ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে সংসদীয় সমষ্টিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সষ্টম আৰক্ষী প্ৰশাসন

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:26 AM IST

Updated : Dec 17, 2023, 9:29 AM IST

PM Modi Varanasi Visit
বাৰাণসীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PM Modi Varanasi Visit : দুদিনীয়া ভ্ৰমণসূচীৰে আজি বাৰাণসীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত কাশীৰ প্ৰতিটো কোণত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ : ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । যাৰবাবে এছ পি জিয়ে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছে । চাৰি স্তৰৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তা ব্যৱস্থা । এই সন্দৰ্ভত শনিবাৰে এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত কৰি সকলো স্থানতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে ।

PM Modi Varanasi Visit
সংসদীয় সমষ্টিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ কমাণ্ড গ্ৰহণ কৰিছে এডিজি নিৰাপত্তা ৰঘুবীৰ লালে । যাৰ বাবে মুঠ ২৬ জন আই পি এছ বিষয়া নিয়োগ কৰা হৈছে । বাৰেকাত থকা অতিথিশালাকে ধৰি সকলো কাৰ্যসূচীৰ স্থান আৰু প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাস্থলীক এছ পি জিৰ বিষয়াসকলে নিজৰ নজৰত ৰাখিছে । ইয়াৰ উপৰিও যাতায়তৰ ক্ষেত্ৰতটো বহুতো পৰিকল্পনা কৰিছে ৷

এছ পি জিৰ পৰিকল্পনা :

এছ পি জিয়ে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এডভান্সড ছিকিউৰিটি লাইজনিং (ASL) বৈঠকত মিলিত হৈ নিৰাপত্তা ব্যৱস্থা আৰু পথৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পৰিপ্ৰেক্ষিতত এডিজি জ’ন, ডিআইজি ৰেঞ্জ আৰু আৰক্ষী আয়ুক্তৰ বাহিৰেও বাহিৰৰ পৰা আহিছে এটা ডিআইজি আৰু ২২ টা আইপিএছ ।

ইয়াৰ উপৰিও নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে ১৭ জন অতিৰিক্ত এছ পি, ৫৮ জন চি অ’, ৬০ জন পৰিদৰ্শক, ৪৯৭ জন উপ পৰিদৰ্শক, ২২০০ জন কনিষ্টবল-হেড কনিষ্টবল, ২৫০ জন হোমগাৰ্ড আৰু ১০ জন কোম্পানী পি এ চি আৰু ৫ জন কোম্পানী চি এ পি এফ জোৱান শনিবাৰে কাশীত উপস্থিত হয় ।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিটো অনুষ্ঠান চিচিটিভিৰ চোৰাংচোৱাগিৰিৰ অধীনত থাকিব :

প্ৰধানমন্ত্ৰী মোদীৰ সকলো অনুষ্ঠানৰ স্থানত চিচিটিভি কেমেৰা সজ্জিত কৰা হৈছে । সন্ত্ৰাসবাদ বিৰোধী স্কোৱাৰ্ডৰ কমাণ্ডো, বোমা নিষ্কাশন স্কোৱাৰ্ড, ডগ স্কোৱাৰ্ড আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানকো সভাস্থলীত মোতায়েন কৰা হ’ব । প্ৰধানমন্ত্ৰীৰ গতিবিধিৰ সৈতে জড়িত পথ আৰু কাৰ্যসূচীৰ স্থানত সেনা বাহিনী নিয়োগ কৰা হ’ব ।

PM Modi Varanasi Visit
বাৰাণসীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নমোঘাটত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ সময়ত ৰাজঘাটৰ মালভিয়া দলঙৰ মাজেৰে যান-বাহন পাৰ হোৱাত বাধা আৰোপ কৰাৰ লগতে উক্ত স্থানত সেনা বাহিনীও মোতায়েন হৈ থাকিব ।

সংসদৰ নিৰাপত্তা ব্যৱস্থা হোৱা ভুলৰ পিচত সষ্টম কাশী :

নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা জিলা প্ৰশাসনে বাৰাণসীত ১৮ ডিচেম্বৰলৈকে ড্ৰ’ণৰ উৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে । দুদিন পূৰ্বে সংসদত সংঘটিত ঘটনাৰ পিচত দেশৰ নিৰাপত্তা সংস্থাসমূহ সতৰ্ক হৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী আৰু ৰোড শ্ব’টো নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হ’ব ।

বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ স্থানলৈকে সকলো পথতে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । আৰক্ষী প্ৰশাসনৰ বিষয়াসকলে অহৰহ নিৰাপত্তাৰ ব্যৱস্থাটো নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক : বিজয় দিৱস; ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক বিজয়ৰ স্মৃতি

Last Updated :Dec 17, 2023, 9:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.