ETV Bharat / bharat

PFIৰ সৈতে জড়িত 108 লোকক 4 দিনত আটক : উত্তৰ প্ৰদেশ আৰক্ষী

author img

By

Published : Feb 3, 2020, 8:17 PM IST

গৃহ বিভাগৰ তথ্য
উত্তৰ প্ৰদেশত PFI ৰে জড়িত 108 লোকক গ্ৰেপ্তাৰ

PFIৰ সৈতে জড়িত 108 জন লোকক যোৱা চাৰিদিনৰ ভিতৰত উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উত্তৰ প্ৰদেশৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ কুমাৰ অবস্থীয়ে এই কথা জানিবলৈ দিয়ে ৷

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ (PFI) সৈতে জড়িত থকা 108 জন লোকক যোৱা চাৰি দিনৰ ভিতৰত উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উত্তৰ প্ৰদেশৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ কে অবস্থীয়ে এই কথা জানিবলৈ দিয়ে ৷

তেওঁ লগতে কয়, "তেওঁলোকৰ বিত্তীয় লেন-দেনৰ লগতে বিভিন্ন বিষয়ত তথ্য যুগুতোৱা হৈছে ৷ কেন্দ্ৰীয় যোগসূত্ৰৰ পৰাও আমি সহযোগিতা লাভ কৰিছো ৷ আমাৰ লক্ষ্য হৈছে তেওঁলোকক বিচাৰি উলিয়াই উচিত ব্যৱস্থা গ্ৰহণ কৰা ৷"

উত্তৰ প্ৰদেশত PFI ৰে জড়িত 108 লোকক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ অন্তৰ্ৱতীকালীন আৰক্ষী সঞ্চালক প্ৰধান হিতেশ চন্দ্ৰ অৱস্থিয়ে জানিবলৈ দিয়া অনুসৰি, লক্ষ্নৌৰ পৰা 14 জন, সীতাপুৰৰ পৰা 3 জন, মীৰাটৰ পৰা 21 জন, গাজিয়াবাদৰ পৰা 9 জন, মুজফ্ফৰনগৰৰ পৰা 6 জন, শামলিৰ পৰা 7 জন, বিজনোৰৰ পৰা 4 জন, বাৰাণসীৰ পৰা 20 জন, কানপুৰৰ পৰা 5 জন, গোন্দা, হাপুৰ আৰু জৌনপুৰৰ পৰা ক্ৰমে 1 জনকৈ আৰু বাহৰাইছৰ পৰা 16 জন লোকক আটক কৰা হৈছে ৷

আৰু পঢ়ক : দেশৰ স্বাধীনতা সংগ্ৰামক ড্ৰামা আখ্যা বিজেপি সাংসদ তথা প্ৰাক্তন মন্ত্ৰী অনন্ত কুমাৰ হেগড়েৰ

Intro:Body:

https://www.aninews.in/news/national/general-news/over-hundred-people-linked-with-pfi-arrested-from-up-in-4-days-says-officials20200203121718/


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.