ETV Bharat / bharat

গান্ধীজীৰ অহিংস আৰু সত্যাগ্ৰহ নীতিৰ মূল্যবোধ !

author img

By

Published : Sep 4, 2019, 6:31 PM IST

গান্ধীজীৰ অহিংস আৰু সত্যাগ্ৰহ নীতি

এনে বহু সংস্থা আৰু দেশ আছে, যি হিংসাক নিজৰ উদ্দেশ্য সফল কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে ৷ কিন্তু এই সংস্থা অথবা দেশ সমূহে সমস্যা সমাধানৰ বাবে অৱশেষত বক্তব্য অথবা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অহিংসাৰ পথ অৱলম্বন কৰে ৷

গান্ধীজীৰ অহিংস আৰু সত্যাগ্ৰহ নীতি

-সন্দীপ , এ-893, ইন্দিৰা নগৰ, লক্ষ্ণৌ

মহামানৱ মহাত্মা গান্ধীৰ দুটি প্ৰধান মূল্যবোধ আছিল সত্য আৰু অহিংসা ৷ বাপুৱে তেখেতৰ সত্যগ্ৰহ আন্দোলনত বিৰোধিতা কৰা সকলৰ হৃদয় পৰিৱৰ্তনৰ বাবে এই দুই মূল্যবোধ সফলভাৱে ব্যৱহাৰ কৰিছিল ৷ এনে বহু সংস্থা আৰু দেশ আছে, যি হিংসাক নিজৰ উদ্দেশ্য সফল কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে ৷ কিন্তু এই সংস্থা অথবা দেশ সমূহে সমস্যা সমাধানৰ বাবে অৱশেষত বক্তব্য অথবা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অহিংসাৰ পথ অৱলম্বন কৰে ৷

GANDHIAN VALUE OF NON-VIOLENCE
গান্ধীজীৰ অহিংস আৰু সত্যাগ্ৰহ নীতি

নাগা জাতীয় পৰিষদ (NNC) আৰু নাগালেণ্ড জাতীয় সমাজ তান্ত্ৰিক পৰিষদ(NSCN) এ ভাৰত চৰকাৰৰ সৈতে বুজা-বুজিত বিফল হোৱাৰ পাচত সাৰ্বভৌমত্বৰ বাবে এটা বিছিন্নতাবাদী আন্দোলন আৰম্ভ কৰে ৷ ইয়াৰ লগতে গঠন হৈছিল নাগা ফেডাৰেল চৰকাৰ আৰু নাগা ফেডাৰেল আৰ্মিও ৷ নাগালেণ্ডে হিংসাৰ এনে এটা পৰ্যায় পাইছিল য'ত নগা আৰু ভাৰতীয় সেনা বাহিনীৰ মাজত বিভিন্ন সংঘাত আৰু আতিশায্য চলিছিল ৷ এন এছ চি এনৰ নেতাসকলে ভাৰত ভূমিত ভাৰতীয় নেতাৰ সৈতে সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে ইউৰোপ আৰু দক্ষিণ-পূৱ এছিয়াত তেওঁলোকে সভা অনুষ্ঠিত কৰে ৷ যি কি নহওক অৱশেষত সুবুদ্ধি উদয় হোৱাত নগা নেতাসকলে ভাৰত চৰকাৰৰ সৈতে জড়িত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নাগালেণ্ডৰ বাবে পৃথক সংবিধান আৰু পৃথক পতাকাৰ দাবী তোলা নগা সকলে যদিও ভাৰতৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ বিষয়ত একমত হৈছে, তথাপিও এই সমস্যা এতিয়াও সমাধান হোৱা নাই ৷

দ্বিতীয় বিশ্বযুদ্ধৰ শেষত কোৰিয়া দুভাগত বিভক্ত হয় আৰু 1950-53 চনত কোৰিয়াৰ যুদ্ধ আৰম্ভ হয় ৷ উত্তৰ কোৰিয়াক চোভিয়েট ইউনিয়নে সমৰ্থন জনোৱাৰ বিপৰীতে সংযুক্ত ৰাষ্ট্ৰই সমৰ্থন জনাই দক্ষিণ কোৰিয়াক ৷ দক্ষিণ কোৰিয়াৰ সমান্তৰালকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতেও দীৰ্ঘদিনীয়া শত্ৰুতা আছিল উত্তৰ কোৰিয়াৰ ৷ যাৰ বাবে যিকোনো ঘটনাৰ মুখামুখি হোৱাৰ উদ্দেশ্যে উত্তৰ কোৰিয়াই পাৰমাণৱিক বোমা প্ৰসাৰ চুক্তি উলংঘন কৰি মানৱ বিধ্বংসী বোমা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ শেহতীয়াকৈ তিনিওখন চৰকাৰে বহুকেইখন বৈঠকত মিলিত হৈ তেওঁলোকৰ মাজত চলি থকা সংঘাত নিৰ্মূলৰ লগতে কোৰিয়া উপদ্বীপক পাৰমাণৱিক অস্ত্ৰমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

GANDHIAN VALUE OF NON-VIOLENCE
মহামানৱ মহাত্মা গান্ধী

আনকি কাশ্মীৰৰ উদ্বেগজনক সমস্যা সম্পৰ্কে ভাৰতে এইয়া আভ্যন্তৰীণ বিষয় বুলি পাকিস্তানৰ সৈতে কোনোধৰণৰ আলোচনা কৰিব নোখোজে ৷ শেহতীয়াকৈ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা এক বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, 1947 চনৰ আগতে ভাৰত আৰু পাকিস্তান একেলগে আছিল আৰু মোডী আত্মবিশ্বাসী যে, এই সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে ইয়াৰ সমাধানো কৰিব পাৰে ৷ ডোনাল্ড ট্ৰাম্পে ইংগিত প্ৰদান কৰিছিল যে, ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ সমস্যাৰ মধ্যস্থতা কৰাৰ বাবে তেওঁ ইচ্ছুক ৷ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা ভাৰতৰ কোনো প্ৰতিক্ৰিয়া নোপোৱাকৈয়ে আলোচনাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ কিন্তু তেখেতে, পাচপ'ৰ্ট আৰু ভিচা অবিহনেই শিখ ধৰ্মযাত্ৰীৰ বাবে পাকিস্তানৰ গুৰুদ্বাৰ দৰবাৰ চাহিৱ দৰ্শনৰ বাবে কৰতাৰপুৰ কৰিড'ৰ মুকলিকৰি দিয়াৰ সদিচ্ছা প্ৰকাশ কৰিছিল ৷

ভাৰতবৰ্ষত যদিও মাওবাদী আৰু নক্সালবাদীয়ে সংসদীয় গণতন্ত্ৰৰ বিৰুদ্ধে গৈ তেওঁলোকৰ যুঁজ চলাই আহিছে,নেপাল কমিউনিষ্ট পাৰ্টীয়ে(মাওবাদী) এখন শান্তি চুক্তিত স্বাক্ষৰ কৰি দহ বছৰীয়া গৃহ যুদ্ধৰ অৱসান ঘটাইছে ৷ আনকি সাতটাকৈ দল একেলগ হৈছিল আৰু সংসদীয় প্ৰক্ৰিয়াৰে নেপালৰ ৰাজতন্ত্ৰৰ অৱসানৰ প্ৰয়াস কৰিছিল ৷ ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ নেতা প্ৰচণ্ড বা কামাল দাহাল দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল ৷ পিপলচ লিবাৰেশ্যন আৰ্মী অৱ চি পি এনৰ ( মাওবাদী) সদস্যক সেনা নিবাসত থাকিবৰ বাবে মাহিলী ভাট্টা দিয়াৰো প্ৰতিশ্ৰুতি দিছিল ৷

GANDHIAN VALUE OF NON-VIOLENCE
গান্ধীজীৰ নীতি

বিগত বৰ্ষত ভাৰতত কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)-ৰ সৈতে জড়িত অখিল ভাৰত কৃষাণ সভাৰ প্ৰায় 35-ৰ পৰা 40000 কৃষকে সম্পূৰ্ণ ঋণ মাফ আৰু বিদ্যুৎ মাচুল ৰেহায় আৰু স্বামী নাথন কমিশ্যন ৰিপ'ৰ্ট কাৰ্যকৰী কৰাৰ বাবে মুম্বাইৰ পৰা নাচিকলৈ প্ৰায় 180 কি.মি. দৈৰ্ঘৰ সমদল বাহিৰ কৰে ৷ নিৰ্ধাৰিত দিনটোত মুম্বাই চহৰৰ ভিতৰত এটি বিৰল সংকেতেৰে কৃষকসকলে নিশা প্ৰায় 1 বজাৰ পৰা প্ৰথম দিনাৰ যাত্ৰা আৰম্ভ কৰে, যাতে পুৱাৰ ভাগত চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী আৰু পৰিষদৰ পৰীক্ষা দিবলৈ অহা ছাত্ৰ-ছাত্ৰী কোনেও কোনো সমস্যাৰ সন্মুখীন নহয় ৷ এনেকুৱা এখন দেশত যেতিয়া বিপুল সংখ্যক লোকৰ সমাবেশে খুউব সহজেই এটি বিশংখল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, কৃষকৰ এই পদক্ষেপে মধ্যবিত্ত মুম্বাইবাসীৰো সহানুভূতি আদায় কৰিছিল ৷ শান্তিপূৰ্ণ প্ৰতিবাদ পৰিচালনা পদ্ধতি আৰু অন্নশন আছিল বিশ্ববাসীলৈ গান্ধীজীৰ অনন্য অৱদান ৷ যাক সাধাৰণতে সত্যৰ আৱেদন নামেৰে জনা যায় ৷ প্ৰায় সংখ্যক সংগঠনেই আদৰ্শগতভাৱে অহিংসাৰ প্ৰতি বিশ্বাসী নোহোৱাকৈয়ে গান্ধীজীৰ প্ৰতিবাদৰ এই পদ্ধতি ব্যৱহাৰ কৰি আহিছে ৷ লাহোৰ কাৰাগাৰত ৰাজনৈতিক বন্দী সকলৰ বাবে মানৱীয় পৰিস্থিতিৰ দাবীত যতীন দাসে কৰা অন্নশনৰ প্ৰতি সমৰ্থন জনোৱাৰ বাবে কাৰাগাৰত থকাৰ সময় চোৱাত ভগৎ সিঙ উপবাসে আছিল ৷ গান্ধীবাদী পদযাত্ৰাৰ আদৰ্শ আৰু অন্নশন পদ্ধতিক পৰৱৰ্তী সময়ত বিনোবা ভাৱে, মেধা পাটকাৰ, আন্না হাজাৰে, ইৰম শৰ্মিলা আৰু আন আন নেতা সকলে সমৰ্থন কৰিছিল আৰু এই নেতা সকল এই বাবে জনসাধাৰণ আৰু ৰাজিনৈতিক নেতাৰ দ্বাৰা সন্মানিত হৈছিল ৷

মাৰ্টিন লুথাৰ কিঙে গান্ধীজীৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৈছিল যে, হিংসাৰ অৱলম্বন নকৰাকৈ আৰু দুষ্কৃতিকাৰীৰ বিৰোধিতা নকৰাকৈও অনীতি অথৱা দুষ্কাৰ্যৰ বিৰোধিতা কৰিব পৰা যায় ৷ তেওঁ বিশ্বাস কৰিছিল যে, যি মানুহে অহিংসাৰ অনুশীলন কৰে তেওঁলোকে প্ৰতিশোধ অবিহনে পীড়িত হোৱাৰ বাবে সাজু হৈ থাকিব লাগে ৷ অহিংস প্ৰতিৰোধকাৰীয়ে তেওঁৰ প্ৰতিপক্ষক কেৱল গুলী কৰিবলৈয়ে অস্বীকাৰ কৰা নাই বৰঞ্চ তেওঁক ঘৃণা কৰিবলৈও অস্বীকাৰ কৰিছে ৷

আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ সশস্ত্ৰ বাহিনী Umkhonto we Sizwe-ৰ সহ প্ৰতিষ্ঠাতা নেলচন মেণ্ডেলাই অস্ত্ৰৰ প্ৰশিক্ষণো লাভ কৰিছিল ৷ কিন্তু জীৱনৰ শেষৰ ফালে তেখেতে গান্ধীজীৰ নীতি অনুসৰণ কৰিছিল ৷ 27 বছৰ কাৰাগাৰত থকাৰ পাচত যেতিয়া তেখেত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হয়, তেতিয়া তেখেতে জাতীয় পুনৰ্মিলনৰ আহ্বান জনাইছিল ৷ মূলতঃ শ্বেতাংগসকলে বৰ্ণবাদী লোকসকলৰ বিৰুদ্ধে কৰা সমস্ত অপৰাধ ক্ষমা কৰাৰ বাবেই এই সন্মিলনৰ আহ্বান জনাইছিল ৷

GANDHIAN VALUE OF NON-VIOLENCE
গান্ধীজী

পেলেষ্টাইনী সংগঠন হামাচৰ শীৰ্ষ নেতা খলিদ মাশ্বাল, যাৰ গাজাত চৰকাৰ থকা স্বত্বেও আমেৰিকাই ইজৰাইলৰ সন্ত্ৰাসবাদী সংগঠন হিচাপে বিবেচনা কৰিছিল ৷ 2011 চনত চিৰিয়াৰ ৰাজধানী দামেস্কেত এক ব্যক্তিগত আলাপত তেওঁলোকে গান্ধীজীক তেওঁলোকৰ আদৰ্শ হিচাপে বিবেচনা কৰিছিল কাৰণ গান্ধীজী আছিল শক্তিশালী শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া সমূহ দুৰ্বল লোকৰ বাবে প্ৰেৰণাৰ উৎস ৷

আনকি সাধাৰণ লোকেও তেওঁলোকৰ সাধাৰণ সমস্যা প্ৰকাশৰ বাবে গান্ধীজীৰ পন্থা অৱলম্বন কৰিছিল ৷ ভাৰতবৰ্ষত কেতিয়াবা কিছুমান সমস্যা সমাধানৰ বাবে কেৱল ব্যক্তি অথবা পৰিয়ালে চৰকাৰী কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰা দেখা যায় ৷ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাৰ এই পদ্ধতিক বৈধ হিচাপে মানি লোৱা হয় কিয়নো প্ৰায়েই কিছু সংখ্যক কৰ্মকৰ্তাই সাধাৰণ ভুক্তভোগীসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰে ৷ অহিংসা আৰু সত্যৰ নীতিসমূহৰ ভিত্তিত আধাৰিত গণতন্ত্ৰত অসন্তুষ্ট মানৱ সমাজৰ ন্যায় বিচাৰৰ যুঁজত গান্ধীজীৰ অনন্য অৱদান ৷ বৰ্তমান ভিন্নমতক গণতন্ত্ৰৰ ধাৰণাৰ এটি অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা হয় ৷

Intro:Body:

GANDhi PKG


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.