ETV Bharat / bharat

ৰৱীশ কুমাৰক ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত

author img

By

Published : Jun 3, 2020, 5:12 PM IST

বিদেশ পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰাক্তন মুখপাত্ৰ ৰৱীশ কুমাৰক বুধবাৰে ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয় । ফিনলেণ্ডত তেওঁৰ বাণী ৰাওৰ বিৰুদ্ধে সফলতা প্ৰাপ্তি হয় ।

ৰৱীশ কুমাৰক ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত
ৰৱীশ কুমাৰক ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত

নেশ্যনেল ডেস্ক, ৩ জুন: ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে বিদেশ পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰাক্তন মুখপাত্ৰ ৰৱীশ কুমাৰক নিযুক্তি দিয়া হয় । বুধবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে এই কথা। উল্লেখ্য যে,ৰৱীশ কুমাৰে ২০১৭ চনৰ জুলাই মাহৰ পৰা চলিত বৰ্ষলৈ বিদেশ পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰবক্তা হিচাপে কাম কৰে । তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত তেওঁ বিগত বৰ্ষত বালাকোট হৰতাল,জন্মু-কাশ্মীৰ পুনঃগঠন আৰু বহু গুৰুত্বপূৰ্ণ ঘটনাৰ স্পষ্ট ৰূপ দিছিল। লগতে তেওঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভতো নিজৰ মত দাঙি ধৰিছিল ।

ৰৱীশ কুমাৰক ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত
ৰৱীশ কুমাৰক ফিনলেণ্ডৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ হিচাপে কাম কৰাৰ পূৰ্বে ৰৱীশ কুমাৰে ফ্ৰেংকফৰ্টত ভাৰতৰ মহাবাণিজ্যিক দূত হিচাপে কাম কৰিছিল। পোনপ্ৰথমে জাকাৰ্টাৰ ভাৰতীয় মিছনত তেওঁ নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু তাৰ পিচত থিম্ফু আৰু লণ্ডনতো তেওঁৰ বদলি হৈছিল । ফিনলেণ্ডত তেওঁৰ বাণী ৰাওৰ বিৰুদ্ধে সফলতা প্ৰাপ্তি হয় ।

লগতে পঢ়ক: লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.