ETV Bharat / bharat

বিআৰএছ চৰকাৰে জনসাধাৰণৰ সমস্যাত গুৰুত্ব দিয়া নাই: প্ৰিয়ংকা গান্ধী

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 7:07 PM IST

প্ৰিয়ংকা গান্ধী
বিআৰএছ চৰকাৰে জনসাধাৰণৰ সমস্যাত গুৰুত্ব দিয়া নাই

নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰিয়ংকাই কেচিআৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে বিআৰএছ চৰকাৰৰ মানুহৰ সমস্যাৰ বিষয়ে কোনো জ্ঞান নাই । সমস্যাত পৰা লোকসকলক কেনেদৰে সহায় কৰিব লাগে তাৰো কোনো ধাৰণা নাই ।

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : তেলেংগানা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয়ে তীব্ৰ আক্ৰমণাত্মক হৈ পৰিছে । নিৰ্বাচনী প্ৰচাৰকাৰ্যই চূড়ান্ত পৰ্যায়ত আৰোহণ কৰিছে । ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বিআৰএছ চৰকাৰক তীব্ৰ আক্ৰমণ কৰি লৈছে । কেচিআৰ চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে দহ বছৰৰ শাসনকাল প্ৰত্যক্ষ কৰাৰ পিছত পৰৱৰ্তী পাঁচ বছৰৰ বাবে জনসাধাৰণে কেনে ধৰণৰ চৰকাৰ বিচাৰে সেয়া বাছনি কৰাৰ সময় আহি পৰিছে ।

জনসাধাৰণক ভোট দিয়াৰ পূৰ্বে এবাৰ ভাবিবলৈও পৰামৰ্শ দিয়ে প্ৰিয়ংকাই । আনহাতে, ৰাজস্থান আৰু কৰ্ণাটকত শাসনলৈ অহাৰ দৰে একে গেৰাণ্টি তেলেংগানাতো কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছে । নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে সোমবাৰে ভুৱনাগিৰিত এটা ৰোড শ্ব'ৰ আয়োজন কৰা হৈছিল । তাত অংশগ্ৰহণৰ পিছত প্ৰিয়ংকাই গাডৱাল আৰু কোদঙ্গলত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।

নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰিয়ংকাই কেচিআৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে বিআৰএছ চৰকাৰৰ মানুহৰ সমস্যাৰ বিষয়ে কোনো জ্ঞান নাই । সমস্যাত পৰা লোকসকলক কেনেদৰে সহায় কৰিব লাগে তাৰো কোনো ধাৰণা নাই । তেওঁ লগতে বিজেপিক উদ্দেশ্যি জনসাধাৰণক সোঁৱৰাই দিয়ে যে দেশত বিমুদ্ৰাকৰণ, কৰোনা আৰু জিএছটিৰ ফলত জনসাধাৰণ বহুবাৰ ক্ষতিগ্ৰস্ত হৈছে ।

"সমস্যাৰ সময়ত এই চৰকাৰে আপোনালোকক সহায় কৰা নাছিল । এই চৰকাৰে যুৱসকলৰ চাকৰি পোৱাৰ সপোন পূৰণ কৰা নাই । মহিলাসকলক প্ৰতিদিনে ধৰ্ষণ কৰা হয় । এই চৰকাৰখনে আনকি মানুহৰ সৰু-সুৰা সমস্যাবোৰৰ প্ৰতিও গুৰুত্ব দিব পৰা অৱস্থাত নাই । এই চৰকাৰে কৃষকসকলকো সমৰ্থন কৰা নাই । কৃষকৰ আত্মহত্যা বৃদ্ধি পাইছে ।' কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় ।

প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক সমালোচনা কৰি লগতে কয় যে তেলেংগানাৰ হৈ যুঁজ দিয়া যুৱকসকলক ৰাজ্যখনত কোনো ন্যায় প্ৰদান কৰা নাই । তেওঁলোকে অভিযোগ কৰিছে যে যথেষ্ট পৰিশ্ৰমেৰে পৰীক্ষাবোৰত অৱতীৰ্ণ হোৱা যায়, কিন্তু প্ৰশ্নকাকত ফাদিল হয় । যাৰ বাবে যুৱপ্ৰজন্মৰ জীৱন ধ্বংস হৈছে ।

ইয়াৰ উপৰি তেওঁ কয় যে বিআৰএছ শাসনৰ অধীনত নিম্নতম স্তৰৰ পৰা সৰ্বোচ্চ স্তৰলৈকে সকলোবোৰ দুৰ্নীতিগ্ৰস্ত । কেৱল বিআৰএছৰ প্ৰতিনিধিসকলহে ৰাজ্যখনত ধনী হৈছে । একোৱেই দৰিদ্ৰ লোকৰ জীৱন সলনি কৰিব পৰা নাই । কংগ্ৰেছে ঘোষণা কৰা ছয়টা গেৰাণ্টিও জনসাধাৰণক বুজাই দিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে । আনহাতে, কংগ্ৰেছ ক্ষমতালৈ অহাৰ লগে লগে ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবোৰ কাৰ্যকৰী কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :কেচিআৰে বুজিছে বিআৰএছ এতিয়া ডুব যোৱা জাহাজ; তেলেংগানাত পৰিৱৰ্তনৰ ইংগিত প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.