ETV Bharat / bharat

ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত মাওবাদী

author img

By

Published : Nov 26, 2020, 1:39 PM IST

Naxal wanted in 2 murder cases killed in encounter in Chhattisgarh
ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত মাওবাদী

কুট্ৰু আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত দাৰভা জংঘলত পুৱা ৫ বজাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু জিলা বাহিনীৰ এটা যুটীয়া দলে নক্সাল প্ৰতিৰোধী এক অভিযান চলায় ৷ দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিৰ পাছত পাছত অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা মাওবাদীটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷

নিউজ ডেস্ক, ২৬ নৱেম্বৰ: ছত্তিশগড়ৰ বিজাপুৰ জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত এজন মাওবাদী নিহত হয় ৷ নিহত মাওবাদীটো সন্তোষ পোডিয়াম বুলি চিনাক্ত কৰা হৈছে ৷ সন্তোষ পোডিয়ামৰ শিৰৰ বিনিময়ত 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷ মাওবাদীটোৱে শেহতীয়াকৈ এজন আৰক্ষী বিষয়া আৰু বনকৰ্মীক হত্যা কৰিছিল বুলি আৰক্ষীৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷

বাষ্টাৰ ৰেঞ্জৰ আৰক্ষী মহানিৰ্দেশক সুন্দৰৰাজ পিয়ে উল্লেখ কৰা অনুসৰি,কুট্ৰু আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত দাৰভা বনাঞ্চলত পুৱা ৫ বজাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু জিলা বাহিনীৰ এটা যুটীয়া দলে নক্সাল প্ৰতিৰোধী এক অভিযান চলায় ৷ দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিৰ পাছত পাছত অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা মাওবাদীটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰ পৰা প্ৰায় 400 কিলোমিটাৰ নিলগত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু জিলা বাহিনীৰ যুটীয়া দলটোৱে এই অভিযান চলায় ৷

নিহত সন্ত্ৰাসবাদীটোৰ পৰা অভিযানকাৰী দলটোৱে এটা ৰাইফল,এটা বেগ আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ মাওবাদীৰ জনমিলিটিয়া কমাণ্ডাৰ হিচাপে সক্ৰিয় থকা পোডিয়ামে আগষ্ট মাহত এজন সহকাৰী উপপৰিদৰ্শকক অপহৰণ আৰু হত্যা কৰাৰ লগতে ছেপ্টেম্বৰ মাহত এজন বনকৰ্মীক হত্যা কৰিছিল । উল্লেখ্য যে,২৩ নৱেম্বৰত বাষ্টাৰ ৰেঞ্জৰ কাংকেৰ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিটা মাওবাদী নিহত হৈছিল ।

লগতে পঢ়ক: ক্ৰমাৎ হ্ৰাস পাইছে নিভাৰৰ গতিবেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.