ETV Bharat / bharat

আমেৰিকা নিৰ্বাচনৰ প্ৰচাৰক হিচাবে অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী মোডীঃ কটাক্ষ কংগ্ৰেছৰ

author img

By

Published : Sep 23, 2019, 4:28 PM IST

আমেৰিকা নিৰ্বাচনৰ প্ৰচাৰক হিচাবে অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী মোডীঃ কটাক্ষ কংগ্ৰেছৰ

আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাৰ্কিন নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ ৰূপে অৱতীৰ্ণ হোৱা বুলি কটাক্ষ কংগ্ৰেছৰ ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মাৰ ৷

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰঃ আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমালোচনাত মুখৰ হৈ পৰিছে ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ আনন্দ শৰ্মা ৷ নেতাজনে প্ৰধানমন্ত্ৰী গৰাকীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ উপস্থিতিত হাষ্টনৰ "হাউদি মোডী" কাৰ্যসূচীত প্ৰদান কৰা ভাষণক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে ৷ সাংসদগৰাকীয়ে কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনা উচিত যে তেখেত আমেৰিকালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাবেহে গৈছে, কোনো ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাবে নহয় ৷ টুইটাৰযোগ্য প্ৰকাশ কৰা এই মন্তব্যত সাংসদগৰাকীয়ে আওপকীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক আগন্তক মাৰ্কিন নিৰ্বাচনত সহায় কৰা বুলি সমালোচনা কৰে ৷ তেওঁ আৰু কয়,"প্ৰধানমন্ত্ৰী ডাঙৰীয়া,আপুনি অন্য ৰাষ্ট্ৰৰ নিৰ্বাচনত হস্তক্ষেপ নকৰাৰ ভাৰতীয় বৈদেশিক নীতিৰ আজীৱন সন্মানীয় আদৰ্শক উলংঘা কৰিছে ৷ দেশৰ দীৰ্ঘম্যাদী কৌশলগত সম্পৰ্কলৈ ই একমাত্ৰ অকৰ্তৃত্বশীল সেৱা ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.