ETV Bharat / bharat

ক্ৰমাৎ হ্ৰাস পাইছে নিভাৰৰ গতিবেগ

author img

By

Published : Nov 26, 2020, 12:55 PM IST

চেন্নাইৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ নিৰ্দেশক এছ বালাচন্দ্ৰনে ছয়ঘন্টাৰ ভিতৰত বতাহৰ তীব্ৰতা আৰু হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে ৷ পণ্ডিচেৰীৰ উপকূল অতিক্ৰম কৰাৰ পাচতেই হ্ৰাস পাইছে নিভাৰৰ গতিবেগ ৷

retrospect of cyclones in tamilnadu
ক্ৰমাৎ হ্ৰাস পাইছে নিভাৰৰ গতিবেগ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ: সাগৰীয় ঘূৰ্ণী বতাহ নিভাৰৰ ফলত বৃহস্পতিবাৰে পুৱা কেন্দ্ৰীয় শাসিত ৰাজ্য পণ্ডিচেৰী আৰু ইয়াৰ কাষৰীয়া ৰাজ্য তামিলনাডুৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ লগতে ভূমিস্খলন হয় ৷ অবশ্যে তীব্ৰবেগী নিভাৰে পণ্ডিচেৰীৰ উপকূল অতিক্ৰম কৰাৰ পাচতেই ইয়াৰ বতাহৰ গতিবেগ হ্ৰাস পাইছে বুলি উল্লেখ কৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে ৷ তামিলনাডুৰ চৰকাৰে ধুমুহাৰ ফলত বিভিন্ন স্থানত দেৱাল খহি পৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰে যদিও ধুমুহাৰ ফলত কোনো লোক হতাহত হোৱাৰ কথা জানিব পৰা হোৱা নাই ৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই নিভাৰে প্ৰৱল ধুমুহাৰ সৈতে ঘন্টাত প্ৰায় 120ৰ পৰা 130 কিল’মিটাৰ বেগত পণ্ডিচেৰীৰ উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে নিভাৰে প্ৰতি ঘন্টাত 145 কিল’মিটাৰ গতিবেগ পণ্ডিচেৰীৰ উপকূলত প্ৰৱেশ কৰে ৷ বুধবাৰে মাজনিশাৰে পৰা ধুমুহা আৰু ধাৰাষাৰ বৰষুণৰ ফলত অঞ্চলকেইটাত ভূমিস্খলন আৰম্ভ হয় ৷

চেন্নাইৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ নিৰ্দেশক এছ বালাচন্দ্ৰনে তামিলনাডুত বৰষুণ আৰু ধুমুহা অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে । তেওঁ ছয়ঘন্টাৰ ভিতৰত বতাহৰ তীব্ৰতা আৰু হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে ৷ আনহাতে ৰাজহ, সাধাৰণ জনতা আৰু আৰক্ষীৰ লোকে বতাহত উভালি পৰা গছ-গছনি আৰু উৰি অহা গছৰ ডালসহ বিভিন্ন সামগ্ৰী আঁতৰাই বাট পথ মুকলি কৰাৰ কামত নিয়োজিত হৈছে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত ইণ্টাৰনেট বন্ধৰ দাবীত বিজেপি,কংগ্রেছৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.