ETV Bharat / bharat

প্ৰতি 10 গ্ৰামত 516 টকাকৈ হ্ৰাস পালে সোণৰ মূল্য

author img

By

Published : Mar 11, 2020, 11:23 PM IST

প্ৰতি 10 গ্ৰামত হ্ৰাস পালে সোণৰ মূল্য ৷ 516 টকা হ্ৰাস পাই 44,517 টকা হ'ল সোণৰ মূল্য ৷

প্ৰতি 10 গ্ৰামত 516 টকাকৈ হ্ৰাস
সোণৰ মূল্য হ্ৰাস

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 36 পইছা বৃদ্ধি পোৱাৰ বাবে দেশৰ ৰাজধানী দিল্লীত হ্ৰাস পালে সোণৰ মূল্য ৷ প্ৰতি 10 গ্ৰাম সোণত 516 টকা হ্ৰাস পাই 44,517 টকা হ'লগৈ সোণৰ মূল্য ৷

HDFC Securities ৰ অনুসৰি, সোমবাৰে সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 45,033 টকা আছিল ৷

ইয়াৰ পৰিৱৰ্তে ৰূপৰ মূল্য প্ৰতি কেজিত 146 টকা বৃদ্ধি হৈ 47,234 টকা হয় ৷ ইয়াৰ পূৰ্বে প্ৰতি কেজি ৰূপৰ মূল্য আছিল 47,088 টকা ৷

HDFC Securities Senior Analyst (Commodities) তপন পেটেলে জানিবলৈ দিয়ে যে, "দিল্লীত সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 516 টকালৈ হ্ৰাস পাইছে ৷"

আৰু পঢ়ক : ৰাজীৱ গান্ধী হত্যাকাণ্ড : নলিনীৰ মুক্তিৰ আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.