ETV Bharat / bharat

উত্তৰ-পূৱ দিল্লী হিংসা : আৰক্ষীৰ সন্মুখত শ্বাহৰুখৰ স্বীকাৰোক্তি

author img

By

Published : Mar 5, 2020, 10:18 AM IST

শ্বাহৰুখৰ চিকাৰোক্তি
শ্বাহৰুখৰ চিকাৰোক্তি

আৰক্ষীৰ সোধ পোছ অব্যাহত আছে দিল্লীৰ হিংসাত্মক ঘটনাত মুকলিকৈ গুলী চালনা কৰা শ্বাহৰুখৰ সৈতে ৷ প্ৰাথমিক পৰ্যায়ৰ সোধ পোছত শ্বাহৰুখে আৰক্ষীক জনায় যে, 24 ফেব্ৰুৱাৰীত নিজ প্ৰেয়সীক লগ কৰিবলৈ যাবলৈ শ্বাহৰুখে যোজা কৰি থকা সময়তে সংঘাতৰ কথা গম পাই বন্দুক এটা লৈ ওলাই গৈছিল ৷

নেশ্যনেল ডেস্ক, 5 মাৰ্চঃ 24 ফেব্ৰুৱাৰীত নিজ প্ৰেয়সীক লগ কৰিবলৈ যাবলৈ শ্বাহৰুখে যোজা কৰি থকা সময়তে সংঘাতৰ কথা গম পাই বন্দুক এটা লৈ ওলাই গৈছিল ৷ তাতে গৈ তেওঁ বন্দুক চলাইছিল ৷ কিন্তু যেতিয়া তেওঁৰ ভিডিও' চাৰিওফালে ভাইৰেল হৈ গৈছিল তেতিয়া তেওঁ পলায়ন কৰে ৷ সোধ পোছৰ সময়ত শ্বাহৰুখে আৰক্ষীক কয়, তেওঁ শৰীৰ চৰ্চাৰ বাবে জিমলৈ যায় ৷ টিকটকত ভিডিঅ' বনোৱাৰ লগতে পাৰ্টী কৰাৰ ক্ষেত্ৰতো আগ্ৰহী ৷ তেওঁৰ এগৰাকী দুগৰাকী নহয় চাৰি গৰাকীকৈ প্ৰেয়সীও আছে ৷

24 ফেব্ৰুৱাৰীত তেওঁ প্ৰেয়সীক লগ কৰিবলৈ যোৱাৰ কথা আছিল ৷ ওলাই যোৱাৰ আগতে তেওঁ গম পালে যে, জাফৰাবাদৰ ওচৰত দুটা সম্প্ৰদায়ে ভিৰ কৰিছেহি ৷ এই বিষয়ে গম পোৱাৰ পিচতে তেওঁ খঙেৰে ঘৰৰ পৰা এটা অস্ত্ৰ লৈ সেই ঠাইলৈ গৈ গুলীচালনা কৰে ৷

দিল্লীৰ সংঘাতৰ সময়ত মুকলিকৈ গুলী চালনা কৰা শ্বাহৰুখৰ চিকাৰোক্তি

আৰক্ষীৰ সোধ পোছত তেওঁ কয়, যেতিয়া তেওঁ গুলী চলাই আছিল তেতিয়া আৰক্ষীৰ লোক লাঠী লৈ সেই স্থানলৈ আহে ৷ তেওঁ বন্দুক দেখুৱাই আৰক্ষীৰ লোকক কয় যে, 'তেওঁৰ আৰক্ষীৰ লগত কোনো ধৰণৰ শত্ৰুতা নাই, সেয়ে তেওঁৰ বাটৰ পৰা যেন তেওঁলোক গুছি যায় ৷' যেতিয়া হিংসাত্মক পৰিস্থিতি বাঢ়ি যায়, তেতিয়া তেওঁ ঘৰলৈ উভতে ৷ ঘৰলৈ গৈ তেওঁ দেখে যে, টেলিভিছনত তেওঁৰ ভিডিঅ' চলি আছে ৷ তাৰ পিচতেই ঘৰৰ পৰা কিছু টকা লৈ তেওঁ বাইকেৰে খুড়াকৰ ঘৰলৈ গৈ, তাৰ পৰা চাৰিচকীয়া বাহন এখনেৰে ক'ৰবালৈ গুছি যায় ৷

পলাতক অৱস্থাত থকা শ্বাহৰুখে আৰক্ষীক কয় যে, 24 তাৰিখৰ ৰাতিটো তেওঁ কণাঁট প্লেচৰ পাৰ্কিঙত কটায় ৷ 25 তাৰিখে পুৱা তেওঁ জলন্ধৰৰ পৰা ওলাই যায়, য'ৰ পৰা তেওঁ গৈছিল এগৰাকী আত্মীয় ঘৰত থাকিবলৈ ৷ কিন্তু ইতিমধ্যে সেই আত্মীয় গৰাকীয়ে তেওঁৰ ভাইৰেল হোৱা ভিডিঅ'টো দেখিছিল ৷ সেয়েহে তেওঁ চলেৰে শ্বাহৰুখক জলন্ধৰলৈ আহিব মানা কৰে ৷ সেয়েহে শ্বাহৰুখ পানীপথলৈ আহি তাৰ পৰা বৰেলীলৈ যায় আৰু বৰেলীৰ পৰা শামলী ৷ তিনিদিনলৈ তেওঁ শামলীত এগৰাকী আত্মীয়ৰ ঘৰত থাকে ৷ তেওঁ দিনত ফুৰিবলৈ ওলাই যায় আৰু ৰাতি উভতি আহে ৷

শ্বাহৰুখে তেতিয়া এটা নতুন মোবাইল ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীৰ সন্মুখত কয় ৷ তেওঁৰ তাত আগৰে এখন ছিম আছিল, যিখন তেওঁ ব্যৱহাৰ কৰিছিল আৰু গাড়ীখনো তেওঁ শামলীৰে কোনো ঠাইত লুকুৱাই থৈছিল ৷ আৰক্ষীৰ দলে যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিছিল, তেতিয়া তেওঁ আন দিনাৰ দৰেই ফুৰিব ওলাই গৈছিল ৷ কিন্তু এইবাৰ সেইবাৰ শ্বাহৰুখ আৰক্ষীৰ কবলৰ পৰা সাৰি নগ'ল ৷

আৰক্ষীৰ সোধ পোছত শ্বাহৰুখে প্ৰথম অৱস্থাত তেওঁ ব্যৱহাৰ কৰা অস্ত্ৰৰ বিযয়ে মিছা মাতিছিল যদিও, পিচলৈ তেওঁ দিল্লীতে সেই অস্ত্ৰ লুকুৱাই থৈছিল বুলি স্বীকাৰ কৰে ৷ লগতে সেই অস্ত্ৰ তেওঁ নিজৰ ফেক্টৰীত কৰ্মৰত এগৰাকী কৰ্মীৰ পৰা 10 হাজাৰ টকাৰ বিনিময়ত কিনিছিল বুলি কয় ৷

লগতে পঢ়কঃ দিল্লীৰ হিংসাত্মক ঘটনাঃ আৰক্ষীলৈ গুলীচালনা কৰা শ্বাহৰুখক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.