ETV Bharat / bharat

ভুৱা আৰক্ষীৰ দলে লুটিলে নগদ ধনসহ আ-অলংকাৰ

author img

By

Published : Aug 19, 2020, 4:31 PM IST

Karnataka: Four fake cops raid house, escape with gold, money
ভুৱা আৰক্ষীৰ দলে লুটিলে নগদ ধনসহ আ-অলংকাৰ

চাৰি ভুৱা আৰক্ষীয়ে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁৰ ভাতৃয়ে বাংগালোৰত এখন ঘৰত ডকাইতিকাণ্ড সংঘটিত কৰি লুট কৰা ধন উক্ত ঘৰখনত লুকুৱাই থোৱা বুলি খবৰ লাভ কৰিছে আৰু ফলত তেওঁলোকে তালাচী অভিযান চলাবলৈ আহিছে বুলি জনায় ৷

নিউজ ডেস্ক, 19 আগষ্ট : কৰ্ণাটকৰ হাছান জিলাত ভুৱা আৰক্ষীৰ এটা দলে এখন ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধনৰ লগতে সোণৰ অলংকাৰ লৈ উধাও হয় ৷

ঘটনাটো সংঘটিত হৈছে হাছান জিলাৰ হছোৰ জিলাৰ লাভান্না গৌড়া নামৰ লোকজনৰ বাসগৃহত ৷ ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে 17 আগষ্টত আৰক্ষীক অৱগত কৰে ৷ ভুক্তভোগী পৰিয়ালটোৱে জনোৱা অনুসৰি, চাৰি ভুৱা আৰক্ষীয়ে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁৰ ভাতৃয়ে বাংগালোৰত এখন ঘৰত ডকাইতিকাণ্ড সংঘটিত কৰি লুট কৰা ধন উক্ত ঘৰখনত লুকাই থোৱা বুলি খবৰ লাভ কৰিছে আৰু সেইবাবে তেওঁলোকে তালাচী অভিযান চলাবলৈ আহিছে বুলি উল্লেখ কৰে ৷

ভুৱা আৰক্ষীৰ দলে লুটিলে নগদ ধনসহ আ-অলংকাৰ

যাৰ পাছতেই ঘৰখনত পোৱা সকলোধৰণৰ আ-অলংকাৰ, নগদ ধন জব্দ কৰি আৰক্ষী থানালৈ লৈ যোৱা বুলি কৈ ঘটনাস্থলীৰ পৰা উধাও হয় দলটো ৷ ইতিমধ্যে পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাসন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : 34 যাত্ৰীসহ আগ্ৰা বাছ হাইজেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.