ETV Bharat / bharat

শ্ৰমিক আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত বাতিল কৰক চৰকাৰেঃ ব্ৰীজেশ উপাধ্যায়

author img

By

Published : May 18, 2020, 10:32 PM IST

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিএমএছৰ সচিব ব্ৰীজেশ উপাধ্যায়ে চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক আইন বাতিলৰ সিদ্ধান্ত উঠাই লোৱাৰ ওপৰত মতপ্ৰকাশ কৰে ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিএমএছৰ সচিব ব্ৰীজেশ উপাধ্যায়
ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিএমএছৰ সচিব ব্ৰীজেশ উপাধ্যায়

নিউজ ডেস্ক, 18 মে' : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগী সংস্থা ভাৰতীয় মজদুৰ সংঘৰ সাধাৰণ সচিব ব্ৰীজেশ উপাধ্যায়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ শ্ৰমিক আইন বাতিলকৰণৰ সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত ব্ৰীজেশ উপাধ্যায়ে চৰকাৰে শ্ৰমিকৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিক কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰে ৷ তেওঁৰ মতে, শ্ৰমিক আইন বাতিল কৰাৰ বিপৰীতে শ্ৰমিকসকলৰ লগতে শ্ৰমিক সংগঠনৰ সৈতে সহযোগিতামুলক বাৰ্তালাপ কৰি সংশ্লিষ্ট আইনৰ সংশোধনীৰ ওপৰত তেওঁ অধিক গুৰুত্ব প্ৰদান কৰে ৷ শ্ৰমিকসকল এতিয়া পথলৈ ওলাই আহিবলগীয়া হৈছে, বহুতেই চাকৰি হেৰুৱাইছে ৷ এনে পৰিস্থিতিত চৰকাৰে সকলো দিশ আগত ৰাখি এই আইন সন্দৰ্ভত এক গঠনমুলক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁ মতপ্ৰকাশ কৰে ৷ এইক্ষেত্ৰত শ্ৰমিকসকলক অধিক পৰিমানে নিশ্চিত নিয়োগ প্ৰদানৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰে ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিএমএছৰ সচিব ব্ৰীজেশ উপাধ্যায়

ইতিমধ্যে শ্ৰমিকসকলৰ সহায় হোৱাকৈ সংগঠনটোৱে ভাৰতৰ বিভিন্ন প্ৰান্তত গোট গঠন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ আনহাতে এই সন্দৰ্ভত তেওঁলোকে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথাও প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.