ETV Bharat / bharat

Pakistani drone Spotted in Akhnoor : পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি BSFৰ গুলীচালনা

author img

By

Published : Jul 23, 2022, 12:17 PM IST

Pakistani drone Spotted in Akhnoor
পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি BSFৰ গুলীচালনা

জম্মু-কাশ্মীৰ অঞ্চলত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত আছে (Pakistani drone activity in border area)। আখনুৰ চেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ (IB) ওচৰত প্ৰত্যক্ষ কৰা হয় ড্ৰোণ । সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে ড্ৰোণখনক লক্ষ্য কৰি গুলী চালনা কৰে ।

নেশ্যনেল ডেস্ক,২৩ জুলাই : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী (Militant) সংগঠনৰ কাৰ্যকলাপ অব্যাহত আছে । ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰ অঞ্চলত বিস্ফোৰণ সংঘটিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে ড্ৰোণ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিছে । সীমান্ত অঞ্চলত ড্ৰোণৰ কাৰ্যকলাপ পুনৰ বৃদ্ধি পাইছে (Pakistani drone activity increased in border area)।

এইবাৰ জম্মু-কাশ্মীৰৰ আখনুৰ চেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ (IB) ওচৰত প্ৰত্যক্ষ কৰা হয় এখন ড্ৰোণ (Paksitani Drone Spotted in Akhnoor sector of Jammu)। সীমান্ত সুৰক্ষা বাহিনীয়ে ড্ৰোণ প্ৰত্যক্ষ কৰাৰ লগে লগে গুলীচালনা কৰে । এগৰাকী বিষয়াই জনোৱা মতে শুকুৰবাৰে নিশা প্ৰায় ৯.৪০ মান বজাত আখনুৰ অঞ্চলত বিএছএফয়ে পাকিস্তানৰ ফালৰ পৰা অহা ড্ৰোণখন প্ৰত্যক্ষ কৰিছিল । তাৰ পাছতে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে ড্ৰোণখনক লক্ষ্য কৰি গুলী চালনা কৰে (BSF opened fired at Pakistani drone in Akhnoor)।

ইয়াৰ পাছতে সেনা বাহিনীয়ে অঞ্চলটোত এক অনুসন্ধান আৰম্ভ কৰে । ইয়াৰ পূৰ্বে, আৰক্ষীয়ে লস্কৰ-ই-তৈবা (LeT)ৰ তিনিটা মডিউল উদ্ধাৰ কৰিছিল আৰু সাতজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল । লগতে পাকিস্তানৰ পৰা ২০ খন ড্ৰোণৰ জৰিয়তে সৰবৰাহ কৰা বৃহৎ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল ।

খবৰ অনুসৰি, জম্মু, চাম্বা, কাঠুৱা আৰু ৰাজৌৰী জিলাৰ সীমান্ত অঞ্চলত ড্ৰোণৰ দ্বাৰা কাশ্মীৰৰ সন্ত্ৰাসবাদীলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ বাবে LeTয়ে জম্মু আৰু ৰাজৌৰী জিলাত তিনিটা সন্ত্ৰাসবাদী মডিউল স্থাপন কৰিছিল ।

লগতে পঢ়ক :Bangladeshi girl rescued: কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ বাংলাদেশী কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.