ETV Bharat / bharat

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক

author img

By

Published : Aug 26, 2020, 1:26 PM IST

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক
কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে দলটোৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক। জি এছ টি, JEE(MAIN), NEET ৰ বিষয়ে বৈঠকত আলোচনা হয় ৷

নেশ্যনেল ডেস্ক, ২৬আগষ্ট : কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জি এছ টিৰ জৰিয়তে সংগ্ৰহিত ৰাজহৰ খতিয়ান দিয়াৰ পিছতে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ ভাৰ্চুৱেল বৈঠক । কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । জি এছ টি, JEE(MAIN), NEET ৰ বিষয়ে বৈঠকত আলোচনা হয় । বৈঠকত পশ্চিমবংগ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতৃত্বই অংশগ্ৰহণ কৰে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ১ আগষ্টত প্ৰকাশ কৰা তথ্য অনুসৰিস জুলাই মাহত জি এছ টিৰ জৰিয়তে মুঠ ৮৭,৪২২ কোটি টকা ৰাজহ সংগ্ৰহ হৈছে । কৰ'ণাৰ সংকটকালত বিগত বছৰৰ তুলনাত এই ৰাজহৰ পৰিমাণ ১৪% হ্ৰাস পাইছে । আনহাতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে ঘোষণা কৰিছে যে, অহা ১৩ ছেপ্টেম্বৰৰ পৰা JEE(MAIN) আৰু অহা ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত NEET অনুষ্ঠিত কৰা হ'ব ।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে JEE আৰু NEET ৰ পৰীক্ষা স্থগিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল । মমতা বেনাৰ্জীৰ উপৰিও কেইবাগৰাকী মন্ত্ৰীয়ে JEE আৰু NEET ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছিল । বুধবাৰে জি এছ টি আৰু পৰীক্ষা সন্দৰ্ভত কংগ্ৰেছৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক : COVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.