ETV Bharat / bharat

নমস্তে ট্ৰাম্পত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সম্পূৰ্ণ ভাষণ

author img

By

Published : Feb 25, 2020, 4:18 AM IST

Updated : Feb 25, 2020, 7:50 AM IST

ড’নাল্ড ট্ৰাম্প
নমস্তে ট্ৰাম্পত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সম্পূৰ্ণ ভাষণ

এই দেশৰ প্ৰতিজন নাগৰিকক এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ ফাৰ্ষ্ট লেডী আৰু মই ৮ হাজাৰ মাইল ভ্ৰমণ কৰি আহিছো । সেয়া হ’ল—আমেৰিকাই ভাৰতবৰ্ষক ভাল পায় আৰু আমেৰিকা সদায় ভাৰতৰ জনগণৰ বাবে বিশ্বাসযোগ্য আৰু দায়বদ্ধ বন্ধু হৈ থাকিব । পাঁচ মাহ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই আপোনালোকৰ প্ৰধানমন্ত্ৰীক টেক্সাছৰ এখন বিশাল ফুটবল ষ্টেডিয়ামত আদৰণি জনাইছিল আৰু ভাৰতবৰ্ষই আমাক আহমেদাবাদত থকা পৃথিৱীৰ সবাতোকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনত আদৰিছে । ধুনীয় নতুন ষ্টেডিয়ামখনত থকাটো আপোনালোকৰ সৈতে ম’টেৰা ষ্টেডিয়ামত থাকিব পৰাটো এক গভীৰ সন্মান-ড’নাল্ড ট্ৰাম্প

ৰাষ্ট্ৰপতি ট্ৰাম্পঃ নমস্কাৰ, নমস্কাৰ ! আৰু ভাৰতবৰ্ষলৈ হেল্লো । এয়া এক ডাঙৰ সন্মান । ব্যতিক্ৰমী নেতা,ভাৰতৰ চেম্পিয়ন,এনে এজন লোক যিয়ে তেওঁৰ দেশৰ বাবে দিন-ৰাতি কাম কৰে আৰু এনে এজন মানুহ যাক মই মোৰ সঁচা বন্ধু বুলি ক’বলৈ গৌৰৱ অনুভৱ কৰো তেওঁ প্ৰধানমন্ত্ৰী মোদী, তেওঁক মই কৃতজ্ঞতা জনাই আৰম্ভ কৰিবলৈ লৈছো ।

এই দেশৰ প্ৰতিজন নাগৰিকক এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ ফাৰ্ষ্ট লেডী আৰু মই ৮ হাজাৰ মাইল ভ্ৰমণ কৰি আহিছো। সেয়া হ’ল—আমেৰিকাই ভাৰতবৰ্ষক ভাল পায় আৰু আমেৰিকা সদায় ভাৰতৰ জনগণৰ বাবে বিশ্বাসযোগ্য আৰু দায়বদ্ধ বন্ধু হৈ থাকিব। পাঁচ মাহ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই আপোনালোকৰ প্ৰধানমন্ত্ৰীক টেক্সাছৰ এখন বিশাল ফুটবল ষ্টেডিয়ামত আদৰণি জনাইছিল আৰু ভাৰতবৰ্ষই আমাক আহমেদাবাদত থকা পৃথিৱীৰ সবাতোকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনত আদৰিছে । ধুনীয় নতুন ষ্টেডিয়ামখনত থকাটো, আপোনালোকৰ সৈতে ম’টেৰা ষ্টেডিয়ামত থাকিব পৰাটো এক গভীৰ সন্মান । খুবেই ধুনীয়া ! লগতে আপোনালোকৰ দেশৰ লগতে সমগ্ৰ বিশ্বৰে বহু সন্মানীয় অতিথি উপস্থিত আছে । আপোনালোকৰ অপৰূপ দেশলৈ আদৰণি জনোৱাৰ বাবে যিসকল হাজাৰ হাজাৰ লোকে ৰাজপথত শাৰী পাতি ভাৰতীয় সংস্কৃতি আৰু মমতা প্ৰদৰ্শন কৰিবলৈ ওলাই আহিছে তেওঁলোকৰ লগতে এই বিশাল ষ্টেডিয়ামমত উপস্থিত থকা ১২৫০০০ লোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনটো এইখন মহান দেশৰ সীমাহীন প্ৰতিশ্ৰুতিৰ প্ৰতি উচৰ্গা কৰিছে। তেওঁ পিতৃৰ সৈতে চাহৱালা বা চাহ বিক্ৰেতা হিচাপে এই যাত্ৰাৰ পাতনি মেলিছিল । তেওঁ যুৱক থকা অৱস্থাত এইখন চহৰৰে এখন দোকানত কাম কৰিছিল । সকলোৱে তেওঁক ভাল পায় । কিন্তু আপোনালোকক মই এটা কথা ক’মঃ তেওঁ বহুত কঠিন । বৰ্তমান এই বৃহৎ ভাৰতীয় গণৰাজ্যখনৰ প্ৰধানমন্ত্ৰী মোদী অতিশয় জনপ্ৰিয় নেতা । বিশ্বৰ কোনো প্ৰান্তৰতে নোহোৱা সৰ্ববৃহৎ গণতান্ত্ৰিক নিৰ্বাচনত যোৱা বৰ্ষত ছশ মিলিয়ন লোকে ভাগ লৈ তেওঁক অভূতপূৰ্ব বিজয় প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰী মোদী, আপুনি কেৱল গুজৰাটৰ গৌৰৱ নহয় । আপুনি জীৱন্ত প্ৰমাণ যে কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে ভাৰতীয়সকলে যিকোনো বস্তুৱে লাভ কৰিব পাৰে –তেওঁলোকে যিকোনো বিচাৰে সেয়াই পাব পাৰে ।

প্ৰধানমন্ত্ৰীৰ দৰেই এইখন দেশৰ উত্থানৰ এক অনন্য কাহিনী আছে । আপোনালোকৰ দেশখন ভালদৰে আগবাঢ়ি আছে । আমি ভাৰতকলৈ অতিকৈ গৰ্বিত,অতিকৈ গৰ্বিত । ভাৰত ৰাষ্ট্ৰৰ কাহিনী এক আচৰিত ধৰণৰ প্ৰগতিৰ কাহিনী,আশ্চৰ্যকৰ গণতন্ত্ৰ, অভিনৱ বৈচিত্ৰ আৰু সবাতোকৈ ওপৰত শক্তিশালী আৰু ভদ্ৰ লোকসকল । মানৱ জাতিৰ সকলোৰে বাবে ভাৰতবৰ্ষই আশাৰ সঞ্চাৰ কৰে । মাত্ৰ ৭০ বছৰৰ ভিতৰতে ভাৰতবৰ্ষ বৃহৎ অৰ্থনৈতিক শক্তি বৰ্তি থকা সৰ্বকালৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু পৃথিৱীৰ ভিতৰতে অন্যতম অভিনৱ দেশ হিচাপে পৰিগণিত হৈছে ।

শতিকা আৰম্ভ হোৱাৰে পৰা ভাৰতবৰ্ষৰ অৰ্থনীতিৰ পৰিমাণ ছগুণ বৃদ্ধি পাইছে । এটা মাত্ৰ দশকতে ভাৰতে ২৭০ মিলিয়ন লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ অদীনত ইতিহাসত প্ৰথমবাৰৰ বাবে বৰ্তমান ভাৰতৰ প্ৰতিখন গাঁৱতে বিদ্যুতৰ সুবিধা আছে । তিনিশ বিশ মিলিনতকৈ অধিক ভাৰতীয় এতিয়া ইণ্টাৰনেটৰ সৈতে সংযুক্ত । ঘাইপথ নিৰ্মাণৰ গতি দুগুণ বৃদ্ধি পাইছে । ভাবকচোন—৭০ মিলিয়ন! ৭০ মিলিয়ন অধিক ভাৰতীয় পৰিয়ালৰে ৰন্ধন ইন্ধনৰ সুবিধা আছে ৷ ছশ মিলিয়নততৈ অধিক লোকৰেই প্ৰাথমিক অনাময়ৰ সুবিধা আছে আৰু আচৰিতভাৱে প্ৰতি দিনে প্ৰতি মিনিটত ১২গৰাকী ভাৰতীয় নাগৰিকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে ।

ভাৰতবৰ্ষ শীঘ্ৰে বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক মধ্যবিত্তীয় শ্ৰেণীৰ দেশ হৈ পৰিব। লগতে মাত্ৰ দহ বছৰৰ ভিতৰত আপোনালোকৰ দেশৰ পৰা তীব্ৰ দৰিদ্ৰতা দূৰ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ভাৰতৰ সক্ষমতা সঁচাকৈয়ে অনন্য । এখন সমৃদ্ধিশালী আৰু স্বাদেন দেশ হিচাপে ভাৰতৰ অগ্ৰগতি পৃথিৱীৰ প্ৰতিখন দেশৰ বাবেই এক উদাহৰণ আৰু আমাৰ শতিকাটোৰ অন্যতম উল্লেখনীয় কৃতিত্ব । এয়া অধিক অনুপ্ৰেৰণাদায়ক । কিয়নো এই কাম আপোনালোকে গণতান্ত্ৰিক দেশ হিচাপে কৰিছে,শান্তিপূৰ্ণ দেশ হিচাপে কৰিছে,আপোনালোকে এয়া এখন সহনশীল দেশ হিচাপে কৰিছে আৰু আপোনালোকে এই কাম এখন মহান দেশ হিচাপে কৰি দেখুৱাইছে ।

হেঁচা,ভাবুকি আৰু আগ্ৰাসনৰে শক্তি আহৰণ কৰিব বিচৰা এখন দেশ আৰু জনগণক স্বাধীনতা দি তেওঁলোকৰ সপোন সাকাৰ কৰাৰ সুবিধা প্ৰদান কৰি আগবঢ়া এখন দেশৰ মাজত পাৰ্থক্য আছে । সেই দেশখনেই ভাৰতবৰ্ষ। যাৰ ফলত য’তেই যায় বিগত ৭০ বছৰত ভাৰতৰ কৃতিত্ব সম্পূৰ্ণৰূপে অপ্ৰতিদ্বন্দী । মুক্ত সমাজৰ শক্তিৰ ওপৰত আপোনালোকৰ বিশ্বাস,আপোনালোকৰ নিজৰ লোকসকলৰ প্ৰতি থকা আত্মবিশ্বাস,নিজকৰ নাগৰিকৰ প্ৰতি আপোনালোকৰ আস্থা আৰু প্ৰতিজন লোকৰ মৰ্যাদাৰ প্ৰতি আপোনালোকৰ সন্মানেই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত প্ৰাকৃতিক ধুনীয়া আৰু দীৰ্ঘম্যাদী বন্ধুত্ব গঢ়ি তুলিছে । আমাৰ দেশ দুখনৰ মাজত বহু পাৰ্থক্য থাকিলেও উভয়েই এক মৌলিক সত্যৰ দ্বাৰা বান্ধ খাই আছে । সেই সত্য হৈছে আমি সকলোৱে স্বৰ্গীয় আলোকেৰে ধন্য আৰু প্ৰতিজন লোকৰে এখন পৱিত্ৰ হৃদয় আছে ।

এগৰাকী মহান ধৰ্মগুৰু হিচাপে স্বামী বিবেকানন্দই এবাৰ কৈছিল –যেতিয়াই মই এজন মানুহৰ সন্মুখত সন্মানেৰে থিয় হওঁ আৰু তেওঁৰ মাজত ভগৱানক বিচাৰি চাওঁ, সেই মুহূৰ্ততে মই মুক্ত হৈ পৰো। আমেৰিকা আৰু ভাৰতত আমি জানো যে আমি সকলোৱে এক উচ্চ উদ্দেশ্যৰে জন্মগ্ৰহণ কৰিছো– আমাৰ সম্পূৰ্ণ সক্ষমতাত উপনীত হোৱা, দক্ষতা আৰু নিৰ্ভুল পৰ্যায় লাভ কৰিবলৈ কাম কৰা আৰু সকলো কৃতিত্ব ভগৱানক প্ৰদান কৰা ।

এই উদ্যমৰ দ্বাৰাই শক্তিশালী হৈ আমেৰিকান আৰু ভাৰতীয়সকলে সদায় মহান হ’বলৈ চেষ্টা কৰি আছে, আমাৰ লোকসকলে সদায় অধিক ভাল হ’ব বিচাৰে । সেয়ে আমাৰ দেশ দুখন সংস্কৃতি,বাণিজ্য আৰু সভ্যতাৰ অগ্ৰণী কেন্দ্ৰ হৈ সমগ্ৰ বিশ্বকে পোহৰ আৰু সজীৱতা প্ৰদান কৰিছে ।

এইখন দেশৰেই প্ৰতিভাৰ কেন্দ্ৰৰ পৰা প্ৰতি বছৰে প্ৰায় ২ হাজাৰ চিনেমা নিৰ্মাণ কৰা হয়,যি কেন্দ্ৰক সৃষ্টিশীলভাৱে বলিউড কোৱা হয় । বিশ্বজুৰি লোকসকলে ভাংৰা সংগীত,নৃত্য,ৰোমাঞ্চ,নাটক বা ক্লাছিক ভাৰতীয় ছবি যেনে ডি ডি এল জে, শ্বোলেৰ আনন্দ উপভোগ কৰে ।

এইখন দেশতেই শচীন তেণ্ডুলকাৰৰ পৰা বিৰাট কোহলিলৈকে বিশ্বৰ কেইবাগৰাকীও সুদক্ষ ক্ৰিকেটাৰকলৈ দেশবাসী উৎসাহী । পৃথিৱীৰ ভিতৰতেই মহান! এই ষ্টেডিয়াম যাৰ নামত উচৰ্গা কৰা হৈছে, মহান ভাৰতীয় দেশমপ্ৰেমিক আৰু এই ৰাজ্যৰ চৰ্দাৰ পেটেলক সন্মান প্ৰদান কৰিবলৈ পৃথিৱীৰ ভিতৰত ওখ মূৰ্তিটো এইখন দেশে নিৰ্মাণ কৰিছে । ভাৰত সেইখন দেশ য’ত কোটি কোটি জনতাই অপশক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় পালন কৰিবলৈ দীপাৱলীত বন্তি জ্বলায় । এইখন দেশতেই আজিৰ পৰা কিছুদিন পাছত সুন্দৰ উৎসৱ হোলী পালন কৰিবলৈ সকলো ধৰ্মৰ লোকে ৰাস্তালৈ ওলাই আহিব ।

ভাৰতবৰ্ষ এনে এখন দেশ যিয়ে গৌৰৱেৰে স্বাধীনতা, মুক্ততা, ব্যক্তিগত অধিকাৰ,আইনৰ শাসন প্ৰতিজন মানুহৰেই মৰ্যদাক আঁকোৱালি লয় ।

কোটি কোটি হিন্দু, মুছলমান,শিখ,জৈন,বৌদ্ধ,খ্ৰীষ্টান আৰু ইহুদীয়ে ওচৰা-উচৰিকৈ যিখন দেশত সমন্বয়েৰে উপাসনা কৰে তেনে এক স্থান হিচাপে পৃথিৱীজুৰি আপোনালোকৰ দেশৰ প্ৰশংসা কৰা হয় । এনে এখন দেশ য’ত আপোনালোকে এশটাৰো অদিক ভাষাত কথা পাতে আৰু এক ডজনতকৈ অদিক ৰাজ্যৰ পৰা আপোনালোক আহিছে,তাৰ পাছতো এখন মহাদেশ হিচাপে আপোনালোক শক্তিশালী ৰূপত থিয় দিছে । আপোনালোকৰ একতা বিশ্বৰ বাবে অনুপ্ৰেৰণাদায়ক । আমাৰ অনন্য বন্ধু, সহকৰ্মী, চুবুৰীয়া হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ৪ মিলিয়ন ভাৰতীয় আমেৰিকানৰ পৰা আমি ব্যক্তিগতভাৱে আমেৰিকাত ভাৰতীয় সংস্কৃতিৰ জ্যোতিৰ বিষয়ে জানিবলৈ পাইছো । তেওঁলোক সঁচাকৈয়ে উজ্জ্বল লোক । আমাৰ দেশৰ জীৱনৰ প্ৰতিটো দিশকেই ভাৰতীয় আমেৰিকানসকলে সমৃদ্ধ কৰিছে । তেওঁলোক ব্যৱসায়ৰ শক্তিশালী লোক,বিজ্ঞানৰ বিশাল আৰু শ্ৰেষ্ঠ অগ্ৰদূত,কলাত পাৰ্গত আৰু বিশ্বৰ কমসংখ্যক মানুহৰ মাজত দেখা পোৱা উদ্ভাৱনী গুণসম্পন্ন । চাৰিজন ভাৰতীয় আমেৰিকানৰ এজনৰেই শিপা আকৌ গুজৰাটত আছে । সেয়ে গুজৰাট এক বিশেষ স্থান । সেয়ে আপোনালোকৰ সংস্কৃতি আৰু পৰম্পৰাই আমাৰ আপোন দেশখনলৈ যি অৱদান আগবঢ়াইছে তাৰ বাবে আমেৰিকান ৰাইজৰ হৈ মই সকলোকে ধন্যবাদ জনাব বিচাৰিছো। দেশ দুখনৰ লোকসকলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ আমেৰিকানসকল আগ্ৰহী । আমেৰিকাত এইখিনি সময় সঁচাকৈয়ে উৎসাহজনক । অভূতপূৰ্বভাৱে আমাৰ অৰ্থনীতি ঊৰ্ধগামী হৈছে । আমাৰ লোকসকল সমৃদ্ধিশালী হৈ গৈছে আৰু উদ্যমো বৃদ্ধি পাইছে । অনাবিল প্ৰেম-ভালপোৱা কেউদিশে । আমি ইজনি-সিজনে সকলোকে ভাল পাওঁ ।

আমাৰ দেশৰ ইতিহাসত বৰ্তমান সৰ্বনিম্ন নিবনুৱাৰ হাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ আত্মবিশ্বাস সৰ্বকালৰ উচ্চ অভিলেখ ভংগ কৰিছে । আমাৰ সামৰিক শক্তি সম্পূৰ্ণৰূপে নৱগঠিত কৰা হৈছে । ই পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিছে । বিশ্বজুৰি মিত্ৰতা আৰু বন্ধুত্বক আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ষীপ্ৰতাৰে পুনৰুজ্জীৱিত কৰিছে । সামৰিক শক্তি পুনৰ গঠন কৰাৰ বাবে আমি আঢ়ৈ ট্ৰিলিয়ন ডলাৰ ব্যয় কৰিছো । এতিয়ালৈকে বিশ্বৰ আটাইতকৈ শক্তিশালী সামৰিক বাহিনী এয়া। সেয়ে আমাৰ অনবদ্য শক্তি আৰু সম্ভাৱনীয়তাৰ মিত্ৰতাক সম্প্ৰসাৰণ কৰিবলৈ ভালপোৱা আৰু শুভ চিন্তাৰ উৎসাহেৰে মই ভাৰতবৰ্ষলৈ আহিছো । অলপ সময় আগতে ইয়াৰ পৰা কিছু মাইল নিলগত অৱস্থিত মহাত্মা গান্ধীৰ আশ্ৰমখন য’ৰ পৰা তেওঁ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল সেই আশ্ৰমখন দৰ্শন কৰাৰ আনন্দ ফাৰ্ষ্ট লেডী আৰু মই লাভ কৰিছো । এইগৰাকী মহান নেতা যিগৰাকী নেতাক গোটেই বিশ্বতে শ্ৰদ্ধা কৰা হয় তেওঁৰ সন্মানাৰ্থে দিল্লীত মাল্যাৰ্পণ তথা ৰাজঘাটত এটি গছপুলি ৰোপণ কৰিম ।

আনহাতে ফাৰ্ষ্ট লেডী আৰু মই আপোনালোকৰ দেশৰ অন্যতম আকৰ্ষণীয় এক স্থান দৰ্শন কৰিব বিচাৰিছো। কিছু সময়ৰ পাছত আমি ৰাজকীয় তাজমহল চাবলৈ যাম । আমাৰ দেশ দুখনৰ মাজৰ সম্পৰ্ক কেনেদৰে গভীৰ কৰিব পাৰি সেই সম্পৰ্কেও প্ৰধানমন্ত্ৰী মোদী আৰু মই গুৰুত্বপূৰ্ণ আলোচনা চলাই যাম । আমি দুয়োজনেই বুজি পাওঁ যে যেতিয়া নেতাসকলে তেওঁলোকৰ নাগৰিকৰ স্বাৰ্থক যেতিয়া অগ্ৰাধিকাৰ দিয়ে,তেতিয়া আমি এখন অধিক নিৰাপদ আৰু সমৃদ্ধিশালী বিশ্ব গঢ়াৰ উদ্দেশ্যে শক্তিশালী আৰু স্বচ্ছ মিত্ৰতা স্থাপন কৰিব পাৰো । মাত্ৰ কিছু মাহ পূৰ্বে আমেৰিকান সৈন্য আৰু আপোনালোকৰ সাহসী সেনাবাহিনীয়ে সৰ্ব প্ৰথমবাৰৰ বাবে বায়ু,স্থল আৰু সমুদ্ৰত আমাৰ দুয়োখন দেশৰ মাজত সামৰিক অনুশীলন চলোৱাৰ পাছত এই গুৰুত্বপূৰ্ণ সম্পৰ্কই এক নতুন গতি লাভ কৰে । এয়া আমি ৰক্ষা কৰিব লাগিব । ইয়াক আমি বাঘৰ বিজয় বুলি কওঁ ।

যিহেতু আমি আমাৰ প্ৰতিৰক্ষা সহযোগিতা গঢ়িব বিচাৰিছো, ভাৰতবৰ্ষক কিছুসংখ্যক উৎকৃষ্ট আৰু এই জগতত আটাইতকৈ ভয় খোৱা সামৰিক সামগ্ৰী প্ৰদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আগ্ৰহী । বৰ্তমানলৈকে তৈয়াৰ কৰা সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ আমি তৈয়াৰ কৰো–সেয়া উৰাজাহাজ, মিছাইল, ৰকেট, নাও যিয়েই নহওক । আমি সৰ্বশ্ৰেষ্ঠসমূহেই তৈয়াৰ কৰো। এতিয়া আমি ভাৰতৰ সৈতে বুজাবুজি কৰি আছো । কিন্তু ইয়াত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা,সশস্ত্ৰ আৰু অস্ত্ৰবিহীন এৰিয়েল বাহন অন্তৰ্ভুক্ত। ঘোষণা কৰিবলৈ পাই মই আনন্দিত যে ভাৰতীয় বায়ুসেনাক একেবাৰে উৎকৃষ্ট,সুসজ্জিত সামৰিক হেলিকপ্টাৰ আৰু আন আন সা-সামগ্ৰী বিক্ৰী কৰিবলৈ কাইলৈ আমাৰ প্ৰতিনিধিসকলে তিনি বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিব ।

আমেৰিকা ভাৰতৰ প্ৰতিৰক্ষাৰ মূল অংশীদাৰ হোৱাটো উচিত বুলি মই বিশ্বাস কৰো আৰু সেয়া হৈ আছে । একেলগে আমি আমাৰ সাৰ্বভৌমত্ব, নিৰাপত্তাক ৰক্ষা কৰিম আৰু আমাৰ সন্তানৰ লগতে আহিবলগীয়া বহু প্ৰজন্মৰ বাবে মুক্ত ইণ্ডো-পেছিফিক অঞ্চলক সুৰক্ষা প্ৰদান কৰিম

মৌলবাদী ইছলামিক সন্ত্ৰাসবাদৰ পৰা আমাৰ নাগৰিকসকলক ৰক্ষা কৰাৰ উদ্দেশ্যে আমেৰিকা আৰু ভাৰতবৰ্ষ বজ্ৰকঠিন সংকল্পৰ জৰিয়তে দৃঢ়তাৰে একত্ৰিত । সন্ত্ৰাবসবাদে সৃষ্টি কৰা অস্থিৰতা আৰু দুখ আমাৰ দুয়োখন দেশেই লাভ কৰিছে । ইৰাক আৰু ইৰাকত আইছিছৰ ৰক্তপিপাসু হত্যাকাৰীসকলৰ ওপৰত আমেৰিকান সেনাবাহিনীৰ সম্পূৰ্ণ শক্তি মোৰ শাসনতেই প্ৰয়োগ কৰা হৈছে । আজি আইছিছৰ কেলিফেট বুলি কোৱা অঞ্চল এশ শতাংশই ধ্বংস কৰা হৈছে । লগতে আইছিছৰ প্ৰতিষ্ঠাপক তথা নেতা কুখ্যাত আল-বাগদাদী নিহত হৈছে । আমেৰিকাত আমি এই কথাও স্পষ্ট কৰি দিছো যে আমাৰ মূল্যবোধৰ মিল থকা আৰু আমাৰ মানুহক ভালপোৱা নৱাগতসকলক আমাৰ দেশলৈ সদায় আদৰণি জনাম । কিন্তু সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদ বা কোনোধৰণৰ উগ্ৰপন্থাৰ বাবে আমেৰিকাৰ দুৱাৰ চিৰদিন বন্ধ থাকিব । যাৰ বাবে আমি নিৰীক্ষণ আৰু প্ৰৱেশৰ বাবে আবেদন পৰীক্ষা উন্নত কৰিবলৈ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছো । দেশৰ নাগৰিকৰ নিৰাপত্তাত ভাবুকি দিয়া যিকোনো লোকৰে প্ৰৱেশত নিশ্চিতভাৱে বাধা দিবলৈ আমি কাম কৰি আছো আৰু যিসকলে এনেধৰণ পৰিকল্পনা কৰে তেওঁলোকে বহু ডাঙৰ ফল ভোগ কৰিব লাগিব । নিৰাপদ আৰু নিয়ন্ত্ৰিত সীমান্তৰ বাবে প্ৰতিখন ৰাষ্ট্ৰৰে অধিকাৰ আছে । সন্ত্ৰাসবাদীক ৰুদ্ধ কৰিবলৈ আৰু সিহঁতৰ আদৰ্শৰ বিৰুদ্ধে যুঁজ দিবলৈ আমেৰিকা আৰু ভাৰতবৰ্ষ একেলগে যুঁজ দিয়াত দায়বদ্ধ ।

এইটো কাৰণতে কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰে পৰা পাকিস্তানী সীমান্তত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনসমূহ ধ্বংস কৰিবলৈ মোৰ প্ৰশাসনে পাকিস্তানৰ সৈতে অতি ইতিবাচকতাৰে কাম কৰি আছে । পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক অতিকৈ ভাল । এনে প্ৰচেষ্টাৰ ফলতে আমি পাকিস্তানৰ সৈতে অগ্ৰগতি দেখা পাবলৈ আৰম্ভ কৰিছো । দক্ষিণ এছিয়াৰ সকলো দেশতেই অশান্তি হ্ৰাস,অধিক সুস্থিৰতা আৰু সমন্বয়ৰ ভৱিষ্যতকলৈ আমি আশাবাদী । এই অনন্য অঞ্চলত যিহেতু সমস্যা সমাধান আৰু শান্তি স্থাপনৰ বাবে ভাৰতবৰ্ষই দায়িত্ব লৈ আছে উন্নত এক ভৱিষ্যত গঢ়াৰ স্বাৰ্থত ভাৰতে নেতৃত্ব লোৱাৰ ক্ষেত্ৰত একক গুৰুত্বপূৰ্ণ ভূমিকা আছে । মোৰ এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদী আৰু মই আমাৰ দেশ দুখনৰ মাজত অৰ্থনৈতিক সম্পৰ্ক প্ৰসাৰিত কৰিবলৈও আলোচনা কৰিম । আমি অতিকৈ ডাঙৰ বাণিজ্য চুক্তি সম্পাদন কৰিম । আমেৰিকা আৰু ভাৰতবৰ্ষত বিনিয়োগৰ বাধাসমূহ হ্ৰাস কৰিবলৈ আলোচনাৰ এক প্ৰাথমিক পৰ্যায়ত আমি আছো । প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰি দুয়োখন দেশৰ বাবে হিতকৰ এক অনবদ্য চুক্তিত উপনীত হ’ব পাৰিম বুলি মই আশাবাদী । ইয়াৰ বাহিৰে তেওঁ বুজাবুজি কৰাত বহুত টান । মই কাৰ্যভাৰ লোৱাৰে পৰা এই দেশ দুখনৰ মাজত ব্যৱসায় ৪০ শতাংশ বৃদ্ধি পাইছে । আমেৰিকাৰ ৰপ্তানিৰ বাবে ভাৰতবৰ্ষ এতিয়া অন্যতম ডাঙৰ বজাৰ হোৱাৰ বিপৰীতে ভাৰতবৰ্ষৰ বাবে আমেৰিকা হৈছে সৰ্ববৃহৎ ৰপ্তানিৰ বজাৰ । এক সমৃদ্ধিশালী আমেৰিকা ভাৰতবৰ্ষ তথা বিশ্বৰ বাবে ভাল দিশ । যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত সৰ্বোৎকৃষ্ট অৰ্থনীতি বৰ্তমান আমাৰ আছে বুলি ঘোষণা কৰিবলৈ নিজকে সুখী অনুভৱ কৰিছো। আমেৰিকাত আমি প্ৰমাণ কৰিছো যে চাকৰি আৰু সুবিধাক আকৰ্ষিত কৰিবলৈ শ্ৰেষ্ঠ উপায় হৈছে ব্যৱসায়ৰ ওপৰত বোজা হ্ৰাস,নতুন বিনিয়োগৰ প্ৰতিবন্ধকতা দূৰ কৰা, অদৰকাৰী আমোলাতন্ত্ৰ বা ৰঙা ফিটাৰ মেৰপেচ, নিয়ম, কৰ আদি নাইকিয়া কৰা । আপোনালোকে ভালদৰে জ্ঞাত যে প্ৰধানমন্ত্ৰী মোদীয়ে এইখন দেশত ইতিমধ্যে গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে । তেওঁৰ নেতৃত্বত ভাৰতৰ ব্যৱসায়ৰ বতৰটো দ্ৰুতহাৰত উন্নত হ’ব বুলি বিশ্বই দৃষ্টি ৰাখিছে । তেওঁ এই কাম কৰিব খোজে আৰু তাকে এক অভিলেখসূচক গতিৰে কৰি আছে ।

দুবছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদত বিশ্ব উদ্যমিতা সন্মিলনত মোৰ কন্যা ইভাংকাক উষ্ম আদৰণণি জনাইছিল । তাই আমাৰ সৈতে পুনৰবাৰ আহিছে । ধন্যবাদ,ইভাংকা । ইয়াত অহাৰ বাবে ধন্যবাদ,মাজনী । আপোনালোকৰ দেশৰ ভৱিষ্যত গঢ়াত সহায় কৰা বহুসংখ্যক ভাৰতীয় মহিলা উদ্যোগীক লগ পাই আমি আনন্দিত । তেওঁলোক প্ৰকৃত উদ্যোগী । মই পুৰুষসকলক কওঁ—সাৱধান, এই মহিলাসকল সঁচাকৈয়ে ভাল ।

মহাকাশ অভিযানৰ ভৱিষ্যতৰ দিশতো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষই ঘনিষ্ঠভাৱে কাম কৰি আছে । চন্দ্ৰযান অভিযানৰ জৰিয়তে আপোনালোকে চমকপ্ৰদ সফলতা লাভ কৰিছে । সময়সূচীৰ বহু আগেয়েই ই দ্ৰুতগতিৰে আগবাঢ়িছে । ভাৰতবৰ্ষই যিমানে আগবাঢ়ি যায় সিমানেই মহাকাশ অভিযানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ আমেৰিকা আগ্ৰহী । মানুহ কঢ়িওৱা মহাকাশযানকে ধৰি এই ক্ষেত্ৰত আপোনালোকে পৰিসীমা বৃদ্ধি কৰি আছে যিটো সঁচাকৈয়ে ভাল কাম । মহাকাশ আৰু তৰাৰ জগতলৈ যাত্ৰাত আমেৰিকা আৰু ভাৰতবৰ্ষ সহযাত্ৰী আৰু বন্ধু হিচাপে থাকিব । এই দেশখনে এটা জীৱনকালত যি কৃতিত্বৰ অধিকাৰী হৈছে সেয়া সঁচাকৈয়ে ব্যতিক্ৰম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে যি কৰিছে সেয়া সম্পূৰ্ণৰূপে অতুলনীয় । অভিনন্দন প্ৰধানমন্ত্ৰী, সঁচাকৈয়ে অনন্য । আপোনালোকে বহু দূৰ আগবাঢ়িছে । কিন্তু ভৱিষ্যতে ভাৰতবৰ্ষই যিমান দূৰ আগবাঢ়িব তাৰ তুলনাত এয়া একোৱে নহয়। আন কিছুসংখ্যক দেশে ভাৱিব নোৱৰা এক ভৱিষ্যতৰ ভেটি প্ৰধানমন্ত্ৰীয়ে গঢ়িছে । বহু সম্পদেৰে এই দেশখন ধন্য । গংগাৰ পৱিত্ৰ পাৰৰ পৰা স্বৰ্ণ মন্দিৰ,জামে মছজিদকে ধৰি এই দেশখন পৃথিৱীৰ আটাইতকৈ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ থলী । হিমালয়ৰ শিখৰৰ পৰা গোৱাৰ সুন্দৰ উপকূললৈকে মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু প্ৰকৃতিৰ আশ্চৰ্যৰ ভূমি এইখন দেশ । বেদ আৰু প্ৰাচীন মহাকাব্যসমূহৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ আধুনিক ৰাষ্ট্ৰলৈকে গভীৰ জ্ঞান আৰু মহৎ ধ্যান-ধাৰণাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ সদায় অগ্ৰণী । কিন্তু আপোনালোকৰ সন্মুখত থিয় হৈ অনুভৱ কৰিছো যে ভাৰতৰ প্ৰকৃত শক্তি পাঠ্যপুথি,স্তম্ভ বা দৃশ্যসমূহত বিচাৰি পোৱা নাযায় । ভাৰতৰ প্ৰকৃত শক্তি বিচাৰি পোৱা যায় এই ষ্টেডিয়ামত সমবেত হোৱা ১ লাখ ২৫ হাজাৰ স্পন্দিত হৃদয়ৰ লগতে আমাৰ এই অনুকৰণীয় বন্ধুত্ব আৰু প্ৰশংসা প্ৰত্যক্ষ কৰা তথা সাক্ষী হোৱা কোটি কোটি লোকৰ মাজত । ভাৰতীয় জনগণৰ হৃদয় আৰু উৎসাহত ইয়াক বিচাৰি পোৱা যায় । আপোনালোকৰ সাহসেই এইখন দেশৰ স্বাধীনতাৰ জয় অৰ্জন কৰিছিল । আপোনালোকৰ ঐকান্তিকতাই এই মহান আৰু সহনশীল গণতন্ত্ৰক গঢ়িছে । আপোনালোকৰ স্বপ্নই এই দেশক এনে এক ভৱিষ্যতৰ বাবে শক্তি যোগান দিব য’ত দেশখনৰ নাগৰিকৰ বাবে অধিক প্ৰগতি,সমৃদ্ধি,সমতা আৰু সুযোগ প্ৰদান কৰিব । গতিকে,উত্তৰ,দক্ষিণ,হিন্দু, মুছলমান,ইহুদী,খ্ৰীষ্টান,ধনী,দুখীয়া,ডেকা-বুঢ়া সকলো ভাৰতীয়কে আজি মই কওঁ– অতীতৰ কৃতিত্বৰ বাবে গৌৰৱ অনুভৱ কৰক,আৰু অধিক এক উজ্জ্বল ভৱিষ্যতৰ বাবে এক হওক, আমাৰ এই দেশ দুখনক শান্তি আৰু উদাৰতাৰ শক্তিশালী ৰক্ষক হিচাপে একলগে থিয় দিবলৈ দিয়ক আৰু সমগ্ৰ মানৱ সমাজৰ বাবে এখন ভাল পৃথিৱীৰ আশা কৰক ।

প্ৰধানমন্ত্ৰী মোদী, আপোনাৰ আতিথ্যৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছো । এই ব্যতিক্ৰমী আদৰণিৰ বাবে ধন্যবাদ ভাৰতবৰ্ষ ।

ভগৱানে ভাৰতবৰ্ষৰ মংগল সাধন কৰক । এই কথাখিনি কৈয়ে মই বিদায় ল’ব খুজিছো । ভগৱানে আমেৰিকাৰ মংগল কৰক । আমি ভাল পাওঁ তোমাক । ভাৰতবৰ্ষ,তোমাক আমি বহুত ভাল পাওঁ । ধন্যবাদ ।

-ম’টেৰা ষ্টেডিয়াম

আহমেদাবাদ

Last Updated :Feb 25, 2020, 7:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.