ETV Bharat / bharat

কেৰালাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়ালে সাহাৰ্য

author img

By

Published : May 3, 2020, 12:13 AM IST

কেৰালা
কেৰালাৰ প্ৰৱাসী শ্ৰমিকে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়ালে আৰ্থিক সাহাৰ্য

কেৰালাত থকা এটি প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দলে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়াই ৫২,০০০ টকাৰ আৰ্থিক সাহাৰ্য । কেৰালাত নাৰিকল পাৰি জীৱন নিৰ্বাহ কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দলটোয়ে মহামাৰী COVID-19 ৰ সৈতে ৰাজ্যবাসীক যুঁজিবলৈ আগবঢ়াই এই সাহাৰ্য ।

নিউজ ডেস্ক, ২ মে': ছট্টীশগড়ৰ এটি প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দলে (নাৰিকল ব্যৱসায়ীৰ লগত জড়িত তথা নাৰিকল পাৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিক) শনিবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়াই ৫২,০০০ টকাৰ আৰ্থিক সাহাৰ্য ।

কেৰালা
কেৰালাৰ প্ৰৱাসী শ্ৰমিকে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়ালে আৰ্থিক সাহাৰ্য

মহামাৰী COVID-19 ৰ বাবে কোনো উপাৰ্জনৰ পথ উলিয়াব নোৱাৰিলেও সাহাৰ্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে শ্ৰমিকসকল । ২১ দিনৰো অধিক সময় ঘৰতে বিনা পাৰিশ্ৰমিকেৰে থাকিব লগা হোৱা পাচতো প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে নিজৰ সাঁচতীয়া ধনৰ একাংশ দলটোৰ সদস্যসকলৰ পৰা একগোট কৰি শনিবাৰে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি আগবঢ়ায় ।

আনহাতে, প্ৰায় দুমাহ পূৰ্বে কামৰ সন্ধানত কেৰালা লৈ যোৱা ৪৩ জনীয়া শ্ৰমিকৰ দলটোৰ প্ৰদীপ নামৰ এজন প্ৰৱাসী শ্ৰমিকে কয় যে, এই সংকটৰ সময়ছোৱাত যেতিয়া এগৰাকী শিশুয়েও নিজৰ সাঁচতীয়া ধন চৰকাৰলৈ আগবঢ়োৱা বুলি আমি খবৰ লাভ কৰিছিলো তেতিয়াই আমি মহামাৰী COVID-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিজন শ্ৰমিকৰ পৰা টকা একগোট কৰিবলৈ আৰম্ভ কৰিলো ।"

লগতে কেৰালা চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক কৰি অহা সহায়ৰ বাবে কেৰালা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে শ্ৰমিকসকলে । লক ডাউনৰ সংকটৰ সময়ছোৱাতো প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি সদৰী কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.