ETV Bharat / bharat

'সুদৰ ওপৰত সুদ' ৰেহাই দিয়াত সন্মতি প্ৰদান কেন্দ্ৰৰ

author img

By

Published : Oct 3, 2020, 2:07 PM IST

'সুদৰ ওপৰত সুদ' ৰেহাই দিয়াত সন্মতি প্ৰদান কেন্দ্ৰৰ
'সুদৰ ওপৰত সুদ' ৰেহাই দিয়াত সন্মতি প্ৰদান কেন্দ্ৰৰ

ঋণ লোৱা লোকৰ বাবে ডাঙৰ সকাহ । স্থগিত ঋণৰ 'সুদৰ ওপৰত সুদ' আদায় দিব নালাগে ঋণ লোৱা লোকে । 2 কোটি টকা পৰ্যন্ত ঋণ লোৱা লোকৰ 'সুদৰ ওপৰত সুদ' ৰেহাই দিয়াত সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে । শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ক এই কথা স্পষ্ট কৰি দিয়ে বিত্ত মন্ত্ৰালয়ে ।

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে স্থগিত ঋণৰ 'সুদৰ ওপৰত সুদ' ৰেহাই দিয়াত সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰই । শুক্ৰবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ক জনাইছে যে, MSME আৰু ব্যক্তিগতভাৱে ঋণ লোকৰ বাবে 'সুদৰ ওপৰত সুদ' ৰেহাই দিবলৈ সাজু । 2 কোটি টকা পৰ্যন্ত ঋণ লোৱা লোকে এই সুবিধা লাভ কৰিব । উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত বিভাগটোৱে জনায় যে, ক্ষুদ্ৰ ঋণগ্ৰহণকাৰীৰ ক্ষেত্ৰত পৰম্পৰা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰালয়ে ।

MSME ঋণ, শিক্ষা ঋণ, বাসগৃহ প্ৰস্তুতৰ ঋণ, ক্ৰেডিট কাৰ্ডৰ বকেয়া, অট' ঋণ, পেচাধাৰীৰ বাবে ব্যক্তিগত ঋণ আদিৰ ক্ষেত্ৰত 'সুদৰ ওপৰত সুদ' এতিয়াৰে পৰা প্ৰযোজ্য নহয় । অৱশ্যে এই সকলোবোৰ ঋণৰ মুঠ ধনৰাশি 2 কোটিতকৈ অধিক হ'ব নোৱাৰিব । উল্লেখ্য যে, লকডাউনৰ বাবে সৃষ্টি হোৱা সংকটৰ সময়ত জনসাধাৰণক সকাহ দিয়াৰ বাবে ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা 6 মাহ পৰ্যন্ত ঋণ পৰিশোধ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছিল । যোৱা 27 মাৰ্চত ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকাম দাসে এই ঘোষণা কৰে ।

কিন্তু এই ঘোষণাৰ কিছুদিন পিছতে কিছুমান বেংকে ঋণ লোৱা লোকৰ পৰা 'সুদৰ ওপৰত সুদ' সংগ্ৰহ কৰে । এই কাৰ্যৰ বিৰোধিতা কৰি ভুক্তভোগী উচ্চতম ন্যালায়ৰ দ্বাৰস্থ হয় । উচ্চতম ন্যায়ালয়ৰ শুনানিত নিজৰ মন্তব্য আগবঢ়াই বেংকসমূহে কয় যে, সুদবিহীনভাৱে ঋণ স্থগিত কৰিলে বেংকে লোকচানৰ জোৰা মাৰিব নোৱাৰিব । ৰিজাৰ্ভ বেংকেও এই কথাত সন্মতি দিয়ে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগীৰ গোচৰৰ বিৰোধিতা কৰে আৰু বেংকৰ পক্ষত নিজৰ মতামত প্ৰকাশ কৰে । ষ্টেট বেংকৰ উদাহৰণ দি কেন্দ্ৰই কয় যে, 6 মাহৰ বাবে সুদ ৰেহাই দিলে বেংকৰ শুল্কৰ আধাৰো অধিক ধনৰ লোকচান হ'ব, যিখিনি জমা কৰোঁতে 65 বছৰ সময়ৰ প্ৰয়োজন হৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক লৈ তীব্ৰ সমলোচনা কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণৰ খণ্ড বিচাৰপীঠে । লগতে কেন্দ্ৰই ইচ্ছা কৰিলে বেংকসমূহক কিস্তি পিছুৱাই দিয়াৰ বাবে অতিৰক্ত ধন আৰু 'সুদৰ ওপৰত সুদ' লোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়াৰ অধিকাৰ আছে বুলিও পৰামৰ্শ আগবঢ়ায় । সমগ্ৰ বিষয় পুনৰ বিবেচনা কৰি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আদালতে কেন্দ্ৰক উপদেশ দিয়ে । ইয়াৰ পিছতে কেন্দ্ৰই বিবেচনা কৰি 'সুদৰ ওপৰত সুদ' ৰেহাই দিয়াত সন্মতি প্ৰকাশ কৰে ।

লগতে পঢ়ক : বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.