ETV Bharat / bharat

প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিলৈ বৃহৎ বৰঙণি HRD মন্ত্ৰণালয়ৰ

author img

By

Published : Apr 6, 2020, 12:13 AM IST

মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ বৃহৎ বৰঙণি ৷ আগবঢ়ালে 38.91 কোটি টকা ৷

প্ৰধানমন্ত্ৰী সাহাৰ্য নিধি
মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ বৃহৎ বৰঙণি

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : যোৱা এটা সপ্তাহত প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিয়ে (PM's care fund) সংগ্ৰহ কৰিলে 6500 কোটি টকা ৷ কেৱল মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে এই সাহাৰ্য পুঁজিলৈ বৰঙণি হিচাপে আগবঢ়াইছে 38.91 কোটি টকা ৷

মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ অধীনৰ বিভিন্ন সংস্থা, স্বায়ত্বশাসিত সংগঠন আৰু বিভিন্ন বিভাগে কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিলৈ 38.91 কোটি টকাৰ সাহাৰ্য আগবঢ়ায় ৷

মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংকে সংগঠন আৰু সংস্থাসমূহৰ এই মিশ্ৰিত প্ৰচেষ্টাৰ শলাগ লয় ৷

মন্ত্ৰীগৰাকীয়েও ব্যক্তিগতভাৱে এমাহৰ দৰমহা আৰু সাংসদ পুঁজিৰ পৰা 1 কোটি টকা অৰ্থ সাহাৰ্য প্ৰদান কৰে ৷

উল্লেখ্য় যে, ৰমেশ পখৰিয়াল নিশাংকে প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিত বৰঙণি আগবঢ়াবৰ বাবে সকলো সংস্থাকে অনুৰোধ জনাই আহিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.