ETV Bharat / bharat

শীতৰ বাবেই ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

author img

By

Published : Dec 16, 2020, 10:25 PM IST

সমগ্ৰ দেশতে পুনৰ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ মূল্য । ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে । কিন্তু ইয়াৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শীতৰ বাবেই ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱা বুলি এক হাস্যকৰ মন্তব্য প্ৰদান কৰিছে ।

ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য বৃদ্ধি
ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য বৃদ্ধি

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে, ঘৰুৱা ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্যৰ শীতৰ বাবেই বৃদ্ধি কৰা হৈছে । গ্ৰাহকৰ মূৰত মাধমাৰ সোধাই ১৫ ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ব্যৱহৃত ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে ।

ইন্দোৰত এক সভাত এই হাস্যকৰ মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । শীতকালত আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই ভাৰততো ইয়াৰ মূল্য বৃদ্ধি কৰা হৈছে ।

শীতকালৰ পৰিৱেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ ফলত ইয়ে ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে । শীতকাল অন্ত পৰাৰ লগে লগেই ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য হ্ৰাস পাব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

চলিত মাহত এয়া দ্বিতীয়বাৰৰ বাবে ৰন্ধনগেছৰ মূল্য এইদৰে বৃদ্ধি কৰিছে বিজেপি চৰকাৰে । ১৪.২ কিলোগ্ৰাম ওজনৰ ৰাজসাহাৰ্য মুক্ত ছিলিণ্ডাৰৰ পূৰ্বৰ ৬৪৪ টকাৰ পূৰ্বে বৰ্তমানে মূল্য নিৰ্ধাৰণ কৰা হৈছে ৬৯৪ টকা । বিগত ১ ডিচেম্বৰতো ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল ৫০ টকা । ইয়াৰ পূৰ্বে প্ৰতিটো ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য আছিল ৫৯৪ টকা ।

আনহাতে এভিয়েশ্বন টাৰ্বাইন ইন্ধনৰ মূল্যও ৬.৩ শতাংশ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.