ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন ভাৰতৰ বিষয়ঃট্ৰাম্প

author img

By

Published : Feb 25, 2020, 11:02 PM IST

Trump: CAA is India's decision, No talks on religious freedom
ট্ৰাম্পৰ ভাৰত ভ্ৰমণ

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণৰ দ্বিতীয়দিনৰ কাৰ্যসূচী অনুসৰি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত ব্যক্তিৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰে আলোচনা কৰে বুলি প্ৰকাশ কৰে ৷

নতুন দিল্লী,25 ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত কিছু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে ধৰ্মীয় স্বাধীনতা সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰে আলোচনা কৰে বুলি প্ৰকাশ কৰে ৷ মঙলবাৰে ট্ৰাম্পৰ ভ্ৰমণৰ দ্বিতীয়দিনৰ কাৰ্যসূচী অনুসৰি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত অনুষ্ঠিত সংবাদমেলত এই কথা প্ৰকাশ কৰে ৷

দিল্লীত হৈ থকা হিংসাত্মক ঘটনা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ লগত ধৰ্মীয় স্বাধীনতা সম্পৰ্কে আলোচনাত মিলিত হোৱা বুলি উল্লেখ কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিজন ব্যক্তিয়ে ধৰ্মীয় স্বাধীনতা লাভ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে ৷ মোডীয়ে বাস্তৱক্ষেত্ৰত এই বিষয়ত কাম কৰি থকা বুলিয়ো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে ৷ লগতে দিল্লীত ঘটি থকা হিংসাত্মক ঘটনা সম্পৰ্কত কোনো ধৰণৰ আলোচনা কৰা নাই বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷ এয়া ভাৰতৰ নিজস্ব বিষয় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি বিষয়টোৰ পৰা ফালৰি কাটে ৷

উল্লেখ্য যে,উত্তৰ-পূব দিল্লীত নাগৰিকত্ব সংশোধনী আইনক লৈ চলা প্ৰতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিছে ৷ দিল্লীত ঘটি থকা হিংসাত্মক কাৰ্যত বৰ্তমানলৈকে 10 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন পাঁচজনক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় ৷ সোমবাৰে হিংসাত্মক ঘটনাত দিল্লী আৰক্ষীৰ মুখ্য কনিষ্টবল ৰতনলালে প্ৰাণ হেৰুৱায় ৷

লগতে চাওকঃদিল্লীত আৰক্ষীৰে সংঘৰ্ষত নিহতৰ সংখ্যা 13 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.