ETV Bharat / bharat

ডুবাইত আবদ্ধ লোকক লৈ কান্নুৰত উপস্থিত বিমান

author img

By

Published : May 13, 2020, 6:30 PM IST

ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কান্নুৰত উপস্থিত বিমান
ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কান্নুৰত উপস্থিত বিমান

ডুবাইত আবদ্ধ হৈ থকা 177 গৰাকী লোকক উদ্ধাৰ কৰি মঙলবাৰে সন্ধিয়া 7.24 বজাত কান্নুৰত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান ।

নিউজ ডেস্ক, 13 মে': এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান এখনে ডুবাইত আবদ্ধ হৈ থকা 177 জন লোকক কঢ়িয়াই ভাৰতত উপস্থিত হয় । কান্নুৰ বিমান বন্দৰত বিমানখনে অৱতৰণ কৰে মঙলবাৰৰ সন্ধিয়া 7.24 বজাত ।

আনহাতে আন এখন বিমানে বাৰহিনৰ পৰা সোমবাৰে 182 জন লোকক উদ্ধাৰ কৰি ভাৰতৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণ কৰে ।

ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কানপুৰত উপস্থিত বিমান
ডুবাইত আবদ্ধ লোকক কঢ়িয়াই কানপুৰত উপস্থিত বিমান

ইফালে থিৰুৱনন্তমপুৰম আৰু দোহাৰ মাজত দেওবাৰে চলিব লগীয়া বিমানখনৰ উৰণ বাতিল কৰা হৈছিল । উক্ত বিমানখনৰ বাবে বুধবাৰলৈ নতুন সূচী নিৰ্ধাৰণ কৰা হৈছে । বুধবাৰে ভাৰতত উপস্থিত হ'ব বিমানখন ।

বিমান বন্দৰ সমূহত থাৰ্মেল স্কেনিং স্থাপন কৰা হৈছে । যি সমূহ লোকৰ দেহত কোনো লক্ষণে দেখা দিব, সেই লোক জনক ততাতৈয়াকৈ বিমানবন্দৰৰ পৰাই নিয়া হ'ব হাস্পতাললৈ । আনহাতে আন লোক সকলক কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.