ETV Bharat / bharat

ইষ্ট দিল্লীত ভুৱা পৰিচয় পত্ৰ দেখুৱাই দিল্লী আৰক্ষীৰ জালত এজন

author img

By

Published : Apr 6, 2020, 11:28 AM IST

Man held for impersonating as govt official in Delhi
Man held for impersonating as govt official in Delhi

দিল্লীৰ কল্যাণ ভাসৰ নিৱাসী সুৰুজ সিং বিষ্টক ৰাষ্ট্ৰীয় ব্যাপি লক্ ডাউনৰ সময়তে ভুৱা পৰিচয় পত্ৰ দেখুৱাৰ অপৰাধত দিল্লী পুলিছে গ্ৰেপ্তাৰ কৰে ।

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ দেওবাৰে এগৰাকী ৩০ বছৰীয়া যুৱকক এজন চৰকাৰী বিষয়া হিচাপে ভুৱা পৰিচয় দাঙি ধৰা অপৰাধত গ্ৰেপ্তাৰ কৰিছ দিল্লী আৰক্ষীয়ে । বেৰিকেডৰ কাষৰে যোৱাৰ চেষ্টা চলাওতেই দিল্লী আৰক্ষীৰ হাতত ধৰা পৰে যুৱকজন । ইষ্ট দিল্লীত সংঘটিত হৈছে এই ঘটনা । অভিযুক্ত যুৱকজন সুৰজ সিং বিষ্ট বুলি চিনাক্ত কৰা হৈছে ।

দিল্লীৰ কল্যাণ ভাছৰ নিৱাসী সুৰজ সিং বিষ্ট পেছাত এজন ড্ৰাইভাৰ । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৪০ বজাত সুৰজে চুইফ্ট ডিজায়াৰ বাহনখনেৰে আনন্দ বিহাৰৰ ৰে'লৱে উৰণীয়া সেঁতুৰ ওচৰৰ বেৰিকেডৰ কাষৰে গৈ আছিল তেতিয়াই আৰক্ষীয়ে বাহনখন ৰখায় । তেতিয়া যুৱকজনে কাৰ্ফিউ পাচ দেখুৱাই নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দিয়ে । আৱকাৰী বিভাগৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্ত বুলি উল্লেখ থকা পৰিচয় পত্ৰখন স্কেন কপি আছিল । যাৰ বাবে আৰক্ষীৰ সন্দেহ উপজে ফলত আন পৰিচয় পত্ৰ বিচৰাত লোকজনে দেখুওৱা ড্ৰাইভিং লাইঞ্চেত জন্ম তাৰিখত অসামাঞ্জতা স্পষ্ট হৈ পৰে ।

ইয়াৰ পাচতেই সোধা-পোছ কৰাত চালকজনে অৱশেষত চৰকাৰী পৰিচয় পত্ৰখন ভুৱা বুলি স্বীকাৰ কৰে আৰু সেইখন অন্য এজনৰ পৰা স্কেন কৰা বুলি উল্লেখ কৰে । টল প্লাজাত সহজে অতিক্ৰম কৰিবলৈ এই ভুৱা পৰিচয় পত্ৰখন লাভ কৰাৰ লগতে লক্ ডাউনৰ সময়ত ব্যৱহাৰ কৰি আহিছিল বুলি উল্লেখ কৰে ।

আৰক্ষীয়ে লোকজনৰ পৰা এটা ইউনিফৰ্ম, ভুৱা পৰিচয় পত্ৰ আৰু বাহনখন জব্দ কৰি পটপড়গঞ্জ উদ্যোগী অঞ্চলৰ পুলিছ ষ্টেচনত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিলৈ বৃহৎ বৰঙণি HRD মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.