্ৰবোৰ ইচ্ছাকৃতভাৱে পেলাই দিয়া হৈছিল । ২৬ ফেব্ৰুৱাৰীত, বিএছএফ বাহিনীয়ে অমৃতসৰ খণ্ডত আন এখন পাকিস্তানী ড্ৰোণক পাকিস্তানৰ ফালৰ পৰা ভাৰতীয় ভূখণ্ডলৈ পাৰ হোৱা দেখা পোৱাৰ পাছতে গুলীচালনা কৰে । ইয়াৰ পূৰ্বে, জানুৱাৰীত বিএছএফয়ে পাঁচ কিলোগ্ৰাম নিষিদ্ধ সামগ্ৰী কঢ়িয়াই অনা এটা পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল । লগতে বিএছএফ বাহিনীয়ে অবৈধ সামগ্ৰীবোৰ জব্দ কৰিছিল ।

উল্লেখ্য যে ভাৰতৰ ভূমিত পাকিস্তানী ড্ৰোণ প্ৰায়ে প্ৰত্যক্ষ কৰা দেখা যায় । বিভিন্ন নিষিদ্ধ সামগ্ৰীকে ধৰি অনৈতিক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে পাকিস্তানে এনে দুষ্কাৰ্য্য সংঘটিক কৰি আহিছে ।

লগতে পঢ়ক :ALH chopper crash: ভাৰতীয় সেনাৰ ALH ধ্ৰুৱ হেলিকপ্টাৰৰ উৰণ সাময়িকভাৱে স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.