ETV Bharat / bharat

দুদিনত ৫ বাৰকৈ চুৰি কৰা ৩ গৰাকী লোকক গ্ৰেপ্তাৰ

author img

By

Published : May 4, 2020, 2:31 PM IST

লকডাউনৰ মাজতে চুৰিকাণ্ডত লিপ্ত থকা তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । বিগত দুদিনত পাঁচবাৰকৈ চুৰিকাণ্ড সংঘটিত কৰিছিল লোককেইজনে ।
দুদিনত ৫বাৰকৈ চুৰি কৰা ৩গৰাকী লোকক গ্ৰেপ্তাৰ
দুদিনত ৫বাৰকৈ চুৰি কৰা ৩গৰাকী লোকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ মে' : এগৰাকী নাবালকসহ তিনিগৰাকী লোকক চুৰিকাণ্ডত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । লকডাউনৰ মাজতে দক্ষিণ দিল্লীত পাঁচটাকৈ চুৰিকাণ্ড সংঘটিত কৰিছিল এইকেইজন লোকে ।

ধৃত লোককেইজন বিবেক (২২), নাগেন্দৰ (২৩), ৰাজু (২২) বুলি চিনাক্ত কৰা হৈছে আৰু আটাইকেইজনৰ ঘৰ সংগম বিহাৰত বুলি জনাইছে দিল্লী আৰক্ষীয়ে । তিনিগৰাকীৰ সৈতে আন এগৰাকী নাবালকো চুৰি কাণ্ডত লিপ্ত হৈছিল ।

তেওঁলোকক গ্ৰেপ্তাৰৰ পিচতে দিল্লী আৰক্ষীয়ে পাঁচটা ডকাইটি কাণ্ডৰ লগতে দুটা চুৰিকাণ্ডৰ ঘটনা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে । বিগত শনিবাৰৰ নিশা আৰক্ষীয়ে দিল্লীৰ মালব্য নগৰ আৰু নেব চৰাই অঞ্চলৰ পৰা দুটাকৈ ডকাইটিৰ অভিযোগ লাভ কৰিছিল । আটাইকেইটা ঘটনাতে ফুড ডেলিভাৰী ব্যক্তিৰ ৰূপত আহি চুৰি কাণ্ড সংঘটিত কৰিছিল ধৃত দুৰ্বৃত্তকেইজনে । পৰৱৰ্তী সময়ত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত সৈনিক ফাৰ্ম অঞ্চলত আৰক্ষীৰে মুখামুখি হয় চোৰৰ দলটো । আৰক্ষীয়ে তেওঁলোকক ৰ'বলৈ সংকেট দিয়ে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে পিচে পিচে খেদি গৈ আটাইকেইজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । দক্ষিণ দিল্লীৰ আৰক্ষী আয়ুক্ত অতুল কুমাৰ ঠাকুৰে এই কথা প্ৰকাশ কৰিছে ।

আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ পৰা দুটাকৈ চুৰি ম'বাইল, এখন চুৰি স্কুটি আৰু এখন চুৰি মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে । ধৃত আটাইকেইজনে ড্ৰাগছ আসক্ত আছিল আৰু ড্ৰাগছৰ বাবেই তিনিগৰাকী গাখীৰ যোগানকাৰী আৰু দুগৰাকী ফুড ডেলিভাৰী ব্যক্তিৰ পৰা চুৰিকাণ্ড সংঘটিত কৰিছিল ।

লগতে পঢ়কঃ ৰমজানৰ মাজতে দুই ফৈদৰ সংঘৰ্ষত জ্বলিল মছজিদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.