ETV Bharat / bharat

পতাকা উত্তোলনেৰে টিআৰএছৰ ২০ সংখ্যক বৰ্ষপূতি পালন কৰিবলৈ আহ্বান চন্দ্ৰশেখৰ ৰাওৰ

author img

By

Published : Apr 26, 2020, 9:11 PM IST

২৬ এপ্ৰিলত তেলেংগানাৰ টিআৰএছ চৰকাৰৰ ২০ সংখ্যক বৰ্ষপূতি অনুষ্ঠান উপলক্ষে দলটোৰ নেতা সকলক নিজৰ নিজৰ কাৰ্যালয়ত লক ডাউন উলংঘা নকৰাকৈ পতাকা উত্তোলন কৰিবলৈ আহ্বান তেলেংগানাৰ ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষ তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱৰ।

চন্দ্ৰশেখৰ ৰাও
পতাকা উত্তোলনেৰে টিআৰএছৰ ২০ সংখ্যক বৰ্ষপূতি পালন কৰিবলৈ আহ্বান চন্দ্ৰশেখৰ ৰাওৰ

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ সোমবাৰ অৰ্থাৎ ২৬ এপ্ৰিলত ২০ বছৰত ভৰি থব টিআৰএছ দলে। যাৰ বাবে তেলেংগানাৰ ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষ তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে সোমবাৰে পুৱা ভাগত টিআৰএছ কাৰ্যালয়ত দলীয় কৰ্মী তথা জনসাধৰণক শুভেচ্ছা জনোৱাৰ অৰ্থে পতাকা উত্তোলন কৰিব বুলি জানিবলৈ দিয়ে । লক ডাউন তথা কৰ'ণা ভাইৰাছৰ সংকটময় সময়ত দলৰ বৰ্ষপূতি উদযাপন কৰা এয়া নম্ৰ উপায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

চন্দ্ৰশেখৰ ৰাও
পতাকা উত্তোলনেৰে টিআৰএছৰ ২০ সংখ্যক বৰ্ষপূতি পালন কৰিবলৈ আহ্বান চন্দ্ৰশেখৰ ৰাওৰ

দেওবাৰে এক প্ৰেছ বিবৃতিযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"তেলেংগানাই ৰাজ্য়ৰ মৰ্যদা লাভ কৰাৰ উপৰিও, টিআৰএছ য়ে এই দুটা দশকত বহু গুৰুত্বপূৰ্ণ বস্তু লাভ কৰিছে ।

টি আৰ এছ চৰকাৰে বিগত ৬ বৰ্ষত বহুতো কল্যাণমূলক কাম কৰি আহিছে । যেনে,বিজুলী ব্যৱস্থা,খোৱা পানীৰ যোগান ধৰা,কৃষি,উদ্যোগ ব্যৱস্থাকে ধৰি বহুতো দিশত কাম কৰি আহিছে । এই সমস্যাসমূহৰ সমাধান কৰিবলৈ চৰকাৰে বহুতো কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল যদিও সকলো জনসাধৰণৰ বাবেই কৰি আহিছিল বুলি ৰাৱে মন্তব্য় কৰে ।"

আনহাতে,মুখ্যমন্ত্ৰী গৰাকীয়ে টি আৰ এছৰ নেতাসকলক নিজৰ নিজৰ কৰ্মস্থানত পতাকা উত্তোলন কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে লক ডাউন উলংঘা নকৰিবলৈ আহ্বান জনাই ।

টিআৰএছৰ ৱেবছাইট অনুসৰি, ২০০১ চনৰ ২৭ এপ্ৰিলত ৰাজ্যৰ মৰ্যদা দিয়া হৈছিল তেলেংগানাক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.