ETV Bharat / bharat

'মহা' ৰাজনৈতিক সংকট : উচ্চতম ন্যায়ালয়ৰ শুনানি

author img

By

Published : Nov 24, 2019, 2:24 PM IST

Updated : Nov 24, 2019, 6:08 PM IST

'মহা' ৰাজনৈতিক সংকট

মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠনৰ পাচতে কংগ্ৰেছ, শিৱসেনা আৰু এন চি পিয়ে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আবেদন কৰিছিল ৷ দেওবাৰে তিনিজনীয়া বিচাৰক মণ্ডলীয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰে

নেশ্বনেল ডেস্ক, 24 নৱেম্বৰ : মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰিয়ে 23 নৱেম্বৰৰ দিনা বিজেপিৰ দেবেন্দ্ৰ ফাড়নাভিছক চৰকাৰ গঠন কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পাচতে কংগ্ৰেছ, শিৱসেনা আৰু এন চি পিয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৷ দেওবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কাৰ্যসূচী আৰম্ভ কৰিছে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেবেন্দ্ৰ ফাড়নাভিছে শপত গ্ৰহণ কৰাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছ, শিৱসেনা আৰু এন চি পিয়ে ৷ এন. ভি. ৰমনা, অশোক ভূষণ আৰু সঞ্জীৱ খান্নাৰ দ্বাৰা গঠিত তিনিজনীয়া বিচাৰকৰ দলে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, শনিবাৰে ফাড়নাভিছক চৰকাৰ গঠন কৰিবলৈ ৰাজ্যপালগৰাকীয়ে আহ্বান জনোৱাক এই তিনিওটা দলে 'ভুল সিদ্ধান্ত' আখ্যা দি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিল ৷

7:42 নৱেম্বৰ 24

দেওবাৰে 11:30 বজাৰ পৰা আৰম্ভ হ'ব মহাৰাষ্ট্ৰ চৰকাৰ গঠন সম্পৰ্কত কংগ্ৰেছ, শিৱসেনা আৰু এন চি পিৰ আবেদনৰ শুনানি

9:18 নৱেম্বৰ 24

ফাড়নাভিছ-পাৱাৰৰ বিৰুদ্ধে ৰাউটৰ মন্তব্য, শপত গ্ৰহণ অনুষ্ঠানক 'আকস্মিক' আখ্যা :
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক সমালোচনা কৰি জ্যেষ্ঠ শিৱসেনা নেতা সঞ্জয় ৰাউটে টুইটাৰৰ জৰিয়তে ফাড়নাভিছৰ শপত গ্ৰহণক 'আকস্মিক' আখ্যা দিয়ে ৷

9:31 নৱেম্বৰ 24

বিজেপি সাংসদ সঞ্জয় কাকাড়েই এন চি পি মুৰব্বী শাৰদ পাৱাৰৰ মুম্বাইস্থিত বাসগৃহত উপস্থিত হৈছে৷

9:40 নৱেম্বৰ 24

শিৱসেনা আৰু কংগ্ৰেছৰ হৈ উচ্চতম ন্যায়ালয়ৰ শুনানিত অধিবক্তা হিচাপে উপস্থিত থাকিব কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা কপিল ছিৱাল ৷

9:41 নৱেম্বৰ 24

উচ্চতম ন্যায়ালয়ৰ শুনানিত এন চি পিৰ হৈ উপস্থিত থাকিব কংগ্ৰেছ নেতা তথা অধিবক্তা অভিষেক মানু সিংবী ৷

9:49 নৱেম্বৰ 24

শনিবাৰে এন চি পিৰ পৰা বৰ্খাস্ত কৰা হৈছে অজিত পাৱাৰক ৷ তেওঁৰ পৰিৱৰ্তে দলটোৰ বিধায়িনী দলৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হৈছে জয়ন্ত পাটিলক ৷ বিজেপিৰ সৈতে মিত্ৰজোঁটত পাৱাৰে চৰকাৰ গঠন আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰে শপত গ্ৰহণ কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

9:59 নৱেম্বৰ 24

এন চি পিৰ নতুনকৈ নিৰ্বাচিত বিধায়িনী দলৰ মুৰব্বী জয়ন্ত পাটিল উপস্থিত হ'ল শাৰদ পাৱাৰৰ বাসগৃহত ৷

মহাৰাষ্ট্ৰ : এন চি পিৰ নিৰুদ্দিষ্ট সাংসদ হোৱা সম্পৰ্কত গোচৰ ৰুজু

মহাৰাষ্ট্ৰত বিজেপিয়ে সকলোকে সতচকিত কৰি শাসনলৈ অহাৰ পাচতে এন চি পিৰ এজন সাংসদ নিৰুদ্দিষ্ট হোৱা বুলি থানে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ দেবেন্দ্ৰ ফাড়নাভিছ আৰু অজিত পাৱাৰে শপত গ্ৰহণ কৰাৰ সময়ত ৰাজভৱনত উপস্থিত থকা এন চি পি সাংসদ দৌলন ডাৰোদা নিৰুদ্দেশ হৈছিল ৷

'মহা' ৰাজনৈতিক সংকট
এন চি পিৰ সাংসদ নিৰুদ্দিষ্ট হোৱা বুলি গোচৰ ৰুজু

শিৱসেনা-এন চি পি-কংগ্ৰেছৰ সৰ্বমুঠ 165 জন সাংসদ : সংবাদমেলত ৰাউটৰ মন্তব্য

শিৱসেনা নেতা সঞ্জয় ৰাউটে দেওবাৰে মন্তব্য কৰে যে, মহাৰাষ্ট্ৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবৰ বাবে শিৱসেনা-এন চি পি-কংগ্ৰেছৰ সৰ্বমুঠ 165 জন সাংসদ আছে৷

11:35 নৱেম্বৰ 24

মহাৰাষ্ট্ৰত চৰকাৰ গঠন সম্পৰ্কত শুনানি গ্ৰহণৰ বাবে ন্যায়ালয়ত উপস্থিত হ'ল বিচাৰক ৷

11:37 নৱেম্বৰ 24

উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিলে শুনানি প্ৰক্ৰিয়া

11:37 নৱেম্বৰ 24

শিৱসেনা আৰু কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা কপিল ছিৱালে তিনিজনীয়া বিচাৰক মণ্ডলীৰ সন্মুখত নিজৰ পক্ষ ৰাখে ৷

11:43 নৱেম্বৰ 24

মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সিদ্ধান্তক 'পক্ষপাতমূলক আৰু প্ৰৱঞ্চনামূলক' আখ্যা ছিৱালৰ ৷

11:46 নৱেম্বৰ 24

যদি বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে তেনেহ'লে সদনত এয়া প্ৰমাণ কৰক ৷ সমৰ্থন পত্ৰখন কেতিয়া প্ৰদান কৰিলে সেই সম্পৰ্কে সকলো অজ্ঞাত ৷ গণতন্ত্ৰত এনে কাণ্ড পূৰ্বে কেতিয়াও দেখা নাই ৷

11:50 নৱেম্বৰ 24

বিজেপি আৰু দেবেন্দ্ৰ ফাড়নাভিছৰ হৈ উকালতি কৰা মুকুল ৰহতোগী উচ্চতম ন্যায়ালয়ত উপস্থিত হয় ৷

11:50 নৱেম্বৰ 24

ৰহতোগীয়ে নিজ পক্ষ ৰাখি কয়, "এখন চৰকাৰ গঠন হ'ল ৷ দেওবাৰ কি কাৰণত শুনানি গ্ৰহণ কৰা হৈছে এই কথা মই বুজি পোৱা নাই ৷"

12:00 নৱেম্বৰ 24
এন চি পিক প্ৰতিনিধিত্ব কৰা অধিবক্তা অভিষেক মানু সিংবীয়ে আদালতত কয়, "চৰকাৰে সাংসদসকলৰ সৈতে কোনো ধৰণৰ স্বাক্ষৰ অথবা আলোচনাৰ প্ৰয়োজন বুলি গণ্য নকৰিলে ৷"

12:24 নৱেম্বৰ 24
"ৰাজ্যপালে গ্ৰহণ কৰা সিদ্ধান্ত ন্যায়সংগতভাৱে হৈছে"- ৰহতোগীয়ে মন্তব্য কৰে ৷

12:24 নৱেম্বৰ 24
বিচাৰক ৰমনাই ৰহতোগীক কয়, "ৰাজ্যপালে কোনো দলকে মাতি নি চৰকাৰ গঠন কৰিবলৈ ক'ব নোৱাৰে ৷"

12:27 নৱেম্বৰ 24
উচ্চতম ন্যায়ালয়ে কয়, "পৰোৱানাত উল্লেখ কৰা বিষয়টো ৰাজ্যপালে স্ববিবেচনাৰে কৰিছে ৷ কাইলৈৰ ভিতৰত সমৰ্থনৰ পত্ৰ দাখিল কৰক ৷"

12:41 নৱেম্বৰ 24
এন চি পি সাংসদসকলৰ সৈতে মিলিত হোৱাৰ উদ্দেশ্যে এন চি পি মুৰব্বী শাৰদ পাৱাৰ নিজ বাসগৃহৰ পৰা ৰেনেছা হোটেললৈ গতি কৰিছে ৷

12:48 নৱেম্বৰ 24
মহাৰাষ্ট্ৰৰ পৰিৱৰ্তিত ৰাজনৈতিক নাটকৰ মাজতে কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাৰ সাংসদসকলক মুম্বাইৰ বিভিন্ন বিলাসী হোটেললৈ স্থানান্তৰ কৰা হয় ৷ কংগ্ৰেছৰ সাংসদসকলক জুহুৰ জে. ডব্লিউ মেৰিয়ট হোটেলত ৰখাৰ পৰিৱৰ্তে এন চি পিৰ সাংসদসকলক পুৱাই অঞ্চলৰ ৰেনেছা হোটেলত ৰখা হয় ৷ আনহাতে, শিৱসেনাৰ সাংসদসকল আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ ওচৰৰ ললিত হোটেলত বাস কৰিছে ৷

13:03 নৱেম্বৰ 24
এন চি পিৰ নেতা নৱাব মালিকে মন্তব্য কৰে, "ফাড়নাভিছে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিব ৷ সেয়েহে তেওঁ পদত্যাগ কৰা উচিত ৷"

13:26 নৱেম্বৰ 24
মুকুল ৰহতোগীৰ মন্তব্য, "মহাৰাষ্ট্ৰ চৰকাৰে কোনো অবৈধ কাম কৰা নাই ৷ সেয়েহে উচ্চতম ন্যায়ালয়ে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ আদেশ দিয়া উচিত নহয় ৷"

13:27 নৱেম্বৰ 24
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ, ফাড়নাভিছ আৰু অজিত পাৱাৰলৈ জাননী জাৰি কৰে৷

14:11 নৱেম্বৰ 24
কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৌহানে কয়, "মহাৰাষ্ট্ৰত ফাড়নাভিছ চৰকাৰক জৰুৰীকালিনভাৱে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ আদেশ দিয়া উচিত ৷"

14:33 নৱেম্বৰ 24
ৰেনেছা হোটেলত উপস্থিত হ'ল এন চি পি সাংসদ মানিকৰাও কোকাটে ৷

14:41 নৱেম্বৰ 24
এন চি পি সাংসদসকলৰ সৈতে মিলিত হ'বৰ বাবে শিৱসেনা মুৰব্বী উদ্ধৱ থাকৰে উপস্থিত হ'ল ৰেনেছা হোটেলত ৷

15:14 নৱেম্বৰ 24
কংগ্ৰেছ নেতা ৰনদ্বীপ সিং সুৰজেৱালাই দেওবাৰে কয় যে, কংগ্ৰেছ-শিৱসেনা-এন চি পি মিত্ৰজোঁটৰ 'সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা' আছে ৷ সেয়েহে বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিয়াৰ পৰা পলাই হাৰিব বিচাৰিছে ৷

15:14 নৱেম্বৰ 24
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেবেন্দ্ৰ ফাড়নাভিছে শপত গ্ৰহণ কৰাৰ সময়তে এন চি পিৰ নিৰুদ্দিষ্ট পাঁচজন সাংসদৰ তিনিজনৰে শুংসূত্ৰ লাভ কৰিছে আৰু তেওঁলোকে দলৰ সৈতে যোগ দিছে ৷ এন চি পিৰ মুখপাত্ৰ নৱাব মালিকে জানিবলৈ দিয়ে যে, দেওবাৰৰ পুৱা পৰ্যন্ত পাঁচ সাংসদ, দৌলত ডাৰোদা (ছাহাপুৰ), নিতীন পাৱাৰ(কলৱান), নাৰ্হাৰি জিলৱাল (দিন্দোৰী), বাবাচাহেব পাটিল (আহমেদপুৰ), অনিল পাটিল (আমালনেৰ) নিৰুদ্দিষ্ট বুলি প্ৰতিবেদন দাখিল কৰা হৈছিল ৷ ইয়াৰে অনিল পাটিল, বাবাচাহেব পাটিল আৰু ডাৰোদাৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছে এন চি পি ৷

16:19 নৱেম্বৰ 24
অজিত পাৱাৰক শুভেচ্ছা প্ৰেৰণ কৰি বিভিন্নজনে কৰা টুইটৰ বাবে পাৱাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷

16:40 নৱেম্বৰ 24
কংগ্ৰেছ-শিৱসেনা-এন চি পিৰ দ্বাৰা সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ দাবী জনাই অহাৰ সময়তে মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছে বিজেপিৰ নৱ-নিৰ্বাচিত সাংসদসকলৰ সৈতে মিলিত হয় ৷

16:43 নৱেম্বৰ 24
শিৱসেনাৰ গজানন চন্দ্ৰকান্তে দাবী কৰে যে, দেবেন্দ্ৰ ফাড়নাভিছ আৰু অজিত পাৱাৰৰ দ্বাৰা গঠিত চৰকাৰ অসাংবিধানিক৷ সেয়েহে 24 ঘন্টাৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ দাবী জনায় গজানন চন্দ্ৰকান্তে ৷

17:11 নৱেম্বৰ 24
ৰেনেছা হোটেলত শিৱসেনাৰ আদিত্য থাকৰে আৰু সঞ্জয় ৰাউট মিলিত হ'ল এন চি পিৰ সুপ্ৰিয়া ছুলে আৰু ৰোহিত পাৱাৰৰ সৈতে ৷

আলোচনাত অংশগ্ৰহণ
আদিত্য থাকৰে, সঞ্জয় ৰাউট, সুপ্ৰিয়া ছুলে আৰু ৰোহিত পাৱাৰ

17:19 নৱেম্বৰ 24
দলৰ সাংসদসকলৰ সৈতে মিলিত হোৱাৰ পাচত বিজেপিৰ আশীষ চেলাৰে কয়, "আজিৰ আলোচনা চক্ৰত সকলো সাংসদ উপস্থিত থাকে ৷ আনহাতে, আমাক সমৰ্থন জনোৱা নিৰ্দলীয় সাংসদসকলৰো অন্য স্থানত এখন আলোচনা অনুষ্ঠিত কৰা হ'ব ৷"

মুম্বাইত এখন মিটিঙত উপস্থিত
আশীষ চেলাৰ

17:27 নৱেম্বৰ 24
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে নিশ্চিতি প্ৰদান কৰি কয়, "অহা পাঁচ বছৰৰ বাবে বিজেপি-এন চি পি মিত্ৰজোঁটে মহাৰাষ্ট্ৰত এখন সুস্থিৰ চৰকাৰ প্ৰদান কৰিবলৈ সক্ষম হ'ব ৷ এই চৰকাৰে ৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ হিতৰ বাবে নিষ্ঠাপূৰ্ণভাৱে কাম কৰিব ৷"

17:41 নৱেম্বৰ 24
বিজেপিৰ সৈতে মিলিত হৈ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত এন চি পিৰ কৰ্মকৰ্তাসকলে দলৰ নেতা অজিত পাৱাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Intro:Body:Conclusion:
Last Updated :Nov 24, 2019, 6:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.