ETV Bharat / bharat

অপৰাধ ৰোধ সন্দৰ্ভত ৰাজস্থানত সক্ৰিয় বিজেপি চৰকাৰ; SIT-এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:47 AM IST

Updated : Dec 17, 2023, 11:05 AM IST

Strict action will be taken against criminals
অপৰাধ ৰোধ সন্দৰ্ভত ৰাজস্থানত সক্ৰিয়া হৈছে বিজেপি চৰকাৰ

Rajasthan Government Big Decision : অপৰাধ ৰোধ সন্দৰ্ভত ৰাজস্থানত সক্ৰিয়া হৈছে বিজেপি চৰকাৰ ৷ গঠন কৰা হৈছে SIT আৰু এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ ।

নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ : ৰাজস্থান বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কাগজ ফাদিল (পেপাৰ লিক) ডাঙৰ বিষয় হৈ পোহৰলৈ আহিছে । এই বিষয়ত যুৱক-যুৱতীসকলক সংগঠিত কৰাত বিজেপিও সফল হৈছে । মুখ্যমন্ত্ৰী ভজন লালৰ নিৰ্দেশ অনুসৰি কাগজ ফাদিল আৰু সংগঠিত অপৰাধ সন্দৰ্ভত এখন সমিতি আৰু টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ডিজিপি উমেশ মিশ্ৰই আদেশ জাৰি কৰি কাগজ ফাদিলৰ গোচৰৰ তদন্তৰ বাবে SIT গঠনৰ বিষয়ে অৱগত কৰে । একে সময়তে সংগঠিত অপৰাধ বন্ধ কৰিবলৈ এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে । কাগজ ফাদিলৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ দায়িত্ব দিয়া হৈছে ADG ভি কে সিঙক । আনহাতে, ADG দীনেশ এম এনক এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চৰ দায়িত্ব দিয়া হৈছে ।

SIT গঠন : ৰাজস্থানত বিগত পাঁচ বছৰত কাগজ ফাদিলৰ গোচৰত দোষীসকলৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইয়াৰ বাবে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে ।

শুকুৰবাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই দিয়া নিৰ্দেশনা অনুসৰি গৃহ বিভাগে আৰক্ষী সঞ্চালক প্ৰধানক এক নিৰ্দেশ জাৰি কৰিছিল । এই দল গঠনৰ লগে লগে প্ৰতিটো গোচৰৰ পুংখানুপুংখ তদন্ত হ’ব, যাৰ ফলত ভৱিষ্যতে এনেধৰণৰ গোচৰ ৰোধ হ’ব ।

এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন :

ৰাজ্যত সংগঠিত অপৰাধ ৰোধ কৰাৰ লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে । এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চৰ দায়িত্ব দিয়া হৈছে এডিজি দিনেশ এম এনক । ভৱিষ্যতে ৰাজ্যত শক্তিশালী আইন-শৃংখলা বজাই ৰখাৰ লগতে সংগঠিত অপৰাধ ৰোধৰ বাবে কাম কৰিব ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই প্ৰথম সংবাদ মাধ্যমৰ আগত কয় যে ৰাজস্থানত কাগজ ফাদিল আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে বিজেপি চৰকাৰ কঠোৰভাৱে আগবাঢ়িব ৷

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে সংসদীয় সমষ্টিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সস্তম আৰক্ষী প্ৰশাসন

Last Updated :Dec 17, 2023, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.