ETV Bharat / bharat

পশ্চিমবংগত এগৰাকী শিক্ষকৰ মহানুভৱতা

author img

By

Published : Sep 5, 2020, 12:13 PM IST

পশ্চিমবংগত এগৰাকী শিক্ষকৰ মহানুভৱতা । শিক্ষাৰ পোহৰেৰে কণ কণ শিশুৰ জীৱন আলোকিত কৰাৰ প্ৰয়াস । আদিবাসী শিশুক বিনামূলীয়াকৈ নিতৌ পাঠদান কৰাই আহিছে পশ্চিমবংগৰ বাবুনাথ টুডু নামৰ এগৰাকী শিক্ষকে ।

পশ্চিমবংগত আদিবাসী জনাজাতিৰ শিশুক বিনামূলীয়া পাঠদান এগৰাকী শিক্ষকৰ
পশ্চিমবংগত আদিবাসী জনাজাতিৰ শিশুক বিনামূলীয়া পাঠদান এগৰাকী শিক্ষকৰ

নেশ্যনেল ডেস্ক,৪ছেপ্টেম্বৰ: শিক্ষাৰে সমাজ ব্যৱস্থাত পৰিৱৰ্তন অনাৰ মহান উদ্দেশ্যেৰে পশ্চিমবংগৰ এগৰাকী শিক্ষকে শিক্ষালাভৰ পৰা বঞ্চিত কণ কণ শিশুৰ মনত জ্ঞানৰ বীজ ৰোপণৰ বাবে কৰিছে প্ৰয়াস । অতি কষ্টৰে নিজে শিক্ষাগ্ৰহণ কৰা বাবুনাথ টুডু নামৰ এইগৰাকী শিক্ষকে আদিবাসী শিশুসকলক বিনামূলীয়াকৈ দি আহিছে শিক্ষাদান ।

দৈনিক হাজিৰা কৰি এমুঠি ভাতৰ যোগাৰ কৰা দৰিদ্ৰ লোকসকলে নিজৰ সন্তানক ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়াবলৈ বহন কৰিব নোৱাৰে খৰছ । সেয়েহে শিক্ষাৰ পৰা বঞ্চিত শিশুৰ বাবে আশাৰ ৰেঙণিস্বৰূপ হৈ পৰিছে বাবুনাথ টুডু নামৰ শিক্ষক গৰাকী ।

শিক্ষক গৰাকীয়ে প্ৰথমে এজোপা আঁহত গছৰ তলতে এটি শিশুক বিনামূলীয়া পাঠদান কৰি এই মহান কামৰ আৰম্ভণি কৰিছিল । তেওঁৰ কামত সহযোগ কৰিছিল পত্নী গৰাকীয়েও। ক্ৰমান্বয়ে বৃদ্ধি হৈ পৰে পাঠদানৰ গ্ৰহনৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । ইয়াৰ পিছতে শিক্ষক গৰাকীয়ে আদিবাসী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এখন বিনামূলীয়া আবাসিক বিদ্যালয় স্থাপন কৰে ।

সম্প্ৰতি ৫০ৰ পৰা ৮৩জন শিক্ষাৰ্থীক নিতৌ পাঠদান আগবঢ়াই আহিছে বাবুনাথ টুডুৱে । ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়া খাদ্যৰো ব্যৱস্থা ৰাখিছে টুডু আৰু তেওঁৰ পত্নীয়ে । পিছপৰা জনগোষ্ঠীটোৰ মাজত শিক্ষাৰ পোহৰ বিলাই তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নীত কৰাই হৈছে বাবুনাথ টুডু নামৰ এইগৰাকী শিক্ষকৰ মূল উদ্দেশ্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.