ETV Bharat / bharat

দেশৰ শীৰ্ষ বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান

author img

By

Published : Aug 14, 2022, 1:58 PM IST

Rakesh Jhunjhunwala
আকাছা এয়াৰ লাইনৰ মুৰব্বী ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান

শেহতীয়াকৈ ভাৰতৰ এয়াৰলাইনত সংযোজন হোৱা আকাছা এয়াৰৰ প্ৰতিষ্ঠাপক ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান (Rakesh Jhunjhunwala passes away)। ৬২ বছৰ বয়সত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ঝুনঝুনৱালাই । তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ ।

নেশ্যনেল ডেস্ক,১৪ আগষ্ট : দেশৰ শীৰ্ষ বিনিয়োগকাৰী তথা আকাছা এয়াৰৰ (Akasa Air) প্ৰতিষ্ঠাপক ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান (Rakesh Jhunjhunwala passes away)। দেওবাৰে পুৱা ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে । মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ঝুনঝুনৱালাই (Akasa Air founder Rakesh Jhunjhunwala dies)। ঝুনঝুনৱালা যোৱা কিছুদিনৰ অসুস্থ আছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে ঝুনঝুনৱালাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (PM condoles the death of Rakesh Jhunjhunwala)। মোডীয়ে উল্লেখ কৰা মতে ৰাকেশ ঝুনঝুনৱালা অদম্য আছিল । তেওঁ বিত্তীয় ক্ষেত্ৰলৈ যি বৰঙণি আগবঢ়াই থৈ গ'ল সেয়া স্মৰণীয় হৈ ৰ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত অতি উৎসাহী আছিল বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, ঝুনঝুনৱালাৰ ১৯৬০ চনৰ ৫ জুলাইত জন্ম হৈছিল । তেওঁ মুম্বাইত ডাঙৰ-দীঘল হৈছিল । ১৯৮৫ চনত চিডেনহাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টচ অফ ইণ্ডিয়াত নাম ভৰ্তি কৰে । তাৰ পাছত তেওঁ ৰেখা ঝুনজুনৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।

ঝুনঝুনৱালাই ৰেয়াৰ এণ্টাৰপ্ৰাইজেছ নামৰ এটা ব্যক্তিগত মালিকানাধীন ষ্টক ট্ৰেডিং ফাৰ্ম চলাইছিল । ৰাকেশ ঝুনঝুনৱালা ভাৰতৰ নৱতম এয়াৰলাইন আকাছা এয়াৰৰ গৰাকী আছিল । এই মাহৰ আৰম্ভণিতে আকাছা এয়াৰ লাইনৰ বিমান ভাৰতৰ আকাশত উৰা মাৰিছিল ।

বহুলোকে আনকি প্ৰশ্ন কৰিছিল যে যেতিয়া বিমান পৰিবহনে লোকচানৰ সন্মুখীন হৈছে তেওঁ কিয় এয়াৰলাইন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল । তেওঁ তাৰ উত্তৰত কৈছিল যে তেওঁ বিফলতাৰ বাবে সাজু । ইফালে ঝুনঝুনৱালা সদায় ভাৰতৰ শ্বেয়াৰ বজাৰৰ বিষয়ে উৎসাহী আছিল ।

লগতে পঢ়ক :কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.