ETV Bharat / bharat

কৃষকক সহায়ৰ বাবে কৰ্ণাটকত মুকলি "কৃষি সঞ্জীৱনী বাহন"

author img

By

Published : Jan 8, 2021, 2:17 PM IST

কৰ্ণাটকত মুকলি মবাইল গৱেষণাগাৰ
কৰ্ণাটকত মুকলি মবাইল গৱেষণাগাৰ

মুখ্য়মন্ত্ৰী বি এচ য়েডিয়ুৰপ্পাই বেঙ্গালুৰুস্থিত বিধানসভাৰ বাহিৰত বৃহস্পতিবাৰে মুকলি কৰে "কৃষি সঞ্জীৱনী বাহন"ৰ । ম'বাইল কৃষি গৱেষণাগাৰৰ জৰিয়তে কৃষকে বিনামূলীয়াকৈ আৰু ঘৰৰ ওচৰতে নিজৰ পথাৰৰ মাটিৰ গুণাগুণৰ পৰীক্ষণ, বীজৰ পৰীক্ষণ, কীটনাশকৰোধ আদি বিভিন্ন পৰীক্ষা কৰিব পাৰিব ।

নিউজ ডেস্ক , ৮ জানুৱাৰী : কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে কৰ্ণাটক চৰকাৰৰ এক বিশেষ পদক্ষেপ । কৃষকৰ সহায়ৰ বাবে ৰাজ্য়খনত মুকলি কৰা হয় বিশেষ ম'বাইল গৱেষণাগাৰ । ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃষি উন্নয়ন আঁচনিৰ অধীনত মুকলি কৰা হয় "কৃষি সঞ্জীৱনী বাহন"ৰ নামৰ বিশেষ "ম'বাইল এগ্ৰো ক্লিনিক"ৰ । কৰ্ণাটকৰ বেঙ্গালুৰুস্থিত বিধানসভাৰ বাহিৰত বৃহস্পতিবাৰে মুকলি কৰা হয় ৪০ খনকৈ এই "কৃষি সঞ্জীৱনী বাহন" । ৰাজ্য়ৰ ৩১ খন জিলালৈ প্ৰেৰণ কৰা হ'ব এই "কৃষি সঞ্জীৱনী বাহন"সমূহ । ৰাজ্য়ৰ উপ মুখ্য়মন্ত্ৰী লক্ষ্মণ সাবাদী, কৃষি মন্ত্ৰী বি চি পাটিল আৰু মন্ত্ৰী এচ টি সোমাশেখৰৰ উপস্থিতিত মুখ্য়মন্ত্ৰী বি এচ য়েডিয়ুৰপ্পাই মুকলি কৰে এই মবাইল কৃষি গৱেষণাগাৰৰ ।

এই ম'বাইল কৃষি গৱেষণাগাৰৰ জৰিয়তে কৃষকে বিনামূলীয়াকৈ আৰু ঘৰৰ ওচৰতে নিজৰ পথাৰৰ মাটিৰ গুণাগুণৰ পৰীক্ষণ ,বীজৰ পৰীক্ষণ, কীটনাশকৰোধ আদি বিভিন্ন পৰীক্ষা কৰিব পাৰিব । উল্লেখ যে ইয়াৰপূৰ্বে কৃষকসকলে এই ধৰণৰ পৰীক্ষাৰ বাবে বহু দূৰ ভ্ৰমণ কৰিব লাগিছিল । এই ব্য়ৱস্থাৰ মুকলি কৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগেৰে কৃষকে সন্মুখীন হোৱা বিভিন্ন সমস্য়া সমাধান কৰিব পাৰিব বুলি আশাবাদী মুখ্য়মন্ত্ৰী য়েডিয়ুৰপ্পা । ইফালে মুখ্য়মন্ত্ৰী গৰাকীয়ে জনোৱা মতে উৎপাদন ব্য়য় হ্ৰাস কৰাটোৱে এই আঁচনিৰ মূল লক্ষ্য় । কিয়নো ইয়াৰ জৰিয়তে কৃষকে সাৰৰ গুণাগুণো পৰীক্ষা কৰি কেৱল প্ৰয়োজনীয় সাৰহে কৃষকে ক্ৰয় কৰিব । এই ব্য়ৱস্থাৰ জৰিয়তে চৰকাৰৰ বিভিন্ন পৰৱৰ্তী আঁচনিৰ পৰিকল্পনা গ্ৰহণ কৰাৰ ক্ষেত্ৰটো যথেষ্ট সহায়ক হ'ব বুলিও আশাবাদী মুখ্য়মন্ত্ৰীগৰাকী ।

আনফালে এই ব্য়ৱস্থাকলৈ কৃষি মন্ত্ৰীও বহু আনন্দিত কিয়নো কৃষকে বিভিন্ন শস্য়ৰ ৰোগ, বীজ পৰীক্ষা আৰু মাটিৰ পৰীক্ষা অতি সহজে আৰু বিনামুলীয়াকৈ কৰিব পাৰিব । লগতে কৃষি শস্য়ৰ ৰোগ , শস্য়ৰ ওপৰত হোৱা পোক-পতংগৰ আক্ৰমণ আদি বিভিন্ন বিষয়ত চৰকাৰৰ বিভিন্ন সমীক্ষাৰ বাবেও এই ব্য়ৱস্থা সহায়ক হ'ব ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত জীৱন্ত পক্ষীৰ আমদানি নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.