ETV Bharat / bharat

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছৰ ৰণকৌশল বৈঠক

author img

By

Published : Sep 8, 2020, 1:35 AM IST

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছৰ ৰণকৌশল বৈঠক
ৰাহুল আৰু ছোনিয়া গান্ধী

মঙলবাৰে কংগ্ৰেছে আয়োজন কৰিছে ৰণকৌশল বৈঠক ৷ বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে সভাপতিত্ব কৰাৰ লগতে উপস্থিত থাকিব গুলাম নবী আজাদ আৰু আনন্দ শৰ্মা ৷

নেশ্যনেল ডেস্ক, 7 ছেপ্তেম্বৰ : সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছে মঙলবাৰে আয়োজন কৰিছে ৰণকৌশল দলৰ বৈঠক ৷ এই বৈঠকত সভাপতিত্ব কৰিব কংগ্ৰেছৰ অন্তৱৰ্তীকালিন নেত্ৰী ছোনিয়া গান্ধীয়ে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদ আৰু আনন্দ শৰ্মায়েও এই বৈঠকত অংশগ্ৰহণ কৰিব ৷ দলত সক্ৰিয় আৰু প্ৰভাৱী নেতৃত্বৰ দাবী কৰি লিখা পত্ৰত হস্তাক্ষৰ কৰিছিল এই দুজন নেতাই ৷ এই বৈঠকৰ জৰিয়তে সংসদত দলটোৰ ৰণকৌশন আৰু উত্থাপন কৰিবলগা বিষয়সমূহ সম্পৰ্কত আলোচনা কৰা হ'ব ৷

প্ৰশ্ন ঘন্টা উঠাই লোৱাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমন কৰি অহা কংগ্ৰেছে এই বিষয়টোও সংসদৰ অধিবেশনত উত্থাপন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ছোনিয়াৰ অনুপস্থিতিত দলটোৱে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.