ETV Bharat / bharat

1,000 প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চক ব্ৰিটেইনলৈ পঠিয়াব কৰ্ণাটক চৰকাৰে

author img

By

Published : Jan 1, 2021, 9:45 AM IST

Karnataka govt to send 1 000 skilled nurses to Britain
প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চক ব্ৰিটেইনলৈ পঠিয়াব কৰ্ণাটক চৰকাৰে

কৰ্ণাটকৰ 1,000 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চক ব্ৰিটেইনলৈ পঠিয়াবলৈ সাজু ৰাজ্য চৰকাৰ ৷ সকলো নাৰ্চকে ইংলেণ্ড চৰকাৰে দৰমহা হিচাপে বছৰি 20 লাখকৈ টকা প্ৰদান কৰিব ৷

নেশ্যনেল ডেস্ক,1 জানুৱাৰী : ক’ভিড মহামাৰী সংক্ৰমণৰ মাজতে চাকৰি সন্ধানত থকা লোকসকলৰ মাজৰ 1,000 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চক ব্ৰিটেইনলৈ পঠিয়াবলৈ সাজু হৈছে কৰ্ণাটক চৰকাৰ ৷

ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ড৹ চিএন অশ্বস্থ নাৰায়ণে জনোৱা মতে, ইউৰোপৰ লগতে আন বহু দেশত ভাৰতীয় নাৰ্চৰ মূল্য আছে ৷ বহুকেইখন হাস্পতালে ৰোজগাৰ প্ৰদান কৰিবলৈ সাজু হৈছে ৷ গতিকে প্ৰথম পৰ্যায়ত আমি 1,000 গৰাকী নাৰ্চক ব্ৰিটেইনলৈ পঠিয়াবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ৷

এক চৰকাৰী বিজ্ঞপ্তিত উল্লেখিত অনুসৰি, প্ৰথমটো দলৰ সকলো নাৰ্চকে কৰ্ণাটক বৃত্তিমূলক প্ৰশিক্ষণ আৰু দক্ষতা উন্নয়ন নিগমৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ আনহাতে সকলো নাৰ্চকে ইংলেণ্ড চৰকাৰে দৰমহা হিচাপে বছৰি 20 লাখ টকা প্ৰদান কৰিব ৷

মন কৰিবলগীয়া যে, কৰ্ণাটক চৰকাৰে বিদেশত নিয়োগ প্ৰদান কৰাৰ উদ্দেশ্যে এটা আন্তঃৰাষ্ট্ৰীয় বহিৰাগমন কেন্দ্ৰ স্থাপন কৰিছে । বৰ্তমানৰ দলটোক এই কেন্দ্ৰৰ জৰিয়তে ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : বলুকা ভাস্কৰ্যৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.