ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ ৫ খন বিমানেৰে লণ্ডনৰ পৰা ভাৰতলৈ অনা হ'ব ১২০০ নাগৰিকক

author img

By

Published : Jun 3, 2020, 3:40 PM IST

বন্দে ভাৰত মিছনৰ তৃতীয় পৰ্যায়ত এয়াৰ ইণ্ডিয়াৰ মুঠ ৭০ খন বিমান চলিব। ১১ জুনৰ পৰা ৩০ জুনলৈ এই সেৱা উপলব্ধ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে প্ৰকাশ কৰে।

vande bharat phase 3
vande bharat phase 3 air india to operate 5 flights from london to

নিউজ ডেস্ক, ৩ জুনঃ কেন্দ্ৰীয় চৰকাৰৰ বন্দে ভাৰত মিছনৰ অংশ হিচাপে তৃতীয় পৰ্যায়ত এয়াৰ ইণ্ডিয়াৰ ৫ খন বিমানযোগে ভাৰতলৈ লৈ অনা হ'ব প্ৰায় ১২০০ নাগৰিকক। ১৮ জুনৰ পৰা ২৩ জুনৰ ভিতৰত লণ্ডনৰ পৰা নিজ দেশলৈ উভতাই অনা হ'ব বহিঃৰাষ্ট্ৰত আবদ্ধ লোকসকলক।

vande bharat phase 3 air india to operate 5 flights from london to India
এয়াৰ ইণ্ডিয়াৰ ৫ খন বিমানেৰে লণ্ডনৰ পৰা ভাৰতলৈ অনা হ'ব ১২০০ নাগৰিকক

লণ্ডণত থকা ভাৰতীয় দুতাবাসে প্ৰকাশ কৰা অনুসৰি, ১৮ আৰু ২০ জুনত দিল্লী আৰু ২১ জুনত মুম্বাইলৈ উৰা মাৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতিৰ বাবে টিকট বুকিং সম্ভৱ নহ'ল। যাব বাবে দুয়োখন চহৰৰ মুঠ ২৪৩ গৰাকী লোকে যাত্ৰাৰ বাবে অনুমতি লাভ নকৰিলে।

বন্দে ভাৰত মিছনৰ তৃতীয় পৰ্যায়ত এয়াৰ ইণ্ডিয়াৰ মুঠ ৭০ খন বিমান চলিব। এই বিমানসমূহেৰে আমেৰিকা আৰু কানাডাত আবদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হ'ব। ১১ জুনৰ পৰা ৩০ জুনলৈ এই সেৱা উপলব্ধ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে উল্লেখ কৰা অনুসৰি বন্দে ভাৰত মিছনত তৃতীয় পৰ্যায়ত অধিক সংখ্যক বিমানৰ ব্যৱস্থা কৰা হ'ব। এই বিমানসমূহেৰে আমেৰিকা আৰু কানাডাত আবদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ উভতাই অনা হ'ব।

ইতিমধ্যে ১ জুনত এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ডুবাই,আবু ধাবি,টকিঅ',মস্কো আদি বহুকেইখন বহিৰাষ্ট্ৰৰ চহৰৰ পৰা মুঠ ৩,৮৯১ গৰাকী লোকক ভাৰতলৈ লৈ অনা হৈছে। ৬ জুনলৈকে এই আঁচনিৰ অধিনত প্ৰায় ৫৭,০০০ লোকক ভাৰতলৈ অনা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃস্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.