ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ ইতিহাস

author img

By

Published : Aug 3, 2020, 11:20 PM IST

ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰিলে প্ৰথমে 1950 চনত আৰম্ভ হোৱা ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত প্ৰথমে গোপাল সিঙ বিশৰাদে ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পোষকতা কৰিছিল ৷ পৰৱৰ্তী সময়ত 1959 চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংবিধানৰ আধাৰত গোচৰ ৰুজু কৰিছিল ৷ আৰু তেতিয়াই বিশ্ব হিন্দু পৰিষদৰ পৃষ্ঠপোকষতাত সমগ্ৰ ভাৰতবৰ্ষতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ হৈছিল ৷

Faces behind Ram JanamBhoomi Movement
ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস

নিউজ ডেস্ক, 3 আগষ্ট : ইতিমধ্যে তুংগত উঠিছে ৰাম মন্দিৰ নিৰ্মাণৰ সকলো প্ৰস্তুতি ৷ সজাই-পৰাই তোলা হৈছে ৰাম জন্মভূমি অযোধ্যা ৷ 5 আগষ্টত ভূমি পূজনৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে, অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাই ৷ ৰাম মন্দিৰ নিৰ্মাণৰ ইতিহাস বিশ্লেষণ কৰিলে বহু কেইগৰাকী নেতাৰ নাম মনলৈ আহে ৷ তাৰে ভিতৰত অশোক সিংঘাল, লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আৰু ৰাম চন্দ্ৰ দাসৰ অৱদান উল্লেখনীয় ৷

ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰিলে প্ৰথমে 1950 চনত আৰম্ভ হোৱা ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত প্ৰথমে গোপাল সিঙ বিশৰাদে ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পোষকতা কৰিছিল ৷ পৰৱৰ্তী সময়ত 1959 চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংবিধানৰ আধাৰত গোচৰ ৰুজু কৰিছিল ৷ আৰু তেতিয়াই বিশ্ব হিন্দু পৰিষদৰ পৃষ্ঠপোকষতাত সমগ্ৰ ভাৰতবৰ্ষতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ হৈছিল ৷

একেদৰে বিশ্ব হিন্দু পৰিষদৰ অধ্যক্ষ অশোক সিংঘালেও ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল ৷ তেওঁৰ লগতে মহন্ত অভদ্যানাথৰ অৱদানো উল্লেখনীয় ৷ যিগৰাকী নেতাই ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল ৷ অবেদ্ৰা নাথে পৰৱৰ্তী সময়ত ৰাম জন্মভূমি মুক্তি সংঘ সমিতি নামৰ এক সমিতি গঠন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ পোষকতা কৰিছিল ৷

ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ ইতিহাস

ইফালে বজৰংগ দলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় কতিয়ালে ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনক সমৰ্থন জনাইছিল ৷ পৰৱৰ্তী সময়ত তেওঁ আন্দোলনটোক ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মজিয়ালৈ লৈ যাবলৈ সক্ষম হৈছিল ৷ কিন্তু সেই সময়ত বিজেপিৰ অধ্যক্ষ লাল কৃষ আদৱানীয়ে 'ৰথযাত্ৰা' নামৰ এক অনুষ্ঠান আৰম্ভ কৰি সমগ্ৰ আন্দোলনটোক জনমানসত সমাদৃত কৰিছিল ৷

আনহাতে, 1991 চনত মুৰলী মনোহৰ যোশীয়ে বিজেপিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচত তেওঁ পুনৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দাবী উখাপন কৰে ৷ পৰৱৰ্তী সময়ত সেই সময়ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙে 2.77 একৰ ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল ৷

ইফালে, শিৱ সেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেও ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত সন্মুখৰ পৰাই নেতৃত্ব বহন কৰিছিল ৷ বিজেপিৰ জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীও ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ এখন চিনাকী মুখ আছিল ৷ যিগৰাকী নেত্ৰীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিভিন্ন ধৰণে মাত মাতি অহা পৰিলক্ষিত হৈছিল ৷

উল্লেখনীয় যে, বিজেপি, BHPN, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত বিশেষ অৱদান আগবঢ়াইছিল ৷

লগতে পঢ়ক : আজি বিশ্ব সংস্কৃত দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.