ETV Bharat / bharat

Bihar hooch tragedy: বিহাৰত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৫৩ গৰাকী লোকৰ

author img

By

Published : Dec 16, 2022, 10:24 AM IST

Bihar hooch tragedy
বিহাৰত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৫৩ গৰাকী লোকৰ

বিহাৰত বিষাক্ত সুৰা পান কৰাৰ ফলত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকৰ মৃত্যু হৈছে (53 died after consuming spurious liquor)। চাৰণ জিলাত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ঘটনা সন্দৰ্ভত এতিয়ালৈ প্ৰায় ১২৬ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মশ্ৰাকৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰীতেশ মিশ্ৰক নিলম্বন কৰা হৈছে । এতিয়াও চিকিৎসাধীন হৈ আছে কেইবাজনো লোক ।

নেশ্যনেল ডেস্ক,১৬ ডিচেম্বৰ : বিহাৰত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি (Death toll increase in Bihar)। ৰাজ্যখনৰ চাৰণ জিলাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে । এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৩ লৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে (53 died after consuming spurious liquor)। সমান্তৰালকৈ বিষাক্ত সুৰা পান কৰাৰ ফলত একাংশ লোকে দৃষ্টিশক্তি হেৰুৱাইছে । জানিব পৰা মতে ছপ্ৰা জিলা চিকিৎসালয় আৰু পিএমচিএইচত এতিয়াও কেইবাজনো লোক চিকিৎসাধীন হৈ আছে ।

প্ৰশাসনে জনোৱা মতে বিষাক্ত সুৰা গোচৰত এতিয়ালৈ প্ৰায় ১২৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে (126 arrested on hooch tragedy case)। আনহাতে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছে । অভিযানত প্ৰায় ৬৯২ লিটাৰ সুৰা জব্দ কৰা হৈছে । আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে সদৰী কৰা মতে মশ্ৰাকৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰীতেশ মিশ্ৰক নিলম্বন কৰা হৈছে । আনহাতে এজন চকিদাৰকো নিলম্বন কৰা হৈছে ।

মৰহৌৰা ডিএছপিৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ দিয়া হৈছে । ইফালে আৰক্ষীৰ ব্যাপক অভিযানৰ পাছৰে পৰা অবৈধ সুৰা ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । জানিব পৰা মতে সোনপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত দ্ৰুত অনুসন্ধান আৰু গ্ৰেপ্তাৰৰ বাবে মুঠ ৩১ জন আৰক্ষী বিষয়াৰ সৈতে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে ।

ছপ্ৰাৰ সুৰা ট্ৰেজেডিয়ে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে (Bihar hooch tragedy)। ছপ্ৰা জিলা চিকিৎসালয় আৰু পিএমচিএইচত গুৰুতৰভাৱে অসুস্থ লোকক চিকিৎসা কৰি থকা হৈছে । একাংশ মৃতকৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰা মতে মঙলবাৰে বিয়লি সুৰা পান কৰাৰ পাছত সন্ধিয়া সেইসকল লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল । বমি আৰু ডায়েৰিয়াৰ দৰে বিভিন্ন সমস্যা হোৱা দেখা গৈছিল । লাহে লাহে দৃষ্টিশক্তিও কমি আহিছিল ।

ইফালে ছপ্ৰাৰ ঘটনাক লৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে । নীতিশ কুমাৰৰ চৰকাৰক বিৰোধীয়ে তীব্ৰ সমালোচনা কৰা দেখা গৈছে । বিহাৰত সুৰা নিষিদ্ধ হোৱা স্বত্বেও, এনে ঘটনা সংঘটিত হোৱাৰ বাবে চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে বিৰোধীয়ে । একে সময়তে, বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী কৰিছে ।

উল্লেখ্য যে এই বছৰৰে আগষ্ট মাহত, মাধৌৰা আৰু মশ্ৰাকত সুৰা পান কৰাৰ ফলত প্ৰায় ১৩ জন লোকৰ মৃত্যু হৈছিল । ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, যোৱা এবছৰত বিষাক্ত সুৰা সেৱনৰ ফলত প্ৰায় ১৭৩ গৰাকী লোকৰ মৃত্যু হৈছে । ২০২২ চনৰ জানুৱাৰী মাহত বিহাৰৰ বাক্সাৰ, চাৰণ আৰু নালন্দা জিলাত এটাৰ পাছত আনটো ঘটনাত ৩৬ জন লোকৰ মৃত্যু হৈছিল । এই ঘটনাবোৰে প্ৰমাণ কৰে যে বিহাৰত সুৰা নিষিদ্ধকৰণ এক বিফলতা, কিন্তু চৰকাৰে এই বাস্তৱতাক মানি ল'ব নিবিচাৰে ।

লগতে পঢ়ক :Attempted to Rape : চলন্ত অটোত ধৰ্ষণৰ অপচেষ্টা, পঞ্জাবত গ্ৰেপ্তাৰ ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.