ETV Bharat / bharat

উত্তৰাখণ্ডত প্ৰকৃতিৰ সংহাৰী ৰূপ : ঠায়ে ঠায়ে সংঘটিত ডাৱৰ বিস্ফোৰণ

author img

By

Published : Aug 18, 2019, 7:57 PM IST

উত্তৰাখণ্ডত প্ৰকৃতিৰ সংহাৰী ৰূপ, ঠায়ে ঠায়ে সংঘটিত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ ৷ ৰাজ্যখনৰ মোৰিত সংঘটিত হয় শক্তিশালী ডাৱৰ বিস্ফোৰণ ৷ ডাৱৰ বিস্ফোৰণৰ ফলতে সংঘটিত হোৱা ভূমিস্খলনে উটুৱাই নিয়ে যান-বাহনকে ধৰি মূল্যৱান সামগ্ৰী ৷

নিউজ ডেস্ক, 18 আগষ্ট : দেওবাৰে দেৱভূমি উত্তৰাখণ্ডত সংঘটিত হয় প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ ৷ ৰাজ্যখনৰ মোৰিত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত বিভিন্ন প্ৰান্তত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে সংঘটিত হয় ভূমিস্খলন ৷ ভূমিস্খলনৰ পিচতেই অঞ্চলত সৃষ্টি হয় বান সদৃশ পৰিস্থিতি ৷ ৰাজ্যখনত সংঘটিত হোৱা প্ৰৱল বৰষুণৰ পিচতেই বিভিন্ন অঞ্চলত এইদৰে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে ধৰমশালা আৰু মোৰিত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ ৷

উত্তৰাখণ্ডত প্ৰকৃতিৰ সংহাৰী ৰূপ, ঠায়ে ঠায়ে সংঘটিত ডাৱৰ বিস্ফোৰণ

অঞ্চলটোত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পিচতেই ৰাজ্যিক আৰু জিলা প্ৰশাসনে উদ্ধাৰকাৰী বাহিনীৰ দল প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে অঞ্চলটোত উপস্থিত হৈছে আই টি বি পি আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰকাৰী দল ৷ উত্তৰ কাশী জিলাৰ জিলা দণ্ডাধীশ আশিষ চৌহানে প্ৰকাশ কৰিছে এই তথ্য ৷ অঞ্চলটোত সংঘটিত হোৱা ধাৰাষাৰ বৰষুণৰ ফলতেই মাকুন্দি আৰু দিগোলী গাঁৱত বহুটো বাসগৃহ উটি যোৱাৰ লগতে বানত আৱদ্ধ হৈ আছে বহুসংখ্যক লোক ৷ আনহাতে গাঁওখনত এতিয়াও দুখনকৈ উপনৈৰে পানী বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ অঞ্চলটোত প্ৰশাসনে হাই এলাৰ্ট ঘোষণা কৰাৰ লগতে বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷

Intro:Body:

উত্তৰাখণ্ডত প্ৰকৃতিৰ সংহাৰী ৰূপ, ঠায়ে ঠায়ে সংঘটিত ডাৱৰ বিস্ফোৰণ 



উত্তৰাখণ্ডত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ ৷ ৰাজ্যখনৰ মোৰিত সংঘটিত হয় শক্তিশালী ডাৱৰ বিস্ফোৰণ ৷ ডাৱৰ বিস্ফোৰণৰ ফলতে সংঘটিত হোৱা ভূমিস্খলনে উটুৱাই নিয়ে যান-বাহনকে ধৰি মূল্যৱান সামগ্ৰী ৷ 



নিউজ ডেস্ক, 18 আগষ্টঃ দেওবাৰে দেৱভূমি উত্তৰাখণ্ডত সংঘটিত হয় শক্তিশালী ডাৱৰ বিস্ফোৰণ ৷ ৰাজ্যখনৰ মোৰিত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ঠায়ে ঠায়ে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে সংঘটিত হয় ভূমিস্খলন ৷ ভূমিস্খলনৰ পিচতেই অঞ্চলত সৃষ্টি হয় বানপানীসদৃশ পৰিস্থিতি ৷ ৰাজ্যখনত সংঘটিত হোৱা প্ৰৱল বৰষুনৰ পিচতেই বিভিন্ন অঞ্চলত এইদৰে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে ধৰমশালা আৰু মোৰিত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ ৷ 



অঞ্চলটোত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পিচতেই ৰাজ্যিক আৰু জিলা প্ৰশাসনে উদ্ধাৰকাৰী বাহিনীৰ দল প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে অঞ্চলটোত উপস্থিত হৈছে আইটিবিপি আৰু এছডিআৰএফ বাহিনীৰ উদ্ধাৰকাৰী দল ৷ উত্তৰকাশী জিলাৰ জিলা দণ্ডাধীশ আশিষ চৌহানে প্ৰকাশ কৰিছে এই তথ্য ৷ অঞ্চলটোত সংঘটিত হোৱা ধাৰাষাৰ বৰষুনৰ ফলতেই মাকুন্দি আৰু দিগোলী গাঁৱত বহুটো বাসগৃহ উটি যোৱাৰ লগতে বানত আৱদ্ধ হৈ আছে বহুসংখ্যক লোক ৷ আনহাতে গাঁৱখনত এতিয়াও দুটাকৈ উপনৈৰে পানী বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ অঞ্চলটোত প্ৰশাসনে হাই এলাৰ্ট ঘোষণা কৰাৰ লগতে বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত আৰু অধিক বৰষুন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.