ETV Bharat / bharat

বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Oct 3, 2020, 1:06 PM IST

Updated : Dec 28, 2022, 3:31 PM IST

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম পথ সুৰংগটো মুকলি কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ অটল টানেল
বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, 3 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে উদ্বোধন কৰিলে বিশ্বৰ ভিতৰতে তথা দেশৰ ভিতৰতে দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ প্ৰসিদ্ধ ৰোহটাং পাছ ৷ বিগত বৰ্ষত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে ইয়াৰ নাম অটল টানেল ৰাখিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

9.02 কিলোমিটাৰ দীঘল এইটো সুৰংগ ভাৰতীয় আভিযান্ত্ৰিকীৰ এক উৎকৃষ্ট নমুনা যাৰ নিৰ্মাণকাৰ্যত প্ৰায় 10 বছৰ সময় খৰচ হৈছে ৷ এই সুৰংগটো মুকলি কৰাৰ পিচতেই এতিয়া বছৰৰ ছমাহ ধৰি সংযোগ বিচ্ছিন্ন হৈ থকা মানালী-লেহ পথৰে বছৰৰ যিকোনো সময়তে যাতায়ত সুচল হৈ উঠাৰ লগতে ভাৰতীয় সামৰিক বাহিনীৰ বাবে বহুখিনি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

হিমালয়ৰ পীৰ-পাঞ্জাল ৰেঞ্জত অত্যাধুনিক প্ৰযুক্তিৰে সাগৰপৃষ্ঠৰ পৰা প্ৰায় 3000 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে সুৰংগটো ৷ এই সুৰংগটোৱে মানালী আৰু লেহৰ মাজৰ দুৰত্ব 46 কিলোমিটাৰ কম কৰাৰ লগতে দুয়োখন স্থানৰ মাজৰ যোগাযোগৰ সময় চাৰি ঘন্টালৈ হ্ৰাস কৰে ৷

প্ৰধানমন্ত্ৰী মোডীৰ লগতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ, চিডিএছ জেন. বিপিন ৰাৱাট, স্থলসেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আৰু বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনৰ সকলো বিষয়া ৷

লগতে পঢ়ক : বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

Last Updated : Dec 28, 2022, 3:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.