ETV Bharat / bharat

অনিৰ্ধাৰিত পইন্টত প্ৰবেশ কৰাৰ অপৰাধত ৰাজস্থানত অৱতৰণ পাকিস্তানী বিমান

author img

By

Published : May 10, 2019, 8:59 PM IST

অনিৰ্ধাৰিত পইন্টত প্ৰবেশ কৰাৰ অপৰাধত ৰাজস্থানত অৱতৰণ পাকিস্তানী বিমান

অনুমতি অবিহনে ভাৰতৰ আকাশমাৰ্গত পাকিস্তানী বিমান, ভাৰতীয় বায়ুসেনাৰ হাতত অৱতৰণ হ'বলৈ বাধ্য ৷ বায়ুসেনাৰ সোধ-পোছ অব্যাহত ৷

নিউজডেস্ক,10মে': শুকুৰবাৰে পাকিস্তানৰ পৰা অহা এখন সামগ্ৰী কঢ়িওৱা বিমানক ৰাজস্থানৰ জয়পুৰ বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য কৰায় ভাৰতীয় বায়ুসেনাই ৷ আকাশ মাৰ্গৰ নিয়মাৱলী উলংঘন কৰি ভাৰতীয় সীমাত প্ৰবেশ কৰোতেই ভাৰতীয় বায়ু সেনাৰ দুখন ছুখই যুদ্ধ বিমানে পাক বিমানখন অৱতৰণ কৰাবলৈ বাধ্য কৰায় ৷

অনিৰ্ধাৰিত পইন্টত প্ৰবেশ কৰাৰ অপৰাধত ৰাজস্থানত অৱতৰণ পাকিস্তানী বিমান

এক সূত্ৰই জনোৱা মতে এন্তোনোভ এন-12 বিমানখনে কৰাচীৰ পৰা দিল্লীলৈ যাত্ৰা কৰোতে মূল পথৰ পৰা বিচ্ছিন্ন হৈ উত্তৰ গুজৰাটৰ ফালে এটা অনিৰ্ধাৰিত পইন্টত প্ৰবেশ কৰে ৷ যাৰ বাবে বায়ুসেনাৰ প্ৰতিৰক্ষা বিমানেৰে সফলভাৱে বিমানখন জয়পুৰৰ বিমানবন্দৰত অৱতৰণ কৰাবলৈ বাধ্য কৰায় ৷ পাচত বিমানবন্দৰত আৰক্ষীৰ উচ্চ বিষয়া উপস্থিত হৈ বিমানখন স্কেন কৰি বিমানৰ পাইলটগৰাকীক সোধপোছ অব্যাহত ৰাখিছে ৷

  • #WATCH: Indian Air Force fighter jets force an Antonov AN-12 heavy cargo plane coming from Pakistani Air space to land at Jaipur airport. Questioning of pilots on. pic.twitter.com/esuGbtu9Tl

    — ANI (@ANI) May 10, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি ভাৰতীয় বায়ুসেনাই ৰাডাৰৰ সহায়ত এই সামগ্ৰী কঢ়িওৱা এন-12 বিমানখনক চিনাক্ত কৰে আৰু দুখন ভাৰতীয় ছু-30 যুদ্ধ বিমাৰ দ্বাৰা অৱতৰণ কৰোৱায় ৷

IAF jets force Georgian plane to land at Jaipur airport after it violates air route rules
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.