ETV Bharat / bharat

Mathura building collapse: পুৰণি অট্টালিকা খহি মথুৰাত 5 জনৰ মৃত্যু; আহত কেইবাজনো

author img

By

Published : Aug 15, 2023, 9:42 PM IST

স্বাধীনতা দিৱসৰ দিনটোত অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন দুৰ্ঘটনাত বহুতো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ মথুৰাত এটা পুৰণি অট্টালিকা খহি মৃত্যু হ’ল 5 গৰাকী লোক ৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Mathura building collapse
Mathura building collapse

নেশ্যনেল ডেস্ক, 15 আগষ্ট: মঙলবাৰে সন্ধিয়া তীৰ্থ নগৰী মথুৰাৰ বৃন্দাবনৰ বাংকে বিহাৰী মন্দিৰৰ ওচৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । বাংকে বিহাৰী মন্দিৰৰ ওচৰৰ এটা পুৰণি অট্টালিকাৰ ওপৰৰ অংশ হঠাতে খহি পৰাৰ ফলত সংঘটিত হয় ঘটনাটো ৷ দুৰ্ঘটনাটোত বৰ্তমানলৈকে অতি কমেও পাঁচজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে, এই ভয়ংকৰ দুৰ্ঘটনাটোত বহুলোক আহত হৈছে ।

আহতসকলৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ তীৰ্থযাত্ৰীসকলে বিহাৰী মন্দিৰৰ ওচৰৰ পৰা ওলাই যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

বাংকে বিহাৰী মন্দিৰৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ পুৰণি অট্টালিকাটোৰ এটা অংশ খহি পৰাৰ পাচতে স্থানীয় লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ ওচৰৰ একাংশ লোকে দুৰ্ঘটনাত পতিত সকলক সহায়ৰ বাবে ঘটনাস্থলীলৈ দৌৰি যায় ৷

আৰক্ষী আৰু প্ৰশাসনৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈ ধ্বংসাৱশেষৰ তলত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে ৷ ইফালে, যথা সময়ত ঘটনাস্থলীত এম্বুলেন্স আহি নোপোৱাৰ বাবে কেইবাগৰাকীও লোকক ই-ৰিক্সাতে সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

এতিয়ালৈকে, দুৰ্ঘটনাটোত পাঁচজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ দুৰ্ঘটনাটোত বহুলোক আহত হৈছে ৷ দুৰ্ঘটনাটোত নিহত পাঁচজন লোকৰ ভিতৰত তিনিজন আছিল কানপুৰৰ ৷ মৃতসকলক ক্ৰমে গীতা কাশ্যপ, অৰবিন্দ কুমাৰ, ৰশ্মি গুপ্তা আৰু অঞ্জু মুগাই বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে এজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই ৷

লগতে পঢ়ক: Road mishap: শোকাৱহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ 6 জনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.