ETV Bharat / bharat

কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

author img

By

Published : Aug 14, 2022, 12:36 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত আয়ুষ মন্ত্ৰালয়ে দেশৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰচাৰ সৰ্বাংগীণ উত্তৰণ আৰু ইয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ দিশত তৎপৰতাৰে কাম কৰি আছে । চেন্নাইৰ ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠানত আয়োজিত বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union minister Sarbananda Sonowal)।

Azadi Ka Amrit Mahotsav
কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

নেচনেল ডেস্ক, ১৪ আগষ্ট :কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে চেন্নাইৰ ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠানত আয়োজিত বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেওঁ কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় ভৱন তথা ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠানৰ অয়'থিডোছ পণ্ডিথাৰ হাস্পতালৰ নতুন বহিঃবিভাগ ব্ল'কৰ শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ (Inauguration of outpatient block of Aythidos Pondithar Hospital) প্ৰতি উৎসৰ্গা কৰে ।

Azadi Ka Amrit Mahotsav
কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাষণ প্ৰদান কৰি মন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠানৰ জৰিয়তে সিদ্ধ চিকিৎসা প্ৰণালীৰ সম্প্ৰসাৰণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ে লোৱা ভূমিকা সম্পৰ্কে আলোকপাত কৰে । এই প্ৰসংগত জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত আয়ুষ মন্ত্ৰালয়ে দেশৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰচাৰ-প্ৰসাৰ,সৰ্বাংগীণ উত্তৰণ আৰু ইয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ দিশত তৎপৰতাৰে কাম কৰি আছে ।

ইয়াৰ ফলত আয়ুষৰ গ্ৰহণযোগ্যতা দিনে-দিনে বৃদ্ধি পাইছে আৰু বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি মন্তব্য় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত তথা 'আজাদী কা অমৃত মহোৎসৱ'ৰ(Azadi Ka Amrit Mahotsav)অধীনত মন্ত্ৰী সোণোৱালে শনিবাৰে আমুক্কাৰা চুৰানাম টেবলেট বিতৰণ কৰে । তদুপৰি তেওঁ 'ঘৰে ঘৰে ত্ৰিৰংগা'(Har Ghar Triranga) অভিযানৰো শুভাৰম্ভ কৰে ।

Azadi Ka Amrit Mahotsav
কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

আনহাতে, চেম্পিয়ন ছেক্টৰ আঁচনিৰ অধীনত ৩০ লাখ টকা ব্যয় সাপেক্ষে স্থাপিত বায়'ইনফৰ্মেটিক্স শাখাটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হয় । উক্ত অনুষ্ঠানটোত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী উদযাপনৰ জৰিয়তে জনপ্ৰিয় সিদ্ধ প্ৰণালী আৰু ইয়াৰ লাভালাভ,উপকাৰিতা সম্পৰ্কে আলোকপাত কৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয় ।

উল্লেখ্য় যে, চেন্নাইৰ তাম্বাৰাম ছেনাট'ৰিয়ামত নিৰ্মিত কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱনটো ১৩ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে ৷ তদুপৰি, জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৩৫ কোটি টকা ব্যয়েৰে অয়'থিডোছ পণ্ডিথাৰ হাস্পতালৰ নতুনকৈ সম্প্ৰসাৰিত বহিঃবিভাগ ব্ল'ক নিৰ্মাণ কৰা হৈছে । এই দুয়োটা প্ৰকল্প আয়ুষ মন্ত্ৰালয়ে অনুমোদন জনাইছিল । ২০১৮ চনৰ ২ মে'ত আয়ুষ মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰীপদ য়েছো নায়কে (Former Minister of State Shripad Yeso Nayak) ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ।

Azadi Ka Amrit Mahotsav
কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

উক্ত অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে তামিলনাডু চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এম সুব্ৰমনিয়াম (Tamil Nadu Minister of Health and Family Welfaref M Subramaniam), শ্ৰীপেৰুম্বুদুৰ সমষ্টিৰ সাংসদ টি আৰ বালু, তাম্বাৰাম সমষ্টিৰ বিধায়ক এছ আৰ ৰাজা, কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান কে কনকাৱল্লি, ৰাষ্ট্ৰীয় সিদ্ধ প্ৰতিষ্ঠানৰ সঞ্চালক অধ্য়াপক আৰ মীনাকুমাৰী প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয়, তামিলনাডু চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল ।

লগতে পঢ়ক:Azadi ka Amrit Mahotsav, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত সৰুসজাইত ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.