ETV Bharat / bharat

পৰিয়ালৰ সুৰক্ষাৰ বাবে বিএএছএফ বিষয়াৰ দিল্লী আৰক্ষীলৈ পত্ৰ

author img

By

Published : Jul 19, 2020, 5:42 PM IST

delhi-bsf-soldier-writes-to-top-police-brass-seeks-help-for-family
এগৰাকী বি এছ এফ জোৱানে পৰিয়ালক সুৰক্ষা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীলৈ প্ৰত্ৰ প্ৰেৰণ

কাশ্মীৰৰ বাৰামুলাত কৰ্তব্যৰ বাবে নিয়োজিত হৈ থকা সীমা সুৰক্ষা বলৰ এজন বিষয়াই তেঁও পৰিয়ালৰ ওপৰত কৰা আক্ৰমণৰ শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াক আহ্বান জনায় ৷

নিউজ ডেস্ক,19 জুলাইঃ সীমা সুৰক্ষা বলৰ এগৰাকী বিষয়াই দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰি অভিযোগ দাখিল কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ কৰ্তব্যৰ বাবে তেঁও ঘৰত নাথাকে সেই সুযোগতে ঘৰৰ ওচৰ চুবুৰীয়াই তেঁওৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায় ৷ এই আক্ৰমণৰ ঘটনা ৰোধৰ কৰাৰ বাবে দিল্লী আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰে বিএছএফৰ বিষয়াগৰাকীয়ে ৷ কাশ্মীৰৰ বাৰমুলাত কৰ্তব্যৰ বাবে নিযোজিত হৈ থকা সীমা সুৰক্ষা বলৰ এএছআইগৰাকীয়ে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাই ৷

ইপিনে ঘটনা অনুসৰি স্থানীয় আৰক্ষীক অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ সহাঁৰি নোপোৱাত বিষয়া গৰাকীয়ে দিল্লীৰ উচ্চপদস্থ আৰক্ষী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰে ৷ কিয়নো তেঁওৰ ওচৰ চুবুৰীয়াৰ পৰা তেঁও পৰিয়াল সুৰক্ষিত নহয় গতিকে বিষয়া গৰাকীৰ পৰিয়ালক নিৰাপত্তাৰ অধিক প্ৰযোজন বুলি পত্ৰৰ জৰিয়তে উল্লেখ কৰে বিষয়া গৰাকীয়ে ৷ বিষয়াগৰাকীয়ে উল্লেখ কৰে যে তেঁও পৰিয়ালৰ ওপৰত ওচৰ চুবুৰীয়াই পাথৰ,ইটা আৰু অস্ত্ৰ-শস্ত্ৰৰে আক্ৰমণ কৰে ৷ তাৰপিছতে তেঁওৰ পৰিয়ালে স্থানীয় আৰক্ষীৰ কাষ চাপে আৰু ঘটনাৰ বিষয়ে অবগত কৰে ৷ ইপিনে সমগ্ৰ ঘটনাৰ দৃশ্য চিচিটিভিত আৱদ্ধ হৈ ৰয় ৷ কি দৰে পৰিয়ালটোৰ ওপৰত আক্ৰমণ কৰিছিল সেই বিষয়ে আৰক্ষীক জনোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ভূক্তভোগী পৰিয়ালটোৰ ৷

লগতে পঢ়কঃ বিহাৰত নেপালৰ নাগৰিকে উভালিলে সীতা গোফাত থকা স্তম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.