ETV Bharat / bharat

মৰ্মন্তিক ! ধৰ্ষণকাৰীয়ে জীৱন্তে জ্বলালে যুৱতীক

author img

By

Published : Jul 2, 2020, 7:02 PM IST

ছত্তিছগড়ৰ মুণ্ডেলী জিলাত ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱাৰ প্ৰতিবাদ কৰাৰ বাবে এগৰাকী ব্যক্তিয়ে অগ্নিকাণ্ড সংঘটিত কৰাৰ ফলত এগৰাকী ১৪ বছৰীয়া যুৱতীৰ মৃত্যু হয় । বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য । তথ্য অনুসৰি, ৩০ জুনত মুণ্ডেলী জিলাৰ কোতায়লি থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা ।

chhattisgarh-girl-dies-after-being-set-afire-for-resisting-rape-bid
chhattisgarh-girl-dies-after-being-set-afire-for-resisting-rape-bid

নিউজ ডেস্ক, ২ জুলাই : ছত্তিছগড়ৰ মুণ্ডেলী জিলাত ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱাৰ প্ৰতিবাদ কৰাৰ বাবে এগৰাকী ব্যক্তিয়ে অগ্নিকাণ্ড সংঘটিত কৰাৰ ফলত এগৰাকী ১৪ বছৰীয়া যুৱতীৰ মৃত্যু হয় । বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য । তথ্য অনুসৰি, ৩০ জুনত মুণ্ডেলী জিলাৰ কোতায়লি থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা । ভুক্তভোগী যুৱতী গৰাকীৰ বুধবাৰে চিকিৎসালয়ত মৃত্যু হয় ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযোগকাৰী ববুল ভাস্কৰে মংগলবাৰে যুৱতী গৰাকী অকলে থকা গম পাই ঘৰত প্ৰৱেশ কৰে আৰু যুৱতী গৰাকীক যৌন উৎপীৰন কৰিবলৈ চেষ্টা কৰে । কিন্তু যুৱতি গৰাকীয়ে বাধা দিয়াৰ বাবেই ব্যক্তিজনে যুৱতি গৰাকীক জ্বলাই দিয়ে । অগ্নিকাণ্ডৰ পিচত যুৱতি গৰাকীয়ে সহায়ৰ বাবে ঘৰৰ পৰা বাহিৰলৈ আহি চিঞৰিবলৈ ধৰে । স্থানীয় লোকে যুৱতি গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তী কৰে যদিও মংগলবাৰে যুৱতি গৰাকীয়ে মৃত্যুক সাৱটি ল'বলগীয়া হয় ।

ঘটনাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি আইন ৩০২, ৫০৬ আৰু ৩৫৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ।

chhattisgarh-girl-dies-after-being-set-afire-for-resisting-rape-bid
ধৰ্ষণৰ বিৰোধীতা কৰাৰ বাবেই ছত্তিছগড়ত ধৰ্ষণকাৰীয়ে জ্বলালে যুৱতিক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.