ETV Bharat / bharat

দিল্লীৰ হিংসাত্মক ঘটনাঃ আৰক্ষীলৈ গুলীচালনা কৰা শ্বাহৰুখক গ্ৰেপ্তাৰ

author img

By

Published : Mar 3, 2020, 6:58 PM IST

উত্তৰ-পূৱ দিল্লীৰ মৌজপুৰত সংঘটিত হিংসাত্মক ঘটনাত আৰক্ষীলৈ গুলীচালনা কৰা শ্বাহৰুখ নামৰ লোকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ শ্বাহৰুখে গুলীচালনাত দেশত নিৰ্মিত বন্দুক ব্যৱহাৰ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ শ্যামলীৰ পৰা শ্বাহৰুখক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে দিল্লীলৈ নিয়া হৈছে ৷

Delhi violence Police arrested Shahrukh in cause of fireing delhi violence Etv bharat news
দিল্লীৰ হিংসাত্মক ঘটনা

নিউজ ডেস্ক,3 মাৰ্চঃ উত্তৰ-পূৱ দিল্লীৰ মৌজপুৰত সংঘটিত হিংসাত্মক ঘটনাত আৰক্ষীলৈ গুলীচালনা কৰা শ্বাহৰুখ নামৰ যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ শ্বাহৰুখে গুলীচালনাত ব্যৱহাৰ কৰিছিল দেশত নিৰ্মিত পিষ্টল ৷ উত্তৰ প্ৰদেশৰ শ্যামলীৰ পৰা শ্বাহৰুখক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে দিল্লীলৈ নিয়া হৈছে ৷ বিগত 28 ফেব্ৰুৱাৰীত 33 বছৰীয়া শ্বাহৰুখে জাফৰাবাদ-মৌজপুৰ পথত আৰক্ষীলৈ গুলীচালনা কৰা ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ আৰক্ষীৰে গিজগিজাই থকাৰ পিছতো শ্বাহৰুখে দীপক দহিয়া নামৰ আৰক্ষী বিষয়াজনৰ ওপৰত 8জাঁই গুলীচালনা কৰিছিল ৷ আৰক্ষী বিষয়া দীপক দহিয়ায়ে সংবাদ মাধ্যমক জনোৱা অনসৰি, গুলীচালনাৰ সময়ত আৰক্ষী বিষয়াগৰাকীয়ে শ্বাহৰুখক লাঠীৰে ভয় খুৱাবলৈ চেষ্টা কৰিছিল যদিয়ো শ্বাহৰুখে তিনিটা গুলী চলোৱাৰ পিছত উক্ত ঠাইৰ পৰা পলায়ন কৰে ৷

Delhi violence Police arrested Shahrukh in cause of fireing delhi violence Etv bharat news
দিল্লীৰ হিংসাত্মক ঘটনা

বিগত সময়ত উত্তৰ-পূৱ দিল্লীত তিনিদিন ধৰি সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় 200 জন লোক গুৰুতৰভাৱে আহত হয় ৷ দিল্লীৰ মুখ্য আৰক্ষী তথা ইণ্টেলিজেন্স ব্যুৰ’ (IB)ৰ বিষয়া অংকিত শৰ্মাকে ধৰি 46 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ অধীনত দুটাকৈ বিশেষ অনুসন্ধান দল গঠন কৰা হৈছে ৷

লগতে চাওকঃঅৰণ্য মানৱ যাদৱ পায়েঙলৈ ‘কমনৱেল্থ পইণ্টছ অৱ লাইট এৱাৰ্ড’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.