ETV Bharat / bharat

দেশৰ স্বাধীনতা সংগ্ৰামক ড্ৰামা আখ্যা বিজেপি সাংসদ তথা প্ৰাক্তন মন্ত্ৰী অনন্ত কুমাৰ হেগড়েৰ

author img

By

Published : Feb 3, 2020, 6:03 PM IST

Updated : Feb 3, 2020, 6:15 PM IST

উত্তৰ কানাড়া লোকসভা সমষ্টিৰ বিজেপি সাংসদগৰাকীয়ে বাংগালোৰত অনুষ্ঠিত হোৱা এখন সভাত দেশৰ স্বাধীনতা সংগ্ৰাম সন্দৰ্ভত উদ্ভট মন্তব্য প্ৰকাশ কৰিছিল ৷ হেগড়ে দেশৰ স্বাধীনতা সংগ্ৰামক ড্ৰামাৰ সৈতে তুলনা কৰাৰ লগতে সমগ্ৰ স্বাধীনতা আন্দোলন ব্ৰিটিছৰ সমৰ্থন আৰু সহযোগত চলিছিল বুলি উল্লেখ কৰিছিল ৷

Karnataka BJP MP comment over freedom movement sparks storm
বিজেপি সাংসদ অনন্ত কুমাৰ হেগড়ে

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰীঃ নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে বিজেপি নেতা তথা সাংসদ অনন্ত কুমাৰ হেগড়ে সোমবাৰে কংগ্ৰেছ দলৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হয় ৷ উত্তৰ কানাড়া লোকসভা সমষ্টিৰ বিজেপি সাংসদগৰাকীয়ে বাংগালোৰত অনুষ্ঠিত হোৱা এখন সভাত দেশৰ স্বাধীনতা সংগ্ৰাম সন্দৰ্ভত উদ্ভট মন্তব্য প্ৰকাশ কৰিছিল ৷ হেগড়ে দেশৰ স্বাধীনতা সংগ্ৰামক ড্ৰামাৰ সৈতে তুলনা কৰাৰ লগতে সমগ্ৰ স্বাধীনতা আন্দোলন ব্ৰিটিছৰ সমৰ্থন আৰু সহযোগত চলিছিল বুলি উল্লেখ কৰিছিল ৷

ইয়াৰ পিচতে কংগ্ৰেছ দলে হেগড়েক আক্ৰমণৰ লক্ষ্য কৰি লৈ জাতিৰ পিতাৰ বাবে এনেকুৱা চামচাৰ প্ৰমাণপত্ৰৰ কোনো দৰকাৰ নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগীলে, টুইটযোগে কয় যে, মহাত্মা গান্ধীৰ বাবে ব্ৰিটিছৰ চামচা আৰু চোৰাংচোৱাৰ কোনো প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই ৷ বিজেপিৰ বাবে এয়াই উপযুক্ত সময়, তেওঁলোকে বিজেপিৰ সলনি নিজৰ দলৰ নাম শীঘ্ৰেই নাথুৰাম গডছে পাৰ্টী কৰি লওক ৷ কংগ্ৰেছৰ আন এগৰাকী মুখপাত্ৰ অভিষেক চিংঘৱীয়ে টুইটযোগে কয় যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহাত্মা গান্ধীৰ আদৰ্শসমূহেৰে বাহ বাহ লোৱা নৰেন্দ্ৰ মোডীয়ে মি. হেগড়েৰ দৰে এগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ ওপৰত কি প্ৰতিক্ৰিয়া কৰে তাৰ বাবে অপেক্ষা কৰি আছো ৷

  • देश की आजादी में जिनका नहीं कोई योगदान
    जिन्होंने नहीं दिया कोई बलिदान
    जिस विचार ने ली बापू की जान
    आज वही कर रहे #गोडसे का महिमामंडन और गुणगान
    क्षमा करो बापू तुम इनको
    नफरत की जमीं पर हिंसा की खेती करने वालों को
    इतिहास में नहीं मिलेगा कोई सम्मान | #AnantKumarHegde #BJP

    — Abhishek Singhvi (@DrAMSinghvi) February 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কৰ্ণাটকৰ উত্তৰ কানাড়া লোকসভা সমষ্টিৰ সাংসদৰ উদ্ভট মন্তব্যই এতিয়া তোলপাৰ লগাইছে দেশৰ ৰাজনীতি ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত দেশৰ স্বাধীনতা সংগ্ৰামক ব্ৰিটিছৰ সৈতে হোৱা এক বুজাবুজি বুলি কোৱাৰ লগতে, স্বাধীনতা সংগ্ৰামী যিসকলে কোনো ত্যাগ কৰা নাই সেইসকলে ভাৰতে উপবাস সত্যাগ্ৰহৰ দ্বাৰাই স্বাধীনতা লাভ কৰিছিল বুলি ইমান দিনে পতিয়ন নিয়াই আছে বুলি কৈছিল ৷ এটা ভাইৰেল হোৱা ভিডিঅ'ত তেওঁ কৈ আছে যে, "দেশত দুইধৰণৰ স্বাধীনতা সংগ্ৰামী আছে, এচামে শস্ত্ৰ আৰু আনচামে শাস্ত্ৰত বিশ্বাসী ৷ ইয়াৰ উপৰিও এচাম স্বাধীনতা সংগ্ৰামী আছিল যিয়ে ব্ৰিটিছৰ দ্বাৰা পৰিচালিত হৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল ৷ আমাক যি কোৱা হৈছিল তাকেই আমি মানি আহিছো আৰু সেয়া কেৱল এচামৰ ব্ৰিটিছৰ সৈতে মিলাপ্ৰীতি আৰু বুজাপৰা চলিছিল....ঠিক 20-20 ক্ৰিকেট মেচৰ দৰে ৷ এইচামে ব্ৰিটিছক কাকূতি কৰিছিল ৷ আপোনালোকে আমাক পাৰ্যমানে পৰিচৰ্যা অব্যাহত ৰাখিলেই হ'ব আৰু এয়া যথেষ্ট ৷" তেওঁ লগতে অভিযোগ কৰে যে, এই তৃতীয় চামে ব্ৰিটিছৰ সৈতে মিলি নিজকে গ্ৰেপ্তাৰ কৰোৱাইছিল আৰু সেয়াই আছিল তেওঁলোকৰ স্বাধীনতা সংগ্ৰাম ৷ তেওঁ লগতে কয় যে, "এইসকল লোকে নিজে নিজেই মহাপুৰুষৰ আখ্যা লৈছিল ৷ কিন্তু যিসকলে দেশৰ বাবে প্ৰাণত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ এটা কোণত বিলীন কৰি দিয়া হৈছিল, ইয়াৰ বিপৰীতে ব্ৰিটিছৰ সৈতে বুজাপৰা কৰি সংগ্ৰাম কৰিছিল তেওঁলোকক স্বাধীনতা সংগ্ৰামীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল ৷ এয়াই আজিৰ দিনত আমাৰ দেশৰ দুৰ্ভাগ্য ৷"

ইতিমধ্যে বিজেপি দলে প্ৰাক্তন কৌশলী বিকাশ আৰু উদ্যমিতা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ছবাৰকৈ সাংসদ হোৱা অনন্ত কুমাৰ হেগড়েক নিজৰ মন্তব্য উঠাই ল'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ এক বিশেষ সূত্ৰৰ পৰা এই কথা গম পোৱা গৈছে ৷

ZCZC
PRI GEN NAT
.BENGALURU MDS7
KA-HEGDE-FREEDOM MOVEMENT
Karnataka BJP MP stokes row over freedom movement
Bengaluru, Feb 3 (PTI) Questioning the freedom movement
led by Mahatma Gandhi, former union minister Anant Kumar Hegde
has reportedly referred to it as an "adjustment" with the
British.
"There were two types of freedom fighters, one which
believed in Shastra (arms) and another in Shaastra
(intellectual motivators).
There was also another category of freedom fighters who
used to ask the British how to carry out the freedom
struggle," Hegde was heard saying in a video which has gone
viral.
"We will abide by whatever you say simply adjustment
and understanding.... like 20-20 (cricket match)," the Uttara
Kannada MP said about the freedom movement.
Hegde alleged that the third category of freedom fighters
had pleaded with the British to recognise their freedom
struggle and requested that they be imprisoned.
"(They (pleaded with the British) It's enough if you
properly take care of us, nothing more than that."
Freedom fighters who did not sacrifice anything made the
country believe that India attained independence through
'Upavas Satyagrah', he said, adding that the British were
'frightened' and gifted the nation freedom.
"Such people become Mahapurush (great people)
Those who sacrificed their lives and worked towards big
change in the country were dumped in the dark corners of
history, but those who fought in adjustment with the British
became freedom fighters with certificate.....
This is the tragedy of the country," Hegde said. PTI GMS
SA
APR
APR
02031447
NNNN
Last Updated : Feb 3, 2020, 6:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.