ETV Bharat / bharat

ফ্ৰান্সৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস কৰিম : ৰাজনাথ সিং

author img

By

Published : Oct 7, 2019, 2:28 PM IST

ৰাজনাথ সিং

তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স ভ্ৰমণৰ বাবে উৰা মৰাৰ পূৰ্বে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস কৰিব বুলি মন্তব্য কৰিছে ৷ এই ভ্ৰমণতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বাবে নিৰ্মিত 36 খন ৰাফাল যুদ্ধ বিমানৰ প্ৰথমখন গ্ৰহণ কৰিব ৷

নেশ্বনেল ডেস্ক, 7 অক্টোবৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স ভ্ৰমণৰ বাবে উৰা মৰাৰ পূৰ্বে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস কৰিব বুলি মন্তব্য কৰিছে ৷

এটা টুইটৰ জৰিয়তে তেওঁ কয়, "তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণৰ বাবে নতুন দিল্লীৰ পৰা উৰা মাৰিম ৷ ৰাফাল সম্পৰ্কত দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ম ৷ শেহতীয়াকৈ ভাৰত-ফ্ৰান্স দ্বিপাক্ষিক সম্পৰ্ক বহু উন্নত পৰ্যায়লৈ অগ্ৰসৰ হৈছে ৷ এই সম্পৰ্কক অন্য এক মাত্ৰা প্ৰদান কৰাৰ চেষ্টা অব্যাহত ৰাখিম ৷"

  • Leaving New Delhi for Paris on a three day visit to France. Shall attend the Annual Defence Dialogue and the Induction Ceremony of Rafale.

    India-France bilateral relations have made tremendous progress in the recent years. Looking forward to further and deepen these ties.

    — Rajnath Singh (@rajnathsingh) October 7, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, এই ভ্ৰমণতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বাবে নিৰ্মিত 36 খন ৰাফাল যুদ্ধ বিমানৰ প্ৰথমখন গ্ৰহণ কৰিব ৷ অক্টোবৰৰ 8 তাৰিখে ৰাজনাথ সিঙে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণৰ সৈতে মিলিত হ'ব ৷ ইয়াৰোপৰি, বিজয়া দশমীৰ শুভ মুহূৰ্তত সিঙে 'শাস্ত্ৰপূজা' কৰিব বুলিও জানিব পৰা গৈছে ৷

আনহাতে, অক্টোবৰৰ 9 তাৰিখে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ফ্ৰান্সৰ প্ৰতিৰক্ষা উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মিলিত হ'ব ৷ এই অনুষ্ঠানতে বিষয়াসকলক অহা বছৰ ফেব্ৰুৱাৰীত লক্ষ্নৌত অনুষ্ঠিত হ'বলগা 'মেক ইন ইণ্ডিয়া' আৰু প্ৰতিৰক্ষা মেলাত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.