ETV Bharat / bharat

জম্মু কাশ্মীৰত চিআৰপিএফৰ অভিযানত আঘাতপ্ৰাপ্ত কনিষ্টবল

author img

By

Published : Dec 30, 2020, 11:57 AM IST

CRPF trooper injured after sentry fires warning shots in J&K
জম্মু কাশ্মীৰত চিআৰপিএফৰ অভিযানত আঘাতপ্ৰাপ্ত কনিষ্টবল

বান্দিপোৰা জিলাত চিআৰপিএফৰ অভিযানত অঘটন ৷ অভিযান কালত শূণ্যলৈ গুলী চালনা কৰাত দুৰ্ভাগ্যজনক ভাৱে আঘাতপ্ৰাপ্ত হয় চিআৰপিএফৰ ৩য় বেটেলিয়ানৰ এজন কনিষ্টবল ৷

নেশ্যনেল ডেস্ক,30 ডিচেম্বৰ: বুধবাৰে জম্মু কাশ্মীৰৰ বান্দিপোৰা জিলাত চিআৰপিএফৰ এক অভিযানত সংঘটিত হয় অঘটন ৷ বান্দিপোৰা জিলাৰ পাপচান অঞ্চলৰ চিআৰপিএফৰ এটা শিবিৰত থকা এজন চিআৰপিএফৰ জোৱান গুৰুতৰ ভাৱে আহত হয় ৷

আৰক্ষী সূত্ৰই জনোৱা মতে,পাপচান অঞ্চলত এক সন্দেহজনক অভিযানত গৈছিল চিআৰপিএফৰ জোৱানৰ এটা দল ৷ জোৱানসকলে এটা শিবিৰত থাকি চলাইছিল অভিযান ৷ অভিযান কালত শূণ্যলৈ গুলি চালনা কৰাত দুৰ্ভাগ্যজনক ভাৱে চিআৰপিএফৰ ৩য় বেটেলিয়ানৰ এজন কনিষ্টবল গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত জোৱানজন বিকাশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ৷ সম্প্ৰতি জোৱানজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:সীমান্তত শেন চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব-ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.